‘৫ মিনিটত মাইক বন্ধ হৈ গ’ল !’ ক্ষুব্ধ হৈ নীতি আয়োগৰ সভা বৰ্জন কৰিলে বংগৰ মমতাই

Niti Aayog Meeting: কেন্দ্ৰীয় চৰকাৰৰ আচৰণত ক্ষুব্ধ হৈ মমতাই বৈঠকৰ পৰা ওলাই আহি কয়, "মই কেতিয়াও এই সভাত উপস্থিত নাথাকো ।" উল্লেখ্য যে, এইবাৰৰ বাজেটত বিৰোধী শাসিত ৰাজ্যই কোনো ধৰণৰ অগ্ৰাধিকাৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰি ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নীতি আয়োগৰ বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু ইয়াৰ বিপৰীতে এই বৈঠকত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অংশগ্ৰহণ কৰে ।

৫ মিনিটত মাইক বন্ধ হৈ গল ! ক্ষুব্ধ হৈ নীতি আয়োগৰ সভা বৰ্জন কৰিলে বংগৰ মমতাই

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

Updated On: 

27 Jul 2024 13:34 PM

নীতি আয়োগৰ বৈঠকত কথা কোৱাৰ সুযোগ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । কেন্দ্ৰীয় চৰকাৰৰ আচৰণত ক্ষুব্ধ হৈ মমতাই বৈঠকৰ পৰা ওলাই আহি কয়, “মই কেতিয়াও এই সভাত উপস্থিত নাথাকো ।” উল্লেখ্য যে, এইবাৰৰ বাজেটত বিৰোধী শাসিত ৰাজ্যই কোনো ধৰণৰ অগ্ৰাধিকাৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰি ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নীতি আয়োগৰ বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু ইয়াৰ বিপৰীতে এই বৈঠকত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, এইবাৰৰ নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰা বিৰোধী একমাত্ৰ প্ৰতিনিধি আছিল মমতা বেনাৰ্জী । শনিবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ দুঘণ্টাৰ ভিতৰতে সভা বৰ্জন কৰে মমতা বেনাৰ্জীয়ে । অভিযোগ উত্থাপন কৰি মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়,‘ এই বৈঠকত মোক কথা কোৱাৰ সুযোগ দিয়া হোৱা নাছিল । মোৰ ব্যক্তব্যৰ ৫ মিনিটৰ ভিতৰতে মোৰ মাইকটো বন্ধ হৈ গ’ল।” ইয়াৰ বিপৰীতে মমতাই অভিযোগ উত্থাপন কৰে যে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক ২০ মিনিটৰ বাবে কথা ক’বলৈ দিয়া হয় ।

সাংবাদ মাধ্যমৰ আগত বংগৰ মমতাই কয়,“মোৰ বক্তব্যত মই ক’লোঁ যে মই দেশ আৰু বংগৰ স্বার্থত আহিছো ৷ কিন্তু বিৰোধী কোনো এজনো নাহিল। বাজেটত আমাক বঞ্চিত কৰা হ’ল । বিৰোধী শাসিত ৰাজ্যচৰ কোনো সুযোগ নাই ।” ইয়াৰ লগতে তেওঁ অভিযোগ কৰে যে, “তিনি বছৰ ধৰি ১০০ দিনৰ কাম বন্ধ । প্ৰধানমন্ত্ৰী আৱাস যোজনা বন্ধ, গ্ৰাম্য পথ যোজনা বন্ধ। আনকি খাদ্য ৰাজসাহায্যও নিদিলে। আমি ১ লাখ ৭১ হাজাৰ কোটি টকা পাওঁ। এই বাজেটতো একো নাই, মাত্ৰ শূন্য। এইখিনি কোৱাৰ লগে লগে মোৰ মাইকটো বন্ধ হৈ গ’ল।” এইদৰে কয় বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...