যুৱতীয়ে বিচাৰিছিল সহায়! প্ৰেমিকে লৈ গ’ল জংঘললৈ, পাছত দুই বন্ধুৰ সৈতে মিলি জঘন্য কাণ্ড…

এগৰাকী যুৱতীৰ নিজ প্ৰেমিকে বাইকত উঠাই লৈ যায়। পাছত জঘন্য কাণ্ড সংঘটিত কৰে। এই কাণ্ডত তেওঁৰ অন্য বন্ধুও জড়িত হৈ আছিল। ঘটনাই সমগ্ৰ অঞ্চল জোকাৰি গৈছে। সমগ্ৰ কাণ্ড সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত।

যুৱতীয়ে বিচাৰিছিল সহায়! প্ৰেমিকে লৈ গল জংঘললৈ, পাছত দুই বন্ধুৰ সৈতে মিলি জঘন্য কাণ্ড...

প্ৰতীকি ফটো

Published: 

21 Aug 2025 | 09:44 AM

হেল্ল! শুনাচোন, মোৰ লগত বহুত বস্তু আছে মোক ঘৰত থৈ আহা- প্ৰেমিকলৈ প্ৰেমিকাৰ এটা সাধাৰণ ফোন কল। তাৰ পাছতে প্ৰেমিকে প্ৰেমিকাক ঘৰত থৈ আহিবলৈ সেই স্থানত উপস্থিত হয়। কিন্তু সেই যুৱতীগৰাকীয়ে জনা নাছিল যে ইয়াৰ পৰিণাম কিমান ভয়ংকৰ হ’ব। প্ৰেমিকাই সহায় বিচাৰি আছিল যদিও প্ৰেমিকৰ মনত চলি আছিল অন্য কিবা। প্ৰেমিকাৰ কথা মতে যুৱকজন সেই স্থানত উপস্থিত হয় আৰু বাইকত উঠাই লৈ আনে।

যুৱকজনে যুৱতীগৰাকীক এটা জংঘলৰ ৰাস্তাৰে লৈ যায়। তেতিয়া প্ৰেমিকাই প্ৰশ্ন কৰে যে- এই ৰাস্তাৰে কিয় আহিছা? উত্তৰত প্ৰেমিকে তেওঁক বাইকৰ পৰা নামিবলৈ কয়। একো নাভাবি যুৱতীগৰাকী বাইকৰ পৰা নামে। কিন্তু সেই সময়তে সেই স্থানত যুৱকজনৰ অন্য দুজন বন্ধুও আহি ওলায়। পাছত তিনিও মিলি যুৱতীগৰাকীক হাবিৰ মাজলৈ লৈ যায় আৰু দলবদ্ধ ধৰ্ষণ কৰে। এৰি দিবলৈ যুৱতীগৰাকীয়ে কাতৰ অনুৰোধ জনাইছিল যদিও তেওঁলোকে শুনা নাছিল।

যুৱতীগৰাকীয়ে কান্দি কান্দি  কৈছিল যে, মই আৰক্ষীক সকলো কৈ দিম। তোমালোক তিনিওকে জেললৈ পঠিয়াম। এই কথা শুনি তিনিও যুৱতীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰে আৰু পাছত ডিঙি চেপি হত্যা কৰে। ইয়াৰ পাছত মৃতদেহটো বস্তাত ভৰায়। এই কাণ্ড যাতে পোহৰলৈ নাহে তাৰ বাবে তিনিও বস্তাটো টানকৈ বান্ধি এটা নলাত পেলাই দিয়ে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ কোৰবাৰত।

যেতিয়া যুৱতীগৰাকী ঘৰলৈ উভতি অহা নাছিল তেতিয়া পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। ঘটনাৰ প্ৰায় তিনি দিনৰ পাছত তেওঁলোকে যুৱতীগৰাকীৰ নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে। পৰিয়ালে জনোৱা মতে, ৩৫ বছৰীয়া যুৱতীগৰাকীয়ে ঘৰৰ খাদ্য সামগ্ৰী আনিবলৈ দোকানলৈ গৈছিল। কিন্তু তাৰ পৰা তেওঁ ঘূৰি নাহিল। পাছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে ৪৫ বছৰীয়া উমেন্দ্ৰ প্ৰসাদ বিনঝিয়াক আটক কৰে। আৰক্ষীয়ে জানিব পাৰিছিল যে তেওঁৰ লগতে যুৱতীগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল। ইয়াৰ পাছত উমেন্দ্ৰই আৰক্ষীৰ ওচৰত সকলো খুলি কয়। তেওঁ কয় যে,  দুই বন্ধু সন্তৰাম ওৰফে ছোতু (২৮) আৰু গুলাম সিঙৰ সৈতে মিলি তেওঁ নিজ প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল। তাৰ পিছত যুৱতীগৰাকীক হত্যা কৰিছিল।  এই ঘটনাৰ প্ৰায় ২৪ দিন পাছত (২০ আগষ্ট) যুৱতীগৰাকীৰ কংকাল উদ্ধাৰ হয়।

উল্লেখ্য যে, এই হত্যাকাণ্ডৰ ঘটনা ২৮ জুলাইত সংঘটিত হৈছিল। আৰক্ষীক অভিযুক্তই জনোৱা অনুসৰি সেইদিনা যুৱতীগৰাকীয়ে তেওঁক ফোন কৰি ঘৰত থৈ আহিবলৈ কৈছিল। তাৰ পাছতে এই কাণ্ড সংঘটিত হৈছিল। জানিব পৰা মতে, আৰক্ষীয়ে তেওঁৰ এজন বন্ধুক গ্ৰেপ্তাৰ কৰিছে যদিও আন এজন পলাতক অৱস্থাত আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ প্ৰকৃততে কি হৈছিল? এটা কোঠাত উদ্ধাৰ এগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃতদেহ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...