প্ৰাক্তন CJI ডি ৱাই চন্দ্রচূড়ে এতিয়াও কিয় খালী কৰা নাই চৰকাৰী বাংলো ? কেন্দ্ৰলৈ পত্ৰ উচ্চতম ন্যায়ালয়ৰ

চৰকাৰী বাসগৃহ এৰি যোৱা নাই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে। আজিও তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশক দিয়া কৃষ্ণ মেনন মাৰ্গৰ বাংলোটোত আছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ পত্ৰ লিখিছে।

প্ৰাক্তন CJI ডি ৱাই চন্দ্রচূড়ে এতিয়াও কিয় খালী কৰা নাই চৰকাৰী বাংলো ? কেন্দ্ৰলৈ পত্ৰ উচ্চতম ন্যায়ালয়ৰ

ডি ৱাই চন্দ্ৰচূড়

Updated On: 

06 Jul 2025 15:43 PM

অৱসৰৰ পাছতো চৰকাৰী বাসগৃহ এৰি যোৱা নাই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে। আজিও তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশক দিয়া কৃষ্ণ মেনন মাৰ্গৰ বাংলোটোত আছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ পত্ৰ লিখিছে। পত্ৰত ততাতৈয়াকৈ বাংলো খালী কৰি উচ্চতম ন্যায়ালয়ৰ হাউছিং পুলত ঘূৰাই দিবলৈ কোৱা হৈছে।

ডি ৱাই চন্দ্রচূড়ে যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অফিচত থাকোঁতে তেওঁ এটা টাইপ-৮ বাংলো পাইছিল। অৱসৰৰ পিছত মুখ্য ন্যায়াধীশসকলে টাইপ-৭ চৰকাৰী বাংলোত সৰ্বাধিক ৬ মাহ থাকিব পাৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অৱসৰৰ পিছতো ৮ মাহ টাইপ-৮ বাংলোত আছিল। যোৱা ১ জুলাইত উচ্চতম ন্যায়ালয়ে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়লৈ এখন পত্ৰ লিখি শীঘ্ৰে বাংলো খালী কৰিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ ক্ষমতা ৩৪ জন। বৰ্তমান মুখ্য ন্যায়াধীশ বি আৰ গাভাইকে ধৰি মুঠ ৩৩ জন ন্যায়াধীশ আছে। ইয়াৰে উচ্চতম ন্যায়ালয়ৰ ৪ জন ন্যায়াধীশে এতিয়াও চৰকাৰী থকাৰ ব্যৱস্থা পোৱা নাই, তিনিজন ন্যায়াধীশে ট্ৰেনজিট এপাৰ্টমেণ্টত থাকে। আন এজন ন্যায়াধীশ ৰাজ্য চৰকাৰৰ অতিথিশালাত থাকে।

লগতে পঢ়ক : Indian Railways: দুটা কাউৰীৰ মাজত তীব্ৰ কাজিয়া, ফলত ৪ ঘণ্টা ধৰি আবদ্ধ এক্সপ্ৰেছ ৰে’ল ! যাত্ৰীৰ মাজত হাহাকাৰ…

চৰকাৰী বাংলোৰ পৰা ওলাই নোযোৱাৰ সন্দৰ্ভত প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, ব্যক্তিগত কাৰণত এতিয়ালৈকে বাংলোৰ পৰা ওলাই যাব পৰা নাই। এই সন্দৰ্ভত তেওঁ উচ্চতম ন্যায়ালয়কো অৱগত কৰিছে। মন কৰিবলগীয়া যে, ডি ৱাই চন্দ্ৰচূড়ৰ দুই কন্যাৰ জেনেটিক সমস্যা আছে। গতিকে ঘৰত কিছুমান বিশেষ সুবিধাৰ প্ৰয়োজন। সেইবাবেই যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ঘৰ বিচাৰিছে। কিন্তু উপযুক্ত ঘৰ বিচাৰি পোৱা নাই।

২৮ এপ্ৰিলত তেওঁ উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নালৈও পত্ৰ লিখি ঘৰ বিচাৰিবলৈ ৩০ জুনলৈকে সময় বিচাৰিছিল যদিও সেই পত্ৰৰ কোনো সঁহাৰি নাপালে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে শীঘ্ৰে বাংলো খালী কৰিব বুলি আশ্বাস দিছে।

চৰকাৰে ভাড়াঘৰৰ ব্যৱস্থা কৰিছিল যদিও সেই বাংলোটো যিহেতু দুবছৰ ধৰি ব্যৱহাৰ নোহোৱাৰ বাবে বৰ্তমান সেই বাংলোটো মেৰামতি কাম চলি আছে। মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ গুচি যাব।

লগতে পঢ়ক : বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ উদয়াদিত্য ভৰালী আৰু নাই, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…

আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণৰ উপায় ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!