অন্ধবিশ্বাসৰ চৰম পৰিণতি! ডাইনীৰ সন্দেহত এই স্থানত প্ৰাণ হেৰুৱালে ১৮০০ লোকে…..

বিহাৰৰ পূৰ্ণিয়াত সংঘটিত নৃশংস হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। অঞ্চলটোত ডাইনীৰ সন্দেহত একাংশ উন্মত্ত লোকৰ জিঘাংসাৰ বলি হৈ প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰ পাঁচজনকৈ লোকে। দেশত এনে ঘটনা এয়াই প্ৰথম নহয়। পৰিসংখ্যা অনুসৰি দেশৰ এক স্থানত যোৱা ২০ বছৰত এনে ঘটনাত ১৮০০ লোকে প্ৰাণ হেৰুৱাইছে।

অন্ধবিশ্বাসৰ চৰম পৰিণতি! ডাইনীৰ সন্দেহত এই স্থানত প্ৰাণ হেৰুৱালে ১৮০০ লোকে.....

অন্ধবিশ্বাসৰ চৰম পৰিণতি

Published: 

08 Jul 2025 16:01 PM

বিহাৰৰ পূৰ্ণিয়াত সংঘটিত নৃশংস হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ দেশ অঞ্চলটোত ডাইনীৰ সন্দেহত একাংশ উন্মত্ত লোকৰ জিঘাংসাৰ বলি হৈ প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰ পাঁচজনকৈ লোকে শতাধিক লোকৰ সন্মুখত কেৱল মাত্ৰ অন্ধবিশ্বাসৰ বাবেই জীৱন্তে জ্বলাই দিয়া পাঁচজন ব্যক্তিক এই ঘটনাই পুনৰ এবাৰ প্ৰতিফলিত কৰিছে দেশৰ নানা প্ৰান্তত এতিয়াও শিপাই থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভয়াৱহ ছবিখন অৱশ্যে অন্ধবিশ্বাসৰ নামত সংঘটিত হোৱা এনে জঘন্য হত্যাকাণ্ড এয়াই প্ৰথম নহয় দেশৰ ভিন্নস্থানৰ লগতে অসমতো এনে ঘটনাৰ উদাহৰণ আছে

সাধাৰণতে দেশৰ বহু ভিতৰুৱা অঞ্চলত অন্ধবিশ্বাস ইমানেই গভীৰভাৱে শিপাই আছে যে প্ৰচলিত কিছুমান ধ্যান ধাৰণাৰ নামত এনে প্ৰান্তীয় অঞ্চলৰ লোকসকল যিকোনো পৰ্যায়লৈ যাব পাৰে নিৰক্ষৰতাৰ বাবে সজাগতামূলক কাৰ্যসূচীও এনে কিছুমান অঞ্চলত প্ৰায় বিফল হিচাপে প্ৰমাণিত হৈছে। যাৰ ফলস্বৰূপে সংঘটিত হয় পূৰ্ণিয়াৰ দৰে এনে হৃদয় বিদাৰক ঘটনা

বিহাৰৰে ৰোহতাছত চলিত বৰ্ষৰ এপ্ৰিল মাহত এগৰাকী বৃদ্ধ জনজাতীয় মহিলাক ডাইনীৰ সন্দেহত হত্যা কৰা হৈছিল। তাৰ পূৰ্বে মাৰ্চ মাহত জামুইত এহাল বৃদ্ধ দম্পতীক ডাইনীৰ সন্দেহতে গণপ্ৰহাৰ কৰি হত্যা কৰা হৈছিল। বিহাৰৰ ইতিহাসত কেইবছৰমানৰ পূৰ্বে এনেধৰণৰ ঘটনাত একেলগে বহু লোকে প্ৰাণ হেৰুওৱাৰ উদাহৰণ আছে

এসময়ত বিহাৰৰ অংগ হিচাপে থকা আৰু এতিয়া এক সুকীয়া ৰাজ্য হিচাপে গঠন হোৱা ঝাৰখণ্ডত এইক্ষেত্ৰত এক উদ্বেগজনক পৰিসংখ্যা প্ৰকাশ পাইছে যোৱা ২০ বছৰত ঝাৰখণ্ডত এই ডাইনী সন্দেহৰ ভিত্তিত প্ৰায় ১৮০০ লোকক হত্যা কৰা বুলি পৰিসংখ্যা পোহৰলৈ আহিছে অৰ্থাৎ প্ৰতি তৃতীয় দিনত ৰাজ্যখনত এজন ব্যক্তি এনে অন্ধবিশ্বাসৰ চিকাৰ হৈছে

বিহাৰতো এনে ঘটনা কম নহয় ১৯৯৬ চনত ভোজপুৰৰ বাথানি টোলা গাঁৱত ৰড়বীৰ সেনাই ২১ জন দলিতক এনে সন্দেহত জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল। ইয়াৰ পিছৰ বছৰতে অৰ্থাৎ ১৯৯৭ চনত আৰৱাল জিলাৰ লক্ষ্মণপুৰ বাথে গাঁৱত ৫৮ জন দলিত লোকে অনুৰূপ সন্দেহৰ ফলস্বৰূপে প্ৰাণ হেৰুৱাইছিল। ইফালে ১৯৯২ চনত গয়া জিলাৰ বাৰাত এম চি চি নামৰ এটা বেটেলিয়নে ৪০ জনৰো অধিক ভূমিহাৰক ডিঙি ফালি হত্যা কৰিছিল।

ডাইনীৰ সন্দেহত নীৰিহ লোকক হত্যাৰ বহু ঘটনা ঝাৰখণ্ডত সংঘটিত হৈছে কেৱল ২০১৫ চনৰ পৰা ২০২০ চনলৈকে এনেধৰণৰ ৪৫৫৬টা ডাইনী কাণ্ড সংক্ৰান্তীয় গোচৰ ৰুজু হৈছে ইয়াৰে ২৭২টা গোচৰৰ ক্ষেত্ৰত হত্যাকাণ্ডৰ গোচৰ পঞ্জীয়ন হৈছে। এই ঘটনাসমূহৰ অধিকাংশতে মহিলাক লক্ষ্য কৰি লোৱা হয়। ডাইনীৰ সন্দেহত হত্যাৰ এই ২৭২টা গোচৰৰ ভিতৰত ২১৫টা গোচৰত হত্যাকাণ্ডৰ বলি হৈছে মহিলাৰ।

ঘৰৰ এই কোণটো সদায় খালী ৰাখিব, নহ'লে পৰিয়ালৰ সৰ্বনাশ!
হঠাতে চুলি বেছিকৈ সৰিবলৈ আৰম্ভ কৰিছে নেকি? জানি লওক ই কি ৰোগৰ লক্ষণ
গ্ৰীষ্মকালত খালী পেটত কেতিয়াও নাখাব এইসমূহ খাদ্য...
মানুহৰ লগত অন্যায় কিয় হয়? প্ৰেমানন্দ মহাৰাজে ক’লে...