এইবাৰ অভিযুক্ত বিজেপি নেতা! ৪৭ বৰ্ষীয় মহিলাই তুলিলে অভিযোগ, গোচৰ ৰুজু

বিজেপি নেতা অৰুণ কুমাৰ পুথিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ৪৭ বছৰীয়া মহিলাই। পুথিলাই বাংগালুৰুৰ এখন হোটেলত তেওঁক যৌন নিৰ্যাতন কৰাৰ লগতে এই কাৰ্যৰ ভিডিঅ’ বনাই পিছত ব্লেকমেইলিং কৰি অহা বুলি মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

এইবাৰ অভিযুক্ত বিজেপি নেতা! ৪৭ বৰ্ষীয় মহিলাই তুলিলে অভিযোগ, গোচৰ ৰুজু

অভিযুক্ত বিজেপি নেতা অৰুণ কুমাৰ পুথিলা

Published: 

02 Sep 2024 | 04:55 PM

ইটোৰ পিছত সিটোকৈ ধৰ্ষণ তথা নাৰীজনিত অপৰাধৰ ঘটনাই জোকাৰিছে দেশ। শেহতীয়া কলকাতা কাণ্ডক কেন্দ্ৰ কৰি এতিয়াও প্ৰতিবাদত জ্বলি আছে দেশ। দোষীৰ শাস্তিৰ দাবীত দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ লোকসকলে। আনহাতে সহকৰ্মী চিকিৎসকগৰাকীৰ ন্যায়ৰ সমান্তৰালকৈ দোষীৰ শাস্তিৰ দাবীত দেশজুৰি প্ৰতিবাদ গঢ়ি তুলিছে চিকিৎসকসকলেও। কলকাতাৰ এই চিকিৎসক ধৰ্ষণ তথা হত্যাকাণ্ডক লৈ দেশত এনে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ পিছতো পিছে হ্ৰাস পোৱা নাই এনে নাৰীজনিত অপৰাধৰ ঘটনা। দৈনিক পোহৰলৈ আহিছে এনে ঘটনাৰ খবৰ।

তাৰ মাজতে এইবাৰ বিজেপিৰ এগৰাকী নেতাৰ বিপক্ষে। এগৰাকী ৪৭ বছৰীয়া মহিলাই কৰ্ণাটকৰ বিজেপি নেতা অৰুণ কুমাৰ পুথিলাৰ বিৰুদ্ধে উত্থাপন কৰিছে যৌন নিৰ্যাতনৰ অভিযোগ। এই অভিযোগ সন্দৰ্ভত দক্ষিণ কানাড়া মহিলা থানাত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। মহিলাগৰাকীয়ে লগতে পুথিলাৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপন কৰিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে এই যৌন নিৰ্যাতনৰ সময়ত পুথিলাই এই কাণ্ডৰ ফটো তোলাৰ লগতে মোবাইল যোগে ভিডিঅ’ বনাইছিল। ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাত অভিযুক্ত পুথিলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে এই ঘটনা বিগত বৰ্ষৰ জুন মাহত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অভিযোগ মতে বিগত বৰ্ষৰ জুন মাহত বিজেপি নেতা অৰুণ কুমাৰ পুথিলাই তেওঁক সাক্ষাতৰ বাবে বাংগালুৰুৰ এখন হোটেললৈ মাতিছিল। পুথিলাক বিশ্বাসক লৈ তেওঁৰ আমন্ত্ৰণ মৰ্মেই বাংগালুৰুৰ পাই ভিষ্টা নামৰ এখন হোটেললৈ যোৱা বুলি মহিলাগৰাকীয়ে অভিযোগত উল্লেখ কৰিছে। কিন্তু তেওঁৰ এই বিশ্বাসৰ সুযোগ লৈ পুথিনাই তেওঁক হোটেলৰ কোঠালৈ নি যৌন নিৰ্যাতন চলাইছিল বুলি মহিলাগৰাকীয়ে অভিযোগ কৰে।

তেওঁ লগতে দাবী কৰা মতে, এই কাৰ্যৰ ভিডিঅ’ বনাই পুথিলাই তেওঁক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। পুথিলাৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ লগতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন কৰিছে মহিলাগৰাকীয়ে। ইফালে মহিলাগৰাকীৰ এই অভিযোগক লৈ ব্যাপক চৰ্চা আৰম্ভ হোৱাৰ পিছতে বিজেপি নেতাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত এই সকলো অভিযোগ অস্বীকাৰ কৰিছে।

এই সকলো অভিযোগক ভুৱা আখ্যা দি বিজেপি নেতাগৰাকীয়ে নিজকে নিৰ্দোষী বুলি দাবী কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে কৰা এই ষড়যন্ত্র উদঙাই দিব বুলি মন্তব্য কৰে৷ ৰাজনৈতিক বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ ৰচনা কৰিছে বুলিও পুথিলাই দাবী কৰে। উল্লেখ্য যে ২০২৩ চনৰ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল পুথিলাই। অৱশ্যে নিৰ্বাচনৰ পিছত তেওঁ পুনৰ বিজেপিত যোগদান কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব