বিয়াত দিছিল ৩৫ লাখ টকা, পুনৰ কৰিছিল দাবী! পত্নীক জীৱন্তে জ্বলোৱা স্বামীক আৰক্ষীৰ এনকাউন্টাৰ…

পুনৰ পোহৰলৈ আহিছে এক গাৰ নোম শিঁয়ৰি উঠা ঘটনা। স্বামী আৰু তেওঁৰ পৰিয়ালে মিলি হত্যা কৰে এগৰাকী মহিলাক। এই ঘটনাৰ পাছতে আৰক্ষীয়ে স্বামীক এনকাউন্টাৰ কৰাৰ বিপৰীতে বাকী অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

বিয়াত দিছিল ৩৫ লাখ টকা, পুনৰ কৰিছিল দাবী! পত্নীক জীৱন্তে জ্বলোৱা স্বামীক আৰক্ষীৰ এনকাউন্টাৰ...

স্বামী-স্ত্ৰী

Updated On: 

24 Aug 2025 15:40 PM

পত্নী হত্যাৰ অভিযুক্ত বিপিনক আৰক্ষীৰ এনকাউন্টাৰ। জানিব পৰা মতে, ঘটনাৰ তদন্ত কৰিবলৈ আৰক্ষী দেওবাৰ (২৪ আগষ্ট)য়ে ঘনটাস্থলীত উপস্থিত হৈছিল। কিন্তু তাৰ পাছতে বিপিনে পলাই যাবলৈ চেষ্টা কৰে আৰু তেওঁক ৰখাবলৈ আৰক্ষীয়ে এনকাউন্টাৰ কৰিবলগীয়া হয়। আৰক্ষীৰ গুলি বিপিনৰ ভৰিত লাগে। এই ঘটনাৰ পাছত বিপিনক হাস্পাতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ মতে, বিপিনক সোধা পোছা কৰাৰ সময়ত কয় যে, তেওঁ অনুতপ্ত নহয়। কাৰণ এই হত্যাকাণ্ড তেওঁ সংঘটিত কৰা নাই।

উল্লেখ্য যে, ২১ আগষ্টত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছিল এক গাৰ নোম শিঁয়ৰি উঠা ঘটনা। অভিযোগ অনুসৰি, নিক্কি নামৰ মহিলাগৰাকীক তেওঁৰ স্বামী আৰু শাহুৱেকে জীৱন্তে জ্বলাই হত্যা কৰে। এই ঘটনাৰ ন্যায় বিচাৰি এতিয়া নিক্কিৰ পৰিয়ালে প্ৰতিবাদ অব্যাহত ৰাখিছে।

তথ্য অনুসৰি ২০১৬ চনত নিক্কি আৰু তেওঁৰ ভগ্নী কাঞ্চনৰ বিয়া একেটা পৰিয়ালৰে দুজন ভাতৃৰ সৈতে হৈছিল। ঘটনা সন্দৰ্ভত কাঞ্চনে কৈছে যে, বিপিনৰ বহু যুৱতীৰ সৈতে সম্পৰ্ক আছিল। যাৰ বাবে নিক্কি আৰু বিপিনৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। কাঞ্চনে কয় যে, নিক্কিয়ে গম পাইছিল যে তেওঁৰ স্বামীৰ অন্য যুৱতীৰ সৈতে সম্পৰ্ক আছে। যাৰ বাবে তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল।

২১ আগষ্টত এই কাজিয়া ইমানেই ডাঙৰ হৈছিল যে নিক্কিক স্বামী আৰু শাহুৱেকে জীৱন্তে জ্বলাই হত্যা কৰে। যেতিয়া শহুৰেকৰ পৰিয়ালে নিক্কিক মাৰপিট কৰি আছিল তেতিয়া সকলো ভিডিঅ’ কৰি ৰাখিছিল কাঞ্চনে। এই ভিডিঅ’টোত নিক্কিত মাৰপিট কৰাৰ পৰা জ্বলাই দিয়ালৈকে সকলো ৰেকৰ্ড আছে।  তাৰ পাছতে কাঞ্চনে পৰিয়ালৰ লোকক খবৰ দিয়ে। পৰিয়ালৰ লোকে নিক্কিক হাস্পাতালত ভৰ্তি কৰাই যদিও মৃত্যুক সাৱতি লয়। জানিব পৰা মতে, এই ঘটনাত নিক্কিৰ স্বামী, দেওৰ আৰু শাহুয়েক জড়িত আছে। ঘটনাৰ পাছতে শাহুৱেক আৰু দেওৰেকে পলায়ন কৰে যদিও স্বামীক আটক কৰিছে আৰক্ষীয়ে।

নিক্কিৰ পৰিয়ালৰ লোকে কয় যে, “শহুৰেকৰ ঘৰে যৌতুক দাবী কৰি আছিল। আমি নীতি-নিয়মেৰে কন্যাক বিয়া দিছিলো। কিন্তু এতিয়া আমাৰ ছোৱালী নাই। তেওঁলোকে গাড়ী বিচাৰি আছিল আৰু যাৰ বাবে নিক্কিক নিৰ্যাতন চলাই আহিছিল। ইতিমধ্যে আমি বিয়াৰ সময়ত ৩৫ লাখ টকা। কিন্তু তেওঁলোকে আৰু অধিক যৌতুকৰ দাবী কৰি আছিল”।

ঘটনা সন্দৰ্ভত নিক্কিৰ পুত্ৰই কৈছে যে, “মোৰ দেউতাই মাক মাৰপিট কৰিছিল। পাছত মোক তললৈ যাব কৈছিল। দেউতাই মাৰ গাত তেল ঢালি জ্বলাই দিছিল”।

এই ঘটনাই সন্দৰ্ভত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে। আৰক্ষীয়ে যিকোনো পধ্যেই শাহুৱেক আৰু দেওৰেকক গ্ৰেপ্তাৰ কৰিব বুলি পৰিয়ালক আশ্বাস দিছে। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব এই ঘটনাৰ সবিশেষ।

 

অন্য খবৰ পঢ়কঃ কিয় সন্ত্ৰাসবাদীসকল মুছলমান হয়ঃ ৰাষ্ট্ৰসংঘত পাকিস্তান, ভাৰতকো কৰিলে টাৰ্গেট…

আপোনাৰ ঘৰতো আছে নেকি লাফিং বুদ্ধৰ মূৰ্তি? পিছে শুভ নে অশুভ এয়া!
আপোনাৰ সন্তানেও কেতিয়াবা কৈছে নেকি কাণৰ বিষৰ কথা? এনে ঘৰুৱা উপায়ে দিব সকাহ
বহু সময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখে নেকি? হ’ব পাৰে এইসমূহ ৰোগ…
বিৰল সংযোগ, গণেশ চতুৰ্থীত এই ৩ ৰাশিৰ উদয় হ'ব ভাগ্য!