ভয়ংকৰ পৰিস্থিতি! ৩০ জনৰ মৃত্যু, ৰাজপথত আৱদ্ধ বহু লোক , বিদ্যালয় বন্ধ ঘোষণা…

মঙলবাৰে বিয়লি প্ৰায় ৩ বজাত জম্মুৰ ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰৰ মাতা বৈষ্ণো দেৱী মন্দিৰ পথৰ অৰ্ধকুম্ৱাৰীৰ সমীপত ভূমিস্খলন সংঘটিত হয়। এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা। এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনা, আৰক্ষী আৰু স্থানীয় দলসমূহে অহৰহ সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।

ভয়ংকৰ পৰিস্থিতি! ৩০ জনৰ মৃত্যু, ৰাজপথত আৱদ্ধ বহু লোক , বিদ্যালয় বন্ধ ঘোষণা...

জম্মুত ভয়ংকৰ ভূমিস্খলন

Published: 

27 Aug 2025 | 10:40 AM

মঙলবাৰে জম্মু অঞ্চলত নদীৰ বাঢ়নি পানী আৰু দ্ৰুত প্ৰবাহে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে। পানীৰ গতি ইমানেই বেগী আছিল যে বাটত ডাঙৰ ডাঙৰ অহা শিল, গছ  সকলো তললৈ নমাই নিয়ে। ধাৰাসাৰ বৰষুণৰ মাজতে বৈষ্ণো দেৱী যাত্ৰা পথৰ অৰ্ধকুম্ৱাৰীৰ সমীপত হঠাতে হোৱা ভূমিস্খলনে ধ্বংসাৱশেষ আৰু প্ৰকাণ্ড শিল পেলাই ৰাজপথত আৱদ্ধ কৰে। এই প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। একে সময়তে স্থানীয় প্ৰশাসন, আৰক্ষী আৰু এন ডি আৰ এফৰ দলে উদ্ধাৰ অভিযানত লিপ্ত হৈছে। লগতে বিদ্যুৎ আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সেৱা আৰু আন্তঃগাঁথনি মেৰামতিৰ কামো দ্ৰুত গতিত চলি আছে।

ৰেচি জিলাৰ ত্ৰিকুটা পাহাৰত অৱস্থিত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত সংঘটিত হৈছে ভূমিস্খলন। বিয়লি প্ৰায় ৩ বজাত অৰ্ধকুঁৱৰী সমীপৰ ইন্দ্ৰপ্ৰস্থ ভোজনালয়ৰ সমীপত ভূমিস্খলন সংঘটিত হয়। এতিয়াও বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এছ এছ পি ৰিয়াছি পৰমবীৰ সিঙে জনোৱা মতে, কাত্ৰাৰ সমীপত হোৱা এই ঘটনাত ৩০ জন লোকৰ মৃত্যু হৈছে।

ধাৰাবাহিক বৰষুণৰ ফলত কেৱল জম্মুই নহয়, কাশ্মীৰ উপত্যকাতো বেয়াকৈ প্ৰভাৱ পৰিছে।  জাহ গৈছে বহু দলং, বিদ্যুতৰ খুঁটা আৰু মোবাইল টাৱাৰৰ ক্ষতিসাধন হৈছে। পৰিস্থিতি ভয়াৱহ হৈ পৰাত বৈষ্ণো দেৱী যাত্ৰা পিছুৱাই দিব লগা হৈছে। স্থবিৰ হৈ পৰিছে দূৰসংযোগ সেৱা । জম্মু-শ্ৰীনগৰ আৰু কিষ্টৱাৰ-ডোডা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ বিপৰীতে বহু পাহাৰীয়া পথ ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আনকি জম্মুলৈ অহা-যোৱা কৰা বহু ৰে’ল বাতিল কৰিবলগীয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে জৰুৰী বৈঠকত মিলিত হয়

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই জৰুৰী বৈঠক আহ্বান কৰি সকলো জিলা প্ৰশাসনিক বিষয়াক হাই এলাৰ্টত থাকিবলৈ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক সময়মতে খাদ্য, পানী আৰু ঔষধ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। বৰ্তমান জম্মুৰ বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে তৰানা, উঝ, টৱী আৰু চেনাব  নদী।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, কাঠুৱাত যোৱা ২৪ ঘন্টাত সৰ্বাধিক ১৫৫.৬ মিলিমিটাৰ বৰষুণ হৈছে। ডোডাৰ ভাদেৰৱাহত ৯৯.৮ মিলিমিটাৰ, জম্মুত ৮১.৫ মিলিমিটাৰ আৰু কাটৰাত ৬৮.৮ মিলিমিটাৰ বৰষুণ হয়। বিভাগটোৱে ২৭ আগষ্টলৈকে প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণ, ক্ষন্তেকীয়া বান আৰু ভূমিস্খলনৰ সতৰ্কবাণী জাৰি কৰিছে।

২৭ আগষ্টলৈ বন্ধ থাকিব জম্মু সংমণ্ডলৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়

দূৰসংযোগ সেৱাৰ বিজুতিৰ বাবে সাহায্যৰ কাম প্ৰভাৱিত হৈছে যদিও কাৰিকৰী দলসমূহ পুনৰুদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু সংমণ্ডলৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় ২৭ আগষ্টলৈকে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনে। দশম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াও আপাততঃ বন্ধ কৰি দিয়া হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...