কোন আছিল বাবা ছিদ্দিকী ? মহাৰাষ্ট্ৰৰ ৰাজনীতিত ছিদ্দিকীৰ প্ৰভাৱ কেনেকুৱা আছিল ?
অচিনাক্ত দুৰ্বৃত্তই NCP ৰ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰিলে । মুম্বাইত ঘড়ী নিৰ্মাণ কৰাৰ পৰা বিধায়ক আৰু মন্ত্ৰী হোৱালৈকে এক দীঘলীয়া ইতিহাস আছে বাবা ছিদ্দিকীৰ । মুম্বাইৰ এখন কলেজৰ ছাত্ৰ নেতা হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল বাবা ছিদ্দিকীয়ে।

বাবা ছিদ্দিকী (ফাইল ফটো)
শনিবাৰে অচিনাক্ত দুৰ্বৃত্তই NCP ৰ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰিলে । মুম্বাইত ঘড়ী নিৰ্মাণ কৰাৰ পৰা বিধায়ক আৰু মন্ত্ৰী হোৱালৈকে এক দীঘলীয়া ইতিহাস আছে বাবা ছিদ্দিকীৰ । তেওঁৰ পুত্ৰ জীশান ছিদ্দিকী বৰ্তমান বান্দ্ৰা ইষ্টৰ কংগ্ৰেছৰ বিধায়ক। মুম্বাইৰ এখন কলেজৰ ছাত্ৰ নেতা হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল বাবা ছিদ্দিকীয়ে।
ইয়াৰ পিছত তেওঁ দুবাৰকৈ পৌৰ নিগমৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত তেওঁ কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰে । কংগ্ৰেছৰ টিকট লাভ কৰি ১৯৯৯, ২০০৪ আৰু ২০০৯ চনত পশ্চিম বান্দ্ৰা পৰা বিধায়ক নিৰ্বাচিত হৈছিল বাবা ছিদ্দিকী। কিন্তু ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ আশীষ শ্বেলাৰৰ হাতত পৰাস্ত হৈছিল।
মুম্বাই কংগ্ৰেছত সংখ্যালঘুৰ বিশিষ্ট নেতা আছিল বাবা ছিদ্দিকী। কংগ্ৰেছ-এনচিপিৰ মিত্ৰতাৰ সময়তো তেওঁক মন্ত্ৰীত্ব দিয়া হৈছিল। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আহিছে।
উল্লেখ্য যে,লোকসভা নিৰ্বাচনৰ ঠিক আগতে বাবা ছিদ্দিকীয়ে কংগ্ৰেছ ত্যাগ কৰি এন চি পিৰ অজিত পাৱাৰ ফৈদত যোগদান কৰিছিল। তিনিবাৰকৈ কংগ্ৰেছৰ বিধায়ক হোৱাৰ লগতে মন্ত্ৰীও হৈ আহিছে। কংগ্ৰেছৰ বিভাজনৰ পিছত ফেব্ৰুৱাৰী মাহত এন চি পিত যোগদান কৰিছিল বাবা ছিদ্দিকীয়ে।
এন চি পিত যোগদান কৰাৰ পূৰ্বে তেওঁ প্ৰায় ৪৮ বছৰ কংগ্ৰেছ দলত আছিল। সেইবাবেই তেওঁৰ কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছিল। কংগ্ৰেছ ত্যাগ কৰাৰ পিছত এন চি পি (অজিত পাৱাৰ)ত যোগদান কৰে। বাবা ছিদ্দিকীয়ে মহাৰাষ্ট্ৰ হাউছিং এণ্ড এৰিয়া ডেভেলপমেণ্ট অথৰিটি (এমএইচএডিএ)ৰ মুম্বাই বিভাগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।
প্ৰতি বছৰে ঈদৰ দিনা বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টি সদায় চৰ্চাৰ বিষয় হৈ আহিছে । ছিদ্দিকীৰ ইফতাৰ পাৰ্টিত চলচ্চিত্ৰ জগতৰ ডাঙৰ ডাঙৰ তাৰকাৰ লগতে ছলমান খান, শ্বাহৰুখ খানৰ দৰে ছুপাৰষ্টাৰেও অংশগ্ৰহণ কৰে।
শনিবাৰে সন্ধিয়া ভাগত বান্দ্ৰা ইষ্টত এন চি পি নেতা বাবা ছিদ্দিকীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ সংঘটিত হয় । সূত্ৰ খবৰ অনুসৰি, ছিদ্দিকীৰ ওপৰত আক্ৰমণকাৰীয়ে তিনিবাৰকৈ গুলীচালনা কৰে । নিৰ্মল নগৰ থানা এলেকাত এই ঘটনা সংঘটিত হয় । বাবা ছিদ্দিকীয়ে বান্দ্ৰা খেৰৱাডীস্থিত পুত্ৰ জীশান ছিদ্দিকীৰ কাৰ্যালয়ৰ পৰা ওলাই আহি থকা অৱস্থাতে আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে। এই ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে । এজন অভিযুক্ত হাৰিয়ানাৰ আৰু আনজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে । অভিযুক্তসকলৰ মাজৰে আন এজন অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ।