National daughter’s day: আজি ৰাষ্ট্ৰীয় কন্যা দিৱস, এনেদৰে প্ৰেৰণ কৰক শুভকামনা
National daughters day: আজি ২২ ছেপ্টেম্বৰৰ দিনা ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হৈছে। এই দিনটোত কন্যাসকলৰ প্ৰতি মৰম, কৃতজ্ঞতা আৰু শুভকামনা জনোৱা হয়।

ৰাষ্ট্ৰীয় কন্যা দিৱস
প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস (National daughters day) পালন কৰা হয়। ইয়াৰ লগতে সংগতি ৰাখি আজি ২২ ছেপ্টেম্বৰৰ দিনা ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হৈছে। এই দিনটোত কন্যাসকলৰ প্ৰতি মৰম, কৃতজ্ঞতা আৰু শুভকামনা জনোৱা হয়। ভাৰতকে ধৰি বহু সংস্কৃতিক পুত্ৰক প্ৰাথমিক উত্তৰাধিকাৰী হিচাপে গণ্য কৰি আহিছে। গতিকে এই দিনটোৰ লক্ষ্য হৈছে সমাজৰ পৰা এনে কু- সংস্কাৰত আঁতৰ কৰা আৰু পৰিয়াল- সমাজত কন্যাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰা। কন্যা সন্তানৰ অধিকাৰ আৰু গুৰুত্ব সম্পৰ্কে সজাগ কৰাৰ বাবে এই দিৱস পালন কৰা হয়।
আজিৰ দিনটোত আপোনাৰ কন্যাক শুভকামনা জনাবলৈ তলত দিয়া বাৰ্তা প্ৰেৰণ কৰিব পাৰে-
- ৰাষ্ট্ৰীয় কন্যা দিৱসৰ শুভেচ্ছা থাকিল। আশা কৰো তোমাৰ মুখৃৰ এই হাঁহিটো সদায় থাকক। আগুৱাই যোৱা।
- মোৰ মৰমৰ… তুমি সদায় সুখী হোৱা। মই তোমাকলৈ গোৰৱান্বিত। আশা কৰো জীৱনত বিচৰা সকলো বস্তু তুমি লাভ কৰা।
- হেপী ডটাৰছ ডে, তুমি আহিবৰ পৰা মোৰ জীৱন সুখেৰে ভৰি পৰিছে। সকলো সময়তে তোমাৰ লগত থাকিব, তুমি আগুৱাই যোৱা।
- ৰাষ্ট্ৰীয় কন্যা দিৱসৰ শুভেচ্ছা থাকিল! এগৰাকী কন্যাই এজন মানুহৰ জীৱনৰ লগতে এখন ঘৰো সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। তুমি আমাৰ জীৱনত অহাৰ পৰা এই কথা ভালদৰেই অনুমান কৰিব পাৰিছো। তুমি আগুৱাই যোৱা।
- তুমি আমাৰ জীৱনত এক আশীৰ্বাদ। মই আশা কৰো, সদায় সফল হোৱা আৰু আগুৱাই যোৱা।
- হেপী ডটাৰছ ডে, তুমি আগুৱাই যোৱা, এটা কথা মনত ৰাখিবা, পিতৃ- মাতৃ হিচাপে সদায় তোমাৰ লগত থাকিম।
- হেপী ডটাৰছ ডে, তুমি আমাক হাঁহিবলৈ সুযোগ দিয়া, তুমি আমাক গৌৰৱবোধ কৰাইছা, তোমাক আমাৰ জীৱনত পাই আমি বহুত সুখী।
- হেপী ডটাৰছ ডে, মোৰ মৰমৰ…
- হেপী ডটাৰছ ডে, তুমি আমাৰ গৌৰৱ, তুমি আমাৰ সুখৰ উৎস, সদায় সুখী হৈ থকা।
তাৎপৰ্য
বহু সংস্কৃতিত পিতৃতান্ত্রিক মানসিকতাই পুত্ৰৰ তুলনাত কন্যাক তুচ্ছজ্ঞান কৰিবলৈ বাধ্য কৰায়। ইয়াৰ ফলত কন্য সন্তানৰ অধিকাৰক প্ৰভাৱ পেলোৱাৰ লগতে বৈষম্যৰ সৃষ্টি কৰে। এই দিৱসৰ দ্বাৰা লিংগ সমতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে কন্যাৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা হয়। এই দিৱসত সকলো শিশুক সমান মূল্য দিয়া আৰু সৰ্বাংগীন সমাজৰ বাবে গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে, বহুতে আজিৰ দিনটো সুন্দৰকৈ পালন কৰে। নিজ কন্যাৰ লগত ফুৰিবলৈ যোৱাৰ লগতে বহুতে কন্যাক উপহাৰা আদি দিয়ে। অৱশ্যে এতিয়াও আজিৰ সমাজত বহুতে এই দিৱসৰ বিষয়ে নাজানে। এই দিৱসৰ সকলো মাজত পৰিচিত কৰিবলৈ বহু সংস্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।