ভয়ংকৰ! শৰীৰত নাইটী, হাতত বেণ্ডেজ আৰু ভৰিত ১২ টা গজাল, কেনেকৈ মৃত্যু হ’ল মহিলাগৰাকীৰ…

এক ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই এটা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰৰ সময়ত যুৱতীগৰাকীৰ ভৰিত গজালেৰে বিন্ধোৱা আছিল।

ভয়ংকৰ! শৰীৰত নাইটী, হাতত বেণ্ডেজ আৰু ভৰিত ১২ টা গজাল, কেনেকৈ মৃত্যু হল মহিলাগৰাকীৰ...

প্ৰতীকী ফটো

Published: 

06 Mar 2025 10:46 AM

এক ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অতি নৃশংসভাৱে হত্যা কৰা হয়। উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ মৃতদেহটোৰ ভৰিত ১২ টাকৈ গজাল মৰা নাছিল। অৱশ্যে মৃতদেহটো কাৰ , কোনে হত্যা কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু এই মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলয়ত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। একাংশৰ মতে তন্ত্ৰ-মন্ত্ৰৰ লগত জড়িত ক্ৰিয়াৰ বাবে এই ঘটনা সংঘটিত হৈছে। ইয়াৰোপৰি একাংশৰ মতে চিকিৎসাৰ সময়ত মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু পাছত মৃতদেহটো পেলাই দিয়া হৈছে। এই নৃশংস ঘটনা সংঘটিত হৈছে বিহাৰৰ নালন্দাত।

মৃত যুৱতীগৰাকীৰ বয়স ২৬ বছৰ মান হ’ব পাৰে বুলি আশা কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহাৰ শ্বৰীফ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে, এই ঘটনাটো হৰনাউট ব্লকৰ অন্তৰ্গত ছৰথা পঞ্চায়তৰ বাহাদুৰপুৰ গাঁৱৰ। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে গাঁৱৰ একাংশ লোক ৰাজপথৰ কাষৰ ঘন অৰণ্যত এটা মৃতদেহ দেখিবলৈ পায়। সেই সময়ত মহিলাগৰাকীৰল শৰীৰত এটা নাইটি আছিল, ইয়াৰ লগতে হাতত বেণ্ডেজ আৰু দুয়োখন ভৰিত ৬ টাকৈ গজাল মৰা আছিল। মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

 

যুৱতীগৰাকী

যুৱতীগৰাকী কোন, ক’ৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে সামাজিক মাধ্যম আৰু ওচৰৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰি মহিলাগৰাকীৰ চিনাক্তকৰণৰ কাম আৰম্ভ হৈছে। বৰ্তমান মৃতদেহটো সদৰ চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে। শীঘ্ৰেই এই গোচৰ সমাধান হ’ব বুলি জনাই  আৰক্ষী বিষয়াগৰাকীয়ে।

ইয়াৰ বিপৰীতে স্থানীয় লোকে সন্দেহ কৰিছে যে যুৱতীগৰাকীৰ চিকিৎসাৰ সময়ত মৃত্যু হৈছে। কিয়নো তেওঁৰ হাতত বেণ্ডেজ আছিল। হয়তো আৰক্ষীৰ গোচৰৰ পৰা ৰক্ষা পাবলৈ কোনোৱে এই ঠাইত পেলাই থৈ গৈছে। আন একাংশ লোকৰ মতে, যি ধৰণে যুৱতীগৰাকীৰ শৰীৰত গজালৰ ব্যৱহাৰ কৰা হৈছে সেয়া কেৱল কলা যাদু বা ডাইনীৰ লগত জড়িত ঘটনাত কৰা হয়। গতিকে যুৱতীগৰাকী কোনো অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুক সাৱতি ল’ব পাৰে। ইয়াৰোপৰি একাংশৰ মতে, এয়া কোনো প্ৰেমজনিত কাৰণ হ’ব পাৰে। কোনো প্ৰেমিকে সম্ভৱতঃ যুৱতীগৰাকীৰ হত্যা কৰি পেলাই থৈ গৈছে।

অৱশ্যে এয়া কেৱল জল্পনা-কল্পনাহে। যুৱতীগৰাকীৰ মৃত্যুই এতিয়াও অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Related Stories
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত আকৰ্ষণীয় যুঁজ! ইছৰ’ৱে অৰ্জন কৰিলে বিৰল কৃতিত্ব
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
এইবাৰ পাকিস্তানত হ’ব জলবিস্ফোৰণ! ভাৰতে খুলি দিলে চেনাব নদীৰ বান্ধ…
সীমান্ত-সাগৰৰ পৰা দেশৰ ভিতৰলৈ… মাত্ৰ ৩৫ মিনিটতে শেষ হৈ গ’ল সকলো! ভাৰতৰ পৰিকল্পনা দেখি নিৰ্বাক পাকিস্তান
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?