India First Vegetarian Train : এতিৰা পৰা ৰে’লত খাব আৰু নিব নোৱাৰিব আমিষ খাদ্য…

ৰে'ল যাত্ৰা বা বিমান যাত্ৰাৰ সময়ত আপুনি কোন বিধ খাদ্য অৰ্ডাৰ কৰে ? আপুনি যি খাদ্যই অৰ্ডাৰ নকৰক কিয় ভাৰতীয় ৰে'লৱেয়ে খাদ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ ব্য়ৱস্থা ।

India First Vegetarian Train : এতিৰা পৰা ৰেলত খাব আৰু নিব নোৱাৰিব আমিষ খাদ্য...

ৰে'লৱে

Published: 

02 Feb 2025 | 06:31 PM

আপুনি নিৰামিষ খাদ্য় ভাল পায় নে আমিষ খাদ্য ভাল পায় ? তুলনামূলকভাৱে আমাৰ সমাজৰ এটা অংশই নিৰামিষ খাদ্য অধিক পছন্দ কৰে, এটা অংশই আমিষ আৰু এটা অংশই আমিষ-নিৰামিষ দুয়ো বিধ খাদ্য়কে পছন্দ কৰে । কিন্তু ৰে’ল যাত্ৰা বা বিমান যাত্ৰাৰ সময়ত আপুনি কোন বিধ খাদ্য অৰ্ডাৰ কৰে ? আপুনি যি খাদ্যই অৰ্ডাৰ নকৰক কিয় ভাৰতীয় ৰে’লৱেয়ে খাদ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ ব্য়ৱস্থা ।

এতিয়াৰ পৰা ৰে’ল যাত্ৰাৰ সময়ত খাব নোৱাৰিব আমিষ খাদ্য । অৰ্থাৎ ৰে’লৰ খাদ্যৰ লগত নাপাব মাছ-মাংস বা কণী । শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল কৰ্তৃপক্ষই। আচৰিত যেন লাগিলেও এতিয়াৰ পৰা এখন বিশেষ ৰে’লত নাপাব আমিষ খাদ্য । অৰ্থাৎ আপুনি খাব বিচাৰিলেও নাপাব মাছ-মাংস, কণী ।

দিল্লীৰ পৰা কাশ্মীৰৰ কাটৰা ষ্টেচনলৈ চলিব এই বিশেষ বন্দে ভাৰত ৰে’লখন । য’ত পৰিবেশন কৰা হ’ব কেৱল নিৰামিষ খাদ্য । যাত্ৰীক নিৰামিষ খাদ্য পৰিবেশন কৰা এইখনেই হ’ব দেশৰ প্ৰথমখন ৰে’ল । কেৱল এয়াই নহয়, কোনা যাত্ৰীয়ে যাত্ৰাৰ সময়ত নিব নোৱাৰিব আমিষ খাদ্য ।

দিল্লী-কাটৰা বন্দে ভাৰতে লাভ কৰিছে সাত্বিক ৰে’লৰ প্রমাণ-পত্র ৷ এয়া প্ৰদান কৰিছে IRCTC আৰু ভাৰতীয় সাত্ত্বিক পৰিষদে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...