YouTubeত ভিডিঅ’ চাই ওজন কমোৱাৰ চেষ্টা! ১৯ বছৰীয়া যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা…

ৰাসায়নিক পদাৰ্থ সেৱনৰ কিছু সময়ৰ পিছতে তেওঁৰ বমি হ’বলৈ ধৰিলে আৰু ডায়েৰিয়াত আক্ৰান্ত হ’ল। লগে লগে যুৱতীগৰাকীক তেওঁৰ পৰিয়ালে চিকিৎসালয়লৈ লৈ যায়। তাত প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। কিন্তু সন্ধিয়ালৈকে যুৱতীগৰাকীৰ অৱস্থা আৰু বেয়া হৈ পৰিল।

YouTubeত ভিডিঅ চাই ওজন কমোৱাৰ চেষ্টা! ১৯ বছৰীয়া যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা...

ওজন কমোৱাৰ চেষ্টা

Updated On: 

21 Jan 2026 | 03:46 PM

কোনেনো ক্ষীণ দেখিব নিবিচাৰে?  অতিৰিক্ত ওজন কোনেও নিবিচাৰে। মেদবহুলতাই কেৱল লাজ নহয়, ৰোগৰ জন্ম দিয়ে। ফলস্বৰূপে বহুতে ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুককে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ওজন কমোৱাৰ টিপছ বিচাৰি ফুৰে। বেছিভাগ মানুহেই চিকিৎসকৰ মাচুল নিদিয়াৰ বাবে আৰু চৰ্টকাটৰ জৰিয়তে ওজন কমাবলৈ এই কাম কৰে।

কিন্তু কেতিয়াবা ইয়াৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ’ব পাৰে। এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ মাদুৰাইত। এগৰাকী যুৱতীয়ে ইউটিউবত শিকিলে ওজন কমোৱাৰ পদ্ধতি। কিন্তু ঘণ্টাৰ ভিতৰতে সেই পদ্ধতিয়ে যুৱতীগৰাকীয়ে প্ৰাণ কাঢ়ি লৈ ​​গ’ল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাদুৰাইৰ মীনাম্বলপুৰমৰ বাসিন্দা ১৯ বছৰীয়া যুৱতীগৰাকীৰ ওজন বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছিল। ইউটিউবত তেওঁ এটা ভিডিঅ’ দেখিছিল, য’ত দাবী কৰা হৈছিল যে এটা বিশেষ দ্ৰব্য সেৱন কৰিলে দ্ৰুতগতিত ওজন কমি যাব পাৰে। ভিডিঅ’টোৰ পৰা অনুপ্ৰাণিত হৈ  যুৱতীগৰাকীয়ে ১৬ জানুৱাৰীত এখন দোকানৰ পৰা এই ৰাসায়নিক পদাৰ্থবিধ ক্ৰয় কৰি ১৭ জানুৱাৰীৰ পুৱা সেৱন কৰে।

ৰাসায়নিক পদাৰ্থ সেৱনৰ কিছু সময়ৰ পিছতে তেওঁৰ বমি হ’বলৈ ধৰিলে আৰু ডায়েৰিয়াত আক্ৰান্ত হ’ল। লগে লগে যুৱতীগৰাকীক তেওঁৰ পৰিয়ালে চিকিৎসালয়লৈ লৈ যায়। তাত প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। কিন্তু সন্ধিয়ালৈকে যুৱতীগৰাকীৰ অৱস্থা আৰু বেয়া হৈ পৰিল। দুৰ্বলতা আৰু অহৰহ বমিৰ বাবে যুৱতীগৰাকীক নিশা ১১ বজাত চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযোগ দাখিল কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে।  বৰ্তমান যুৱতীগৰাকীৰ সন্দেহজনক মৃত্যুৰ গোচৰৰ তদন্ত চলি আছে।

মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
হঠাতে কিয় বৃদ্ধি হয় ৰক্তচাপ? কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...