শুনা নাছিল কথা, খঙতে নিচাযুক্ত ঔষধ খুৱাই পত্নীয়ে কাটিলে স্বামীৰ গোপন অংগ, কেইবাবাৰো ছুৰীৰে…

গাঁওখনৰ বাসিন্দা আনছাৰ আলীয়ে দুবাৰকৈ বিয়া পাতিছিল।যাৰ বাবে তেওঁৰ ঘৰত সঘনাই বিবাদৰ সৃষ্টি হৈছিল। দুয়োগৰাকী পত্নীয়ে প্ৰতিদিনে ঘৰত কাজিয়া কৰিছিল। দ্বিতীয় পত্নীৰ নাম নজনী। নজনীয়ে স্বামীক বাৰে বাৰে বুজাইছিল, কিন্তু তেওঁ শুনা নাছিল।

শুনা নাছিল কথা, খঙতে নিচাযুক্ত ঔষধ খুৱাই পত্নীয়ে কাটিলে স্বামীৰ গোপন অংগ, কেইবাবাৰো ছুৰীৰে...

পত্নীয়ে কাটিলে স্বামীৰ গোপন অংগ

Published: 

10 Aug 2025 15:05 PM

উত্তৰ প্ৰদেশৰ আমেথিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।  স্বামীৰ ওপৰত খং কৰি দ্বিতীয় পত্নীয়ে কাটি পেলালে গোপন অংগ। লগতে স্বামীক কেইবাবাৰো ছুৰীৰে আঘাত কৰে। ইয়াৰ পিছতে আহত স্বামীক এৰি সেই স্থানতে পলায়ন কৰে পত্নীয়ে। এই ঘটনা সংঘটিত হৈছে আমেথিৰ জগদীশপুৰ থানা এলেকাৰ মগলগঞ্জ কাচনৱ গাঁৱত। জানিব পৰা মতে গাঁওখনৰ বাসিন্দা আনছাৰ আলীয়ে দুবাৰকৈ বিয়া পাতিছিল।

যাৰ বাবে তেওঁৰ ঘৰত সঘনাই বিবাদৰ সৃষ্টি হৈছিল। দুয়োগৰাকী পত্নীয়ে প্ৰতিদিনে ঘৰত কাজিয়া কৰিছিল। দ্বিতীয় পত্নীৰ নাম নজনী। নজনীয়ে স্বামীক বাৰে বাৰে বুজাইছিল, কিন্তু তেওঁ শুনা নাছিল। নজনীয়ে স্বামীক বুজাই বুজাই অৱশেষত ভাগৰি পৰিল, সেয়ে তেওঁ প্ৰথমে স্বামীক নিচাযুক্ত ঔষধ খুৱাই দিয়ে। তাৰ পিছত নজনীয়ে স্বামীৰ ব্যক্তিগত অংশ কাটি পেলালে। লগতে কেইবাবাৰো ছুৰীৰে আঘাত কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

এই আক্ৰমণৰ পিছত স্বামী আনছাৰ আলীৰ অৱস্থা সংকটজনক হৈ পৰে। তেওঁৰ অৱস্থা দেখি গুৰুতৰ হোৱাত স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ প্ৰদান কৰি ৰায়েবাৰেলী এইমছলৈ প্ৰেৰণ কৰা হৈছে। আনছাৰ আলীৰ ভাতৃয়ে কয়, “আমি ঘৰৰ ওচৰ পাওঁতে নজনী পলাই যোৱা দেখিছো। তাৰ পিছত আমি ঘৰৰ ভিতৰলৈ যাওঁতে দেখিলোঁ যে ভাইটিৰ শৰীৰটো তেজেৰে লুটুৰী-পুতুৰী হৈ আছে।  আমি পৰিয়ালৰ সকলোৱে ভাইটিক চিকিৎসালয়লৈ লৈ গ’লোঁ৷”

আনছাৰ আলীৰ ভাতৃয়ে লগতে কয়, “ভাতৃৰ ব্যক্তিগত অংগ কাটি দিয়া হৈছে।” এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত হিচাপে ৰাঘবেন্দ্ৰ প্ৰতাপে কয়, “তথ্য লাভ কৰাৰ পিছত আৰক্ষী সেই স্থানলৈ গৈছে। অভিযোগ পত্ৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ঘটনা সন্দৰ্ভত তদন্ত চলি আছে।” জানিব পৰা মতে, পত্নী দুগৰাকীৰ মাজত হোৱা বিবাদৰ পিছত এই ঘটনা সংঘটিত হৈছে।

দৰিদ্ৰ হৈ পৰিব আপুনি! আজিয়েই ঘৰৰ পৰা আঁতৰ কৰক এইবোৰ সামগ্ৰী...
ছালৰ সমস্যাৰ আঁৰতো আছে টোপনিৰ সম্পৰ্ক! হয়তো পূৰ্বে জনা নাছিল এনে তথ্য
ইউৰিক এচিড বৃদ্ধি হ’লে খাব নালাগে এইবোৰ খাদ্য, জানক চিকিৎসকৰ পৰা...
পাকঘৰত নিমখ আৰু হালধি একেলগে ৰখাটো শুভ নে অশুভ? বাস্তু শাস্ত্ৰই কি কয় চাওক...