ট্ৰেইনত উঠি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন এগৰাকী মহিলা; খালী দবাত কি ঘটিল তেওঁৰ লগত ?

মাজনিশা দূৰণিবটীয়া ট্ৰেইনখনৰ পৰা নামি মহিলাগৰাকী উঠিল আন এখন ট্ৰেইনত । সেই সময়ত দবাটোত নাছিল কোনো, এটা কুলিৰ বাহিৰে । তাৰ পিছতেই ঘটিল অভাৱনীয় ঘটনাটো...

ট্ৰেইনত উঠি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন এগৰাকী মহিলা; খালী দবাত কি ঘটিল তেওঁৰ লগত ?

প্ৰতিনিধিত্বমূলক ছবি

Published: 

04 Feb 2025 17:10 PM

পুনৰ ট্ৰেইনত ধৰ্ষণৰ বলি এগৰাকী মহিলা । ট্ৰেইনৰ দবাত কোনো অকলে পাই মহিলাক ধৰ্ষণৰ অভিযোগ । এটা কুলিৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ । ইতিমধ্যে গ্ৰেপ্তাৰ অভিযুক্তক । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ।

এই জঘন্য ঘটনা সংঘটিত হৈছে মুম্বাইৰ বান্দ্ৰা ষ্টেচনত । যোৱা ১ ফেব্ৰুৱাৰী শনিবাৰে মাজনিশা এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ এখন ট্ৰেইনেৰে আহি বান্দ্ৰা ষ্টেচনত উপস্থিত হয় । সেই ট্ৰেইনৰ পৰা নামি মহিলাগৰাকী আন এখন ট্ৰেইনত উঠে । সেইসময়ত ট্ৰেইনখনৰ দবাটোত মহিলাগৰাকীৰ বাহিৰে আছিল মাত্ৰ এজন কুলি ।

অকলশৰীয়া মহিলাগৰাকীক পাই কুলিটোৱে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । জঘন্য কাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰে কুলিটোৱে । ৰক্তাক্ত অৱস্থাত মহিলাগৰাকীয়ে বান্দ্ৰা ৰেল আৰক্ষী থানাত অভিযোগ দাখিল কৰে । ৰেলৱে’ আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তক চিনাক্ত কৰে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে । ধৰ্ষণৰ অপৰাধৰ ধাৰাত গোচৰ ৰুজু অভিযুক্তৰ বিৰুদ্ধে ।

উল্লেখ্য যে কিছুদিন পূৰ্বেও নৱী মুম্বাই ৰেল ষ্টেচনত এগৰাকী নাবালিকাক উদ্ধাৰ কৰা হৈছিল । নিশা ৰেল ষ্টেচনত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

মন কৰিবলগীয়া যে কিছু বছৰ পূৰ্বে অসমত দুটাকৈ এনে ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল । চলন্ত ট্ৰেইনত ধৰ্ষণৰ বলি হৈছিল দুগৰাকীকৈ মহিলা । ট্ৰেইনৰ শৌচাগাৰত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ । বিকাশ দাস, বিপিন পাণ্ডে নামৰ দুটা অভিযুক্তক সেই সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই গোচৰত । এগৰাকী যুৱতী ছাত্ৰী আৰু এগৰাকী মহিলাক প্ৰায় একে পন্থাৰেই ধৰ্ষণ কৰি হত্যা কৰা হৈছিল চলন্ত ট্ৰেইনত । এদিনৰ অগা-পিচাকৈ ঘটিছিল এই ঘটনা ।

 

এটা শালিকা মানেই অশুভ, এযোৰ শালিকা মানেই শুভ! জ্যোতিষ শাস্ত্ৰই কি কয় এই বিষয়ত…
মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল