ভয়ংকৰ ঘটনা! দলং ভাঙি নদীত পৰিল কেইবাখনো বাহন, ১০ জনৰ মৃত্যু, আহত বহু লোক…

বুধবাৰে পুৱা দলখন ভাঙি পৰাৰ ফলত বহু বাহন নদীত বাগৰি পৰে। এই দলংখন ভাঙি  দুভাগত বিভক্ত হৈছিল। যাৰ ফলত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩ জন আহত হয়।  আৰক্ষী পৰিদৰ্শকে জনোৱা মতে, এই পৰ্যন্ত চাৰিজন লোকক উদ্ধাৰ কৰা হৈছে।

ভয়ংকৰ ঘটনা! দলং ভাঙি নদীত পৰিল কেইবাখনো বাহন,  ১০ জনৰ মৃত্যু, আহত বহু লোক...

গুজৰাটত দলং ভাঙি নদীত পৰিল বাহন

Updated On: 

09 Jul 2025 | 01:44 PM

গুজৰাটত সংঘটিত হৈছে শোকাৱহ ঘটনা। পাদ্ৰাত বদোদৰা আৰু আনন্দ সংযোগী মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত গম্ভীৰা দলং ভাঙি পৰে। এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ জন লোক আহত হয়। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে স্থানীয় প্ৰশাসনে। কিন্তু এই ঘটনাত কিমানজন লোক নদীত পৰিছে তাৰ সঠিক তথ্য এতিয়াও পোহৰলৈ অহা নাই। কিন্তু কোৱা হৈছে যে দুখন ট্ৰাক, চাৰিচকীয়া, দুচকীয়া বাহনকে ধৰি ৫ খন বাহন নদীত উটি যায়।

ইফালে দলঙৰ মাজত ওলমি আছে এখন ট্ৰাক। নদীত আবদ্ধ হৈ থকা যান-বাহন আৰু লোকক আঁতৰাই নিবলৈ অব্যাহত আছে উদ্ধাৰ অভিযান। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল । নদীত পৰি যোৱা লোকসকলক ডুবাৰুৰ সহায়ত অনুসন্ধান চলোৱা হৈছে। পাদ্ৰা আৰক্ষী পৰিদৰ্শক বিজয় চৰণে কয়, “পুৱা প্ৰায় ৭.৩০ বজাত মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত দলঙৰ এটা অংশ ভাঙি বহু বাহন নদীত পৰি যায়। দুখন ট্ৰাক আৰু দুখন ভ্যানকে ধৰি বহু বাহন নদীত বাগৰি পৰে। আমি এই পৰ্যন্ত চাৰিজন লোকক উদ্ধাৰ কৰিছো।”

জানিব পৰা মতে, সৌৰাষ্ট্ৰৰ পৰা অহা ডাঙৰ বাহনসমূহে টোল টেক্সৰ পৰা হাত সাৰিবলৈ এই দলংখন ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে বদোদৰা কালেক্টৰৰ মতে বৰ্তমান যাতায়তৰ বাবে কোনো বিকল্প পথৰ ব্যৱস্থা কৰা হোৱা নাই। মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত এই দলংখন ৪৩ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। গম্ভীৰা দলংক ছুইচাইড পইণ্ট বুলিও জনা যায়। মেৰামতিৰ প্ৰয়োজন আছিল যদিও মেৰামতি কৰা নহ’ল। দলঙৰ কাষতে নতুন দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

বহুদিন ধৰি দলংখন কঁপি আছিল

নতুন দলংখনৰ অনুমোদন লাভ কৰাৰ পাছতো ইয়াৰ কাম আৰম্ভ হোৱা নাই৷ বাৰিষা আৰম্ভ হোৱাৰ আগতেই কোনো সাৱধানতা অৱলম্বন কৰা হোৱা নাছিল। দলংখন জৰাজীৰ্ণ হোৱাৰ পাছতো বন্ধ কৰা নহ’ল যাতায়ত। ইফালে দীৰ্ঘদিন ধৰি দলংখন কঁপি থকা বুলি ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন হৈ আছিল। কিন্তু তাৰ পিছতো কোনো ব্যৱস্থা লোৱা নহ’ল আৰু সময়মতে মেৰামতি কৰা নহ’ল।

লগতে পঢ়ক: পেঞ্চনাৰসকলৰ বাবে ডাঙৰ সকাহ, এতিয়া আৰু অফিচে-অফিচে দৌৰিব নালাগে! চৰকাৰৰ বিশেষ পদক্ষেপ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব