আদালতত সাক্ষ্য দিবলৈ গৈছিল ভোলা, আদবাটতে ট্ৰাকে মহতিয়ালে ভোলাৰ বাহন, নিহত চালক আৰু পুত্ৰ
ভোলানাথ ঘোষ এজন তৃণমূল কৰ্মী। তেওঁ এসময়ত শেখ শ্বাহজাহানৰ সংগী আছিল। এই মুহূৰ্তত তেওঁ চিবিআই গোচৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ সাক্ষী। আজিও আদালতত সাক্ষী দিবলৈ গৈছিল ভোলানাথ। কিন্তু যাত্ৰা পথতে জীৱনৰ গুৰুতৰ এক আঘাতৰ সন্মুখীন হ'ল ভোলানাথ।

এটা ৰহস্যঘন দুৰ্ঘটনা
আদালতত কোনো কুখ্যাত অপৰাধীৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ যোৱাৰ বাটত সাক্ষীক হত্যা কৰা বা আক্ৰমণ কৰাৰ ঘটনা আপুনি চিনেমা-চিৰিয়েল আদিত দেখিছে। কিন্তু বাস্তৱত কেতিয়াবা তেনেকুৱা ঘটনা হোৱা দেখিছেনে? বুধবাৰে তেনে এক ঘটনাই কঁপাই গৈছে সমগ্ৰ পশ্চিম বংগ। আদালতত সাক্ষ্যদান কৰিবলৈ যোৱাৰ সময়তেই এখন ট্ৰাকে মহতিয়াই নিলে এজন লোকৰ বাহন।
দক্ষিণ ২৪ পৰগনা জিলাত সংঘটিত হৈছে এই ঘটনাটো। সন্দেশখালিকাণ্ডৰ মূল অভিযুক্ত শেখ শ্বাহজাহানৰ বিৰুদ্ধে সাক্ষ্যদানৰ বাবে আদালত অভিমুখে ৰাওনা হৈছিল অন্যতম সাক্ষী ভোলানাথ ঘোষ। কিন্তু আদবাটতে এখন ট্ৰাকে মহতিয়াই নিয়ে ভোলানাথ ঘোষ যোৱা বাহনখন। সেই সময়ত বাহনখনত আছিল ভোলানাথ ঘোষৰ লগতে তেওঁৰ কনিষ্ঠ পুত্ৰ আৰু চালক। এই ঘটনাত ভোলানাথ ঘোষ আহত হোৱাৰ বিপৰীতে থিতাতে নিহত হয় তেওঁৰ কনিষ্ঠ পুত্ৰ আৰু চালকজন।
এই ঘটনাক এটি সাধাৰণ দুৰ্ঘটনা যেন লাগিলেও ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ থকাৰ অনুমান কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লগতে আন বিভিন্নজনে। দুৰ্ঘটনা সংঘটিত কৰি এখন মটৰচাইকেলেৰে পলায়ন কৰিছিল ট্ৰাকখনৰ চালকে। অভিযোগ উঠিছে যে কাৰাগাৰত বহিয়েই সাক্ষী নিৰ্মূলৰ কাম কৰিছে শ্বাহজাহানে। কিয়নো কাৰাগাৰত থাকিলেও সন্দেশখালিত এতিয়াও শ্বাহজাহানৰ শাসন চলে বুলি বহুতেই বিশ্বাস কৰে।
দুৰ্ঘটনাৰ স্থল আৰু ঘটনাক্ৰমে এই সন্দেহ অধিক গভীৰ কৰি তুলিছে। প্ৰথমে ধাৰণা কৰা হৈছিল যে এয়া এক সাধাৰণ দুৰ্ঘটনা। কিন্তু পাছত জানিব পৰা যায় যে এখন দহচকাযুক্ত ট্ৰাকে খুন্দা মাৰিছিল ভোলানাথৰ চাৰিচকীয়া বাহনখনত। বাসন্তী হাইৱে’ত সংঘটিত হৈছে এই ঘটনাটো। আৰক্ষীৰ মতে বাসন্তী হাইৱে’ সাধাৰণতে দুৰ্ঘটনাপ্ৰৱল অঞ্চল। কিন্তু যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছে, ৰয়াৰমাৰি পেট্ৰ’ল পাম্পৰ কাষত, সেই এলেকাত দুৰ্ঘটনাপ্ৰবল বুলি কোনো সংকেত নাই। সেই স্থানত পথটো যথেষ্ট বহল আৰু কোনো টাৰ্নিঙো নাই।
স্থানীয় লোকে জানিবলৈ দিয়া মতে, ট্ৰাকখনে একেবাৰে ওচৰলৈ আহি বাহনখনত খুন্দা মাৰে আৰু কিছু দূৰ চোঁচৰাই নি এটা খাৱৈত বগৰাই দিয়ে। লগতে ট্ৰাকখনো বাগৰি পৰে। ভোলানাথৰ বাহনখন চূড়মাৰ হৈ পৰে। ভিতৰত আবদ্ধ হৈ পৰে ভোলানাথ ঘোষ, তেওঁৰ কনিষ্ঠ পুত্ৰ আৰু চালকজন। তলতলা অঞ্চলৰ পৰাই ট্ৰাকখন অস্বাভাৱিক গতিৰে চলাই অনা বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীয়ে। ট্ৰাকখনত কোনো সামগ্ৰী নাছিল বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে ভোলানাথ ঘোষ এজন তৃণমূল কৰ্মী। তেওঁ এসময়ত শেখ শ্বাহজাহানৰ সংগী আছিল। এই মুহূৰ্তত তেওঁ চিবিআই গোচৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ সাক্ষী। আজিও আদালতত সাক্ষী দিবলৈ গৈছিল ভোলানাথ। কিন্তু যাত্ৰা পথতে জীৱনৰ গুৰুতৰ এক আঘাতৰ সন্মুখীন হ’ল ভোলানাথ।
সন্দেশখালিৰ বাদশ্বাহ নামেৰে পৰিচিত শ্বেখ শ্বাহজাহান ৰেচন দুৰ্নীতিৰ গোচৰত জড়িত আছিল। তাৰ পিছত কেন্দ্ৰীয় বাহিনী তেওঁৰ ঘৰলৈ আহি আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হ’ল। পিছত আৰক্ষীয়ে কোনো উপায়েৰে তেওঁক গ্ৰেপ্তাৰ কৰে। এই মুহূৰ্তত শ্বাহজাহানৰ মূৰৰ ওপৰত ওলমি আছে একাধিক গোচৰ। ইডি-চিবিআইকে ধৰি তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ আছে। বুধবাৰে শ্বাহজাহানৰ বিৰুদ্ধে দাখিল কৰা গোচৰত সাক্ষ্য দিবলৈ গৈ আছিল ভোলানাথ ঘোষ। এই গোচৰটো মিছা বুলি অভিযোগ উত্থাপন হৈছে। আৰু তেতিয়াই এনেকুৱা এটা ঘটনা ঘটিল।
মূলতঃ ভোলানাথ এসময়ত শ্বাহজাহানৰ সংগী আছিল। পিছত তেওঁৰ লগত অনৈতিক কাৰ্যক লৈ বিবাদ হ’ল। অভিযোগ অনুসৰি ২০২১ চনত শ্বাহজাহানে ভোলানাথৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছিল। ভয়ত কিছুদিন ঘৰৰ পৰা আঁতৰত আছিল। শ্বাহজাহানক গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ অঞ্চলটোলৈ উভতি আহে ভোলানাথ। আজি এই ঘটনাৰ পিছত ভোলানাথৰ ডাঙৰ পুত্ৰ বিশ্বজিৎ ঘোষে মুখ খোলে। তেওঁৰ স্পষ্ট বক্তব্য যে এয়া কেৱল দুৰ্ঘটনা নহয়। পৰিকল্পিত হত্যাকাণ্ড আছিল।
ভোলাৰ পৰিয়ালকে ধৰি গাঁৱৰ একাংশ লোকে কয় যে শ্বাহজাহানে জেলত বহি কেইবাটাও কামৰ পৰিকল্পনা কৰাৰ অভিলেখ আছে। ইয়াৰ পূৰ্বে সন্দেশখালিত মণ্ডল পৰিয়ালক আক্ৰমণ কৰা হৈছিল। অভিযোগ অনুসৰি শ্বাহজাহানে সমগ্ৰ বিষয়টো নিয়ন্ত্ৰণ কৰিছিল। সেয়ে ভোলানাথৰ গাড়ী দুৰ্ঘটনা আৰু পুত্ৰৰ মৃত্যু কোনো সাধাৰণ দুৰ্ঘটনা বা কাকতলীয়া নহয়। অভিযোগ উত্থাপন হৈছে যে শ্বাহজাহানে জেলত বহি এই কাম কৰিব পাৰে।
বিজেপি নেতা সজল ঘোষে কয়, “এয়া পৰিকল্পিত হত্যা। এইটো কোনো দুৰ্ঘটনা নহয়, হত্যাৰ গোচৰ এটাক দুৰ্ঘটনাৰ দৰে কৰি তোলাৰ পৰিকল্পনা। তেওঁ খুন্দা মাৰিলে, আৰু লগে লগে বাইকখন আহিল, হত্যাকাৰীজনো বাইকত উঠিল! তেওঁ নিৰুদ্দেশ হ’ল! ইয়াৰ নিৰপেক্ষ তদন্ত হওক।”
ভোলানাথৰ ডাঙৰ পুত্ৰই পোনপটীয়াকৈ এই ঘটনাক ‘হত্যা’ বুলি অভিহিত কৰিছে। বিশ্বজিৎ ঘোষে কয়, “তেওঁ আগতেও পিতৃক হত্যা কৰাৰ ভাবুকি দিছিল। পিতৃক হত্যা কৰাৰ উদ্দেশ্যেৰে গাড়ীখনৰ পিছে পিছে গৈছিল। এয়া কোনো দুৰ্ঘটনা নাছিল, এশ শতাংশ হত্যা আছিল। সবিতা ৰয় আৰু মুছলেম শ্বেখে শ্বাহজাহানৰ নিৰ্দেশ পালন কৰিছিল।”
মন কৰিবলগীয়া যে এইজন মুছলেম শ্বেখ নাজাত পঞ্চায়ত সমিতিৰ উপ সভাপতি, আৰু সবিতা ৰায় সভানেত্ৰী। শ্বাহজাহানৰ হৈ গাঁওখনত স্বৈৰাচাৰী শাসন কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধে। কিন্তু এই বিষয়ত মুছলেম শ্বেখৰ বক্তব্য হ’ল, “এয়া ১০০ শতাংশ মিছা কথা।”