স্বামী শাৰীৰিকভাৱে দুৰ্বল, সুযোগ ল’লে বৰজনাই! বিয়াৰ ৬ মাহ পাছতেই মহিলাৰ আগত ডাঙৰ সত্য…

এগৰাকী মহিলাই স্বামী আৰু বৰজনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই মহিলাগৰাকী প্ৰায় ৬ মাহ আগত বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু এতিয়া তেওঁ কাষ চাপিছে আৰক্ষীৰ।

স্বামী শাৰীৰিকভাৱে দুৰ্বল, সুযোগ ললে বৰজনাই! বিয়াৰ ৬ মাহ পাছতেই মহিলাৰ আগত ডাঙৰ সত্য...

প্ৰতীকী ফটো

Published: 

09 Oct 2025 16:13 PM

প্ৰায় সকলোৰে নিজৰ বিয়াক লৈ নিজা নিজা কিছুমান আশা থাকে। এনে আশা বুকুত বান্ধিয়ে এগৰাকী যুৱতীয়ে বিয়াত বহিছিল। কিন্তু বিয়াৰ প্ৰায় ৬ মাহ পাছতেই তেওঁ আৰক্ষীৰ কাষ চাপিবলগীয়া হয়। আৰক্ষীৰ ওচৰত উপস্থিত হৈ মহিলাগৰাকীয়ে কয় যে, তেওঁৰ লগত বিশ্বাসঘাটকতা কৰা হৈছে। তেওঁৰ স্বামী নপুংসক। কিন্তু ইয়াৰ পাছত মহিলাগৰাকীয়ে যি কথা ক’লে সেয়া শুনি আচৰিত হৈ পৰে আৰক্ষী। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰাত।

মহিলাগৰাকীয়ে স্বামী আৰু বৰজনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, প্ৰতাৰণা কৰি তেওঁক বিয়া পতা হৈছিল। তেওঁ স্বামী শাৰীৰিকভাৱে দুৰ্বল অৰ্থাৎ নপুংসক। এই কথা বিয়াৰ পূৰ্বে যুৱতীগৰাকী আৰু পৰিয়ালৰ লোকৰ পৰা লুকুৱাই ৰখা হৈছিল। কিন্তু বিয়াৰ পাছত যেতিয়া তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হোৱা নাছিল তেতিয়া তেওঁ আচৰিত হৈছিল। এনে অৱস্থাত তেওঁ স্বামীক চিকিৎসকৰ ওচৰলৈ যাবলৈ কয়। পিছে স্বামীয়ে চিকিৎসকৰ ওচৰত যোৱাৰ সলনি পত্নীক মাৰপিট, গালি-গালাজ কৰে।

মহিলাগৰাকীয়ে আৰু কয় যে, এই সকলোবোৰৰ সুযোগ লৈছিল স্বামীৰ ককায়েক অৰ্থাৎ বৰজনাই। তেওঁ কেইবাবাৰো মহিলাগৰাকীক অশ্লীল ইংগিত দিয়াৰ লগতে শাৰীৰিক নিৰ্যাতন কৰিছে। আনকি যৌতুকৰ দাবীত মাৰপিট কৰে।

৬ মাহৰ আগতে বিয়া হৈছিল

মহিলাগৰাকীয়ে জগদীশপুৰা থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা অনুসৰি, ৬ মাহ পূৰ্বে মহিলাগৰাকীৰ বিয়া হৈছিল। বিয়াৰ পাছতে তেওঁ গম পাইছিল স্বামী শাৰীৰিকভাৱে দুৰ্বল বুলি। যেতিয়া তেওঁ স্বামীক চিকিৎসকৰ ওচৰলৈ যাবলৈ কৈছিল তেতিয়া মাৰপিট কৰিছিল।

এই সকলোবোৰৰ সুযোগ গ্ৰহণ কৰে বৰজনাই। তেওঁ মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন কৰাৰ লগতে মাৰপিট কৰে। যেতিয়া মহিলাগৰাকীয়ে শহুৰেকৰ আগত এই কথা কয় তেতিয়া পৰিয়ালৰ লোকে তেওঁক যৌতুকৰ দাবী কৰি ঘৰৰ পৰা উলিয়াই দিয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ পুত্ৰৰ নামত কলংক! নিৰ্জন স্থানলৈ মাতি নিলে পিতৃক, পাছত ভয়ংকৰ কাণ্ড…

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...