ট্ৰেইনত উঠি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন এগৰাকী মহিলা; খালী দবাত কি ঘটিল তেওঁৰ লগত ?

মাজনিশা দূৰণিবটীয়া ট্ৰেইনখনৰ পৰা নামি মহিলাগৰাকী উঠিল আন এখন ট্ৰেইনত । সেই সময়ত দবাটোত নাছিল কোনো, এটা কুলিৰ বাহিৰে । তাৰ পিছতেই ঘটিল অভাৱনীয় ঘটনাটো...

ট্ৰেইনত উঠি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন এগৰাকী মহিলা; খালী দবাত কি ঘটিল তেওঁৰ লগত ?

প্ৰতিনিধিত্বমূলক ছবি

Published: 

04 Feb 2025 | 05:10 PM

পুনৰ ট্ৰেইনত ধৰ্ষণৰ বলি এগৰাকী মহিলা । ট্ৰেইনৰ দবাত কোনো অকলে পাই মহিলাক ধৰ্ষণৰ অভিযোগ । এটা কুলিৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ । ইতিমধ্যে গ্ৰেপ্তাৰ অভিযুক্তক । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ।

এই জঘন্য ঘটনা সংঘটিত হৈছে মুম্বাইৰ বান্দ্ৰা ষ্টেচনত । যোৱা ১ ফেব্ৰুৱাৰী শনিবাৰে মাজনিশা এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ এখন ট্ৰেইনেৰে আহি বান্দ্ৰা ষ্টেচনত উপস্থিত হয় । সেই ট্ৰেইনৰ পৰা নামি মহিলাগৰাকী আন এখন ট্ৰেইনত উঠে । সেইসময়ত ট্ৰেইনখনৰ দবাটোত মহিলাগৰাকীৰ বাহিৰে আছিল মাত্ৰ এজন কুলি ।

অকলশৰীয়া মহিলাগৰাকীক পাই কুলিটোৱে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । জঘন্য কাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰে কুলিটোৱে । ৰক্তাক্ত অৱস্থাত মহিলাগৰাকীয়ে বান্দ্ৰা ৰেল আৰক্ষী থানাত অভিযোগ দাখিল কৰে । ৰেলৱে’ আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তক চিনাক্ত কৰে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে । ধৰ্ষণৰ অপৰাধৰ ধাৰাত গোচৰ ৰুজু অভিযুক্তৰ বিৰুদ্ধে ।

উল্লেখ্য যে কিছুদিন পূৰ্বেও নৱী মুম্বাই ৰেল ষ্টেচনত এগৰাকী নাবালিকাক উদ্ধাৰ কৰা হৈছিল । নিশা ৰেল ষ্টেচনত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

মন কৰিবলগীয়া যে কিছু বছৰ পূৰ্বে অসমত দুটাকৈ এনে ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল । চলন্ত ট্ৰেইনত ধৰ্ষণৰ বলি হৈছিল দুগৰাকীকৈ মহিলা । ট্ৰেইনৰ শৌচাগাৰত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ । বিকাশ দাস, বিপিন পাণ্ডে নামৰ দুটা অভিযুক্তক সেই সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই গোচৰত । এগৰাকী যুৱতী ছাত্ৰী আৰু এগৰাকী মহিলাক প্ৰায় একে পন্থাৰেই ধৰ্ষণ কৰি হত্যা কৰা হৈছিল চলন্ত ট্ৰেইনত । এদিনৰ অগা-পিচাকৈ ঘটিছিল এই ঘটনা ।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...