উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ সাজু হৈছে ‘ইণ্ডিয়া’ জোঁট! শীঘ্ৰেই ঘোষণা কৰিব প্ৰাৰ্থী

এই সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই ‘ইণ্ডিয়া’ জোঁটৰ অংশীদাৰী দল তথা নেতৃত্বৰ সৈতে আলোচনা আৰম্ভ কৰিছে। নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিক লৈ বিৰোধী দলসমূহৰ সৈতে এক ঐকমত্য গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি খবৰ প্ৰকাশ পাইছে।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ সাজু হৈছে ‘ইণ্ডিয়া’ জোঁট! শীঘ্ৰেই ঘোষণা কৰিব প্ৰাৰ্থী

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ সাজু হৈছে India জোঁট

Published: 

10 Aug 2025 | 08:10 PM

অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত ব উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন জগদীপ ধনখড়ৰ আকস্মিক পদত্যাগৰ পিছত খালী হৈ থকা উপৰাষ্ট্ৰপতি পদ পূৰণৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে ইফালে নিৰ্বাচনৰ অধিসূচনা প্ৰকাশৰ পিছতে শাসকীয় এন ডি এ জোঁটে প্ৰস্তুতি আৰম্ভ কৰিছে শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটৰ দলসমূহৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি অহা ১২ আগষ্টৰ পূৰ্বে এন ডি এৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব। শাসকীয় মিত্ৰজোঁটৰ সমান্তৰালকৈ বিৰোধী INDIA মিত্ৰজোঁটেও প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে বিৰোধী মিত্ৰজোঁটেও যৌথভাৱে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিছে।

এই সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই ইণ্ডিয়া জোঁটৰ অংশীদাৰী দল তথা নেতৃত্বৰ সৈতে আলোচনা আৰম্ভ কৰিছে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিক লৈ বিৰোধী দলসমূহৰ সৈতে এক ঐকমত্য গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি খবৰ প্ৰকাশ পাইছে।

বিৰোধী মিত্ৰজোঁটৰ নেতৃত্বৰ মতে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফল যিয়েই নহওক কিয় এক শক্তিশালী ৰাজনৈতিক বাৰ্তা দিয়াৰ প্ৰয়োজন আছে আৰু সেই বাবে প্ৰয়োজনীয় যদিও প্ৰাৰ্থী বাছনি সন্দৰ্ভত এইপৰ্যন্ত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই, তথাপিও সম্ভাৱ্য প্ৰাৰ্থীৰ নাম সন্দৰ্ভত মিত্ৰজোঁটৰ মাজত গোপন আলোচনা চলি আছে।

কংগ্ৰেছৰ সূত্ৰই সদৰী কৰা মতে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মিত্ৰজোঁটে যৌথ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি দলসমূহৰ মাজত এক ঐকমত্য গঠন হৈছে। উল্লেখ্য যে লোকসভা আৰু ৰাজ্যসভা দুয়োটা সদনৰ কাৰ্যকৰী সদস্য সংখ্যা ৭৮১ আৰু উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত জয়ী হ’বলৈ প্ৰাৰ্থীগৰাকীয়ে ৩৯১টা ভোট লাভ কৰিব লাগিব।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ লগতে মনোনীত সদস্যসকলেও ভোটদান কৰে। দুয়োটা সদনত এন ডি এৰ সদস্যৰ সংখ্যা ৪২২ জন আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ এয়াই যথেষ্ট। এইদৰে নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলিব পাৰি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব