স্বামীৰ ওপৰত সন্দেহ কৰি হোটেল পালেগৈ মহিলা, দুই যুৱতীৰ সৈতে উদ্ধাৰ…

মহিলাগৰাকী আৰু আৰক্ষীৰ দলটোৱে হোটেলখনত অভিযান চলায়। আৰক্ষীয়ে অভিযুক্তজন উপস্থিত থকা কোঠাটোত উপস্থিত হৈ দুৱাৰত টোকৰ মাৰে। তেতিয়াই বাহিৰত আৰক্ষী থকা কথাৰ উমান পাই অভিযুক্তই। 

স্বামীৰ ওপৰত সন্দেহ কৰি হোটেল পালেগৈ মহিলা, দুই যুৱতীৰ সৈতে উদ্ধাৰ...

ঘটনাস্থলী

Published: 

15 Aug 2024 21:06 PM

বহু সময়ত ছ’চিয়েল মিডিয়াত কিছুমান ভিডিঅ’ ভাইৰেল হয়। এনে এক ঘটনাই পুনৰ ভাইৰেল হৈছে য’ত এজন স্বামীক ২ যুৱতীৰ লগত হাতে লোটে ধৰা পেলাই পত্নীয়ে। ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত হোটেলত এই ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে  কোঠাত দুগৰাকী ছোৱালীৰ সৈতে  সময় পাৰ কৰি থকাৰ মাজতে উক্ত স্থানত আৰক্ষীৰ সতে উপস্থিত হয় পত্নী। স্বামীৰ ওপৰত সন্দেহ প্ৰকাশ কৰিয়েই হোটেলখনলৈ আৰক্ষী লৈ গৈছিল মহিলাগৰাকীয়ে।  কিন্তু যেতিয়া ২ যুৱতীৰ সৈতে স্বামীক পত্নীয়ে দেখা পাই তেতিয়া হোটেলখনত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।

আৰক্ষীয়ে কোঠাটোৰ ভিতৰত দুগৰাকী যুৱতীৰ লগতে বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত আছিল সুৰাৰ বটল, চিগাৰেটৰ পেকেট, আৰু এটা খোলা কণ্ডমৰ পেকেট।

পত্নীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত স্বামীক আটক কৰি ৰাখিছে স্বামীয়ে। আনহাতে কোঠাটোত উদ্ধাৰ হোৱা যুৱতী দুগৰাকীৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল গৈ পৰিছে। ঘটনাটো ভুৱনেশ্বৰৰ পাটিয়া অঞ্চলৰ এখন হোটেলত সংঘটিত হৈছে। এই বিষয়ত ইনফ’চিটি আৰক্ষীয়ে তদন্ত কৰি আছে। জানিব পৰা মতে স্বামীৰ কাম-কাজত পত্নীয়ে সন্দেহ প্ৰকাশ কৰাৰ পৰাই এই ঘটনাৰ সূত্ৰপাত হয়।

প্ৰথমে পত্নীয়ে ইনফ’চিটি আৰক্ষীৰ সৈতে যোগাযোগ কৰি স্বামীৰ এই কাৰ্যৰ বিষয়ে অৱগত কৰে। তথ্য লাভ কৰাৰ পিছতে মহিলাগৰাকী আৰু আৰক্ষীৰ দলটোৱে হোটেলখনত অভিযান চলায়। আৰক্ষীয়ে অভিযুক্তজন উপস্থিত থকা কোঠাটোত উপস্থিত হৈ দুৱাৰত টোকৰ মাৰে। তেতিয়াই বাহিৰত আৰক্ষী থকা কথাৰ উমান পাই অভিযুক্তই।  বহু সময় ধৰি তেওঁলোকে দুৱাৰ নোখোলে যদিও হোটেলৰ কৰ্মচাৰী আহি দুৱাৰ খুলি দিয়ে।

আৰক্ষীয়ে অভিযুক্তক আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰে আৰু বাথৰুমত লুকাই থকা অৱস্থাত দুই যুৱতীক উদ্ধাৰ কৰে। আৰক্ষীয়ে অভিযুক্তক জেৰা কৰাৰ সময়ত তেওঁ কয় যে  তেওঁলোকে কিবা কামৰ বাবে হোটেললৈ আহিছিল আৰু পত্নীয়ে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে।  বৰ্তমান আৰক্ষীয়ে আটাই কেইজনকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...
মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!