প্ৰশাসনিক বিষয়া হোৱাৰ স্বপ্ন স্বপ্ন হৈয়ে ৰ’ল! শোকস্তব্ধ ক’চিং চেণ্টাৰত কৰুণ মৃত্যু ঘটা তিনি শিক্ষাৰ্থীৰ পৰিয়াল

দিল্লীৰ ৰাজেন্দ্ৰ নগৰত শোকাৱহভাৱে মৃত্যু হোৱা তিনিগৰাকী শিক্ষাৰ্থীৰ ভিতৰত এগৰাকী শিক্ষাৰ্থী কেৰালাৰ, এগৰাকী শিক্ষাৰ্থী উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। আনহাতে আন এগৰাকী শিক্ষাৰ্থী মূলতঃ বিহাৰৰ ঔৰংগাবাদৰ বুলি জানিব পৰা গৈছে। শিক্ষাৰ্থীকেইগৰাকীৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে তেওঁলোকৰ পৰিয়ালক।

প্ৰশাসনিক বিষয়া হোৱাৰ স্বপ্ন স্বপ্ন হৈয়ে ৰ’ল! শোকস্তব্ধ ক’চিং চেণ্টাৰত কৰুণ মৃত্যু ঘটা তিনি শিক্ষাৰ্থীৰ পৰিয়াল

দিল্লীত কৰুণ মৃত্যু তিনি শিক্ষাৰ্থীৰ

Published: 

29 Jul 2024 11:18 AM

শনিবাৰে সন্ধিয়া দিল্লীৰ ৰাজেন্দ্ৰ নগৰত অৱস্থিত এটা ক’চিং চেণ্টাৰৰ বেছমেণ্টত বৰষুণৰ পানী প্ৰৱেশ কৰাৰ পিছতে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী শিক্ষাৰ্থীয়ে। প্ৰশাসনিক বিষয়া হিচাপে নিজকে গঢ়ি তোলাৰ স্বপ্ন লৈ ক’চিং চেণ্টাৰটোত প্ৰস্তুতি চলাই থকা এই শিক্ষাৰ্থীকেইগৰাকীৰ স্বপ্নই নাপালে পূৰ্ণতা। মুহূৰ্তৰ ভিতৰতে তেওঁলোকৰ জীৱনৰ সৈতে চিৰদিনৰ বাবে শুই পৰিল তেওঁলোকৰ স্বপ্নও। নিজ সন্তানৰ সাফল্যৰ বতৰালৈ অধীৰ আকাংক্ষাৰে অপেক্ষাৰত পৰিয়াললৈ নাহিল সফলতাৰ খবৰ। বৰঞ্চ মৃত্যুৰ বিৰক কাতৰ খবৰে পৰিয়ালকেইটাক কৰি তুলিলে শোকস্তব্ধ।

এই দুৰ্ঘটনাত মৃত্যু হোৱা তিনিগৰাকী শিক্ষাৰ্থীৰ ভিতৰত এগৰাকী শিক্ষাৰ্থী কেৰালাৰ, এগৰাকী শিক্ষাৰ্থী উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। আনহাতে আন এগৰাকী শিক্ষাৰ্থী মূলতঃ বিহাৰৰ ঔৰংগাবাদৰ বুলি জানিব পৰা গৈছে। শিক্ষাৰ্থীগৰাকীৰ পৰিয়াল বৰ্তমান তেলেংগানাত বাস কৰে। পৰিয়ালৰ পৰা আঁতৰি নিজ স্বপ্ন পূৰণৰ বাবে দিল্লীত প্ৰস্তুতি চলাই আছিল তেওঁলোকে।

পিছে ধাৰাসাৰ বৰষুণৰ ফলত বাঢ়ি অহা পানী শিক্ষাৰ্থীকেইগৰাকীয়ে অধ্যয়ন কৰা ক’চিং চেণ্টাৰটোত সোমায় আৰু তাৰ ফলশ্ৰুতিতে নিহত হয় শিক্ষাৰ্থীকেইজনৰ। নিহত এই শিক্ষাৰ্থীকেইজনৰ বিষয়ে জানো আহক-

শ্ৰেয়া যাদৱঃ উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ বাসিন্দা শ্ৰেয়া যাদৱ। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ৰাজেন্দ্ৰ নগৰলৈ আহিছিল শ্ৰেয়া। কিন্তু আধৰুৱা হৈ ৰয় তেওঁৰ এই স্বপ্ন। নিহত শ্ৰেয়াৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত চিকিৎসকে পৰিয়ালৰ লোকক প্ৰদান কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি শ্ৰেয়াৰ শৰীৰত লেতেৰা পানী প্ৰৱেশ কৰাৰ লগতে অট্টালিকাৰ বেছমেণ্টত শ্বাসৰুদ্ধ হৈ পৰাৰ বাবে তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাৰ পিছতে শ্ৰেয়াৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হয়। শ্ৰেয়াৰ ককাকে চিকিৎসালয়ৰ পৰা সংগ্ৰহ কৰে মৃতদেহ।

তানিয়া ছোনীঃ ২৫ বৰ্ষীয় তানিয়া মূলতঃ বিহাৰৰ ঔৰংগাবাদৰ বাসিন্দা যদিও সম্প্ৰতি তেওঁৰ পৰিয়াল তেলেংগানাত বাস কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তানিয়াৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতে তেওঁৰ পিতৃয়ে মৃতদেহ সংগ্ৰহ কৰে আৰু গৃহ চহৰলৈ লৈ যায়। ঘটনাৰ দিনা আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ কেইঘণ্টামান পিছতে তেওঁৰ মৃতদেহ বেছমেণ্টৰ পৰা উদ্ধাৰ কৰিছিল।

নবীন ডেলভিনঃ এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা আন এজন শিক্ষাৰ্থী হৈছে ২৮ বৰ্ষীয় নবীন ডেলভিন। তেওঁ কেৰালাৰ এৰ্নাকুলামৰ বাসিন্দা আছিল। শনিবাৰে গভীৰ নিশা অগ্নিনিৰ্বাপক বাহিনীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। নবীনৰ প্ৰশাসনিক বিষয়া হোৱাৰ স্বপ্ন পূৰণৰ বাবে অধীৰ আশাৰে বাট চোৱা তেওঁৰ পৰিয়ালত এতিয়া মাথোঁ শোকৰ বন্যা।

এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, এই ক’চিং চেণ্টাৰ বেছমেণ্ট অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি দিল্লীৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। দিল্লীৰ শাসকীয় আপ চৰকাৰ আৰু দিল্লী পৌৰ নিগমৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?