BJP new president: কোন হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি? গঠন হৈছে কমিটি…

BJP president: কোন হ'ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি? ইয়াক লৈ ইতিমধ্যে গঠন কৰা হৈছে কমিটি। বৰ্তমানৰ সভাপতি জেপি নাড্ডাৰ কাৰ্যকাল শেষ হৈছিল যদিও বিজেপিৰ সংসদীয় বোৰ্ডে তেওঁৰ কাৰ্যকালৰ ম্যাদ বৃদ্ধি কৰিছিল।

BJP new president: কোন হব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি? গঠন হৈছে কমিটি...

জে পি নড্ডা

Published: 

16 Oct 2024 09:57 AM

শীঘ্ৰেই বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচিত কৰিবলৈ ইতিমধ্যে গঠন কৰা হৈছে কমিটি।এই কমিটীয়ে সংগঠনটোৰ নিৰ্বাচন ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ কাম কৰিব। ১৫ অক্টোবৰত বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে বিজেপি অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি, সাংসদ ড০ কে. লক্ষ্মণক। ইয়াৰ লগতে সাংসদ নৰেশ বংশাল, সম্বিত পাত্ৰ আৰু ৰাষ্ট্ৰীয় উপ-সভাপতি, প্ৰাক্তন সাংসদ ৰেখা ভাৰ্মাক সহ-নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

বৰ্তমানৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ কাৰ্যকাল কিছুদিনৰ পাছতেই শেষ হ’ব। ইয়াৰ পূৰ্বেও নাড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল। পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ নিযুক্তি নোহোৱা পৰ্যন্ত নাড্ডাক অধ্যক্ষৰ পদত ৰাখিবলৈ বিজেপি সংসদীয় বোৰ্ডে তেওঁৰ কাৰ্যকালৰ ম্যাদ বৃদ্ধি কৰিছিল। বিজেপিৰ সংবিধান অনুসৰি নতুন সভাপতি নিযুক্তি কৰিবলৈ বৃহৎ প্ৰক্ৰিয়া চলি আছে। ইয়াৰ অধীনত ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ পূৰ্বে দলটোৱে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।

প্ৰথমে বুথ,পাছত মণ্ডল আৰু পাছত জিলা পৰ্যায়ত এই নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। নিৰ্বাচনী বিষয়াই এই নিৰ্বাচনৰ বাবে দিন ঘোষণা কৰে। এই দিন অনুসৰি বুথ, মণ্ডল, জিলা আৰু ৰাজ্যৰ পৰ্যায়ত সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এই সময়ছোৱাত জিলা সভাপতি নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্য পৰিষদৰ সদস্যৰ নিৰ্বাচনো অনুষ্ঠিত হয়। ৰাজ্যিক পৰিষদৰ সদস্যৰ পিছত ৰাজ্যৰ সভাপতি আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য নিৰ্বাচন কৰিব লাগে।

ৰাজ্য পৰিষদৰ সদস্যসকলেহে ৰাজ্যসমূহৰ সভাপতি নিৰ্বাচন কৰে। এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২ মাহ সময়ৰ প্ৰয়োজন হয়। সূত্ৰ অনুসৰি জানিব পৰা মতে ডিচেম্বৰ মাহৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিজেপিয়ে চেষ্টা কৰি আছে। ইয়াৰ পাছত ঘোষণা হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম আৰু জানুৱাৰী মাহত বিজেপিয়ে ৰাষ্ট্ৰীয় পৰিষদৰ এক বৈঠক আয়োজন কৰিব। এই বৈঠকত বিজেপিৰ নতুন সভাপতিৰ নাম অনুমোদন কৰা হ’ব। তাৰ পাছতেই বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি।

এতিয়ালৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

  • জেপি নাড্ডা- ২০২০ চনৰ পৰা এতিয়ালৈকে
  • অমিত শ্বাহ- ২০১৪- ২০১৭ আৰু ২০১৭-২০২০
  • ৰাজনাথ সিং- ২০০৫-২০০৯ আৰু ২০১৩-২০১৪
  • নিতিন গাডকাৰী- ২০০৯-২০১৩
  • এম ভেংকেয়া নায়ডু- ২০০২-২০০৪
  • জে এন কৃষ্ণমূৰ্তি- ২০০১-২০০২
  • বংগাৰু লক্ষ্মণ- ২০০০-২০০১
  • কুশভাউ ঠাকৰে- ১৯৯৮-২০০০
  • মুৰলী মনোহৰ যোশী- ১৯৯১-১৯৯৩
  • লাল কৃষ্ণ আদবানী- ১৯৮৬-১৯৯১ আৰু ২০০৪-২০০৫
  • অটল বিহাৰী বাজপেয়ী- ১৯৮০-১৯৮৬
বেয়া কলেষ্টেৰল স্বাভাৱিকভাৱে হ্ৰাস কৰিব পৰা ৫ বিধ স্বাস্থ্যকৰ খাদ্য
স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...