চুলতানপুৰ এনকাউণ্টাৰক লৈ উত্তাল যোগী ৰাজ্যঃ মানৱ অধিকাৰ আয়োগত এজাহাৰ দাখিল

উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ এক ডকাইতি কাণ্ডৰ পিছতে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছিল এগৰাকী অভিযুক্তৰ। এই এনকাউণ্টাৰক কেন্দ্ৰ ৰাজ্যখনত ব্যাপক বিবাদৰ সৃষ্টি হৈছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই এই এনকাউণ্টাৰক ভুৱা আখ্যা দি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।

চুলতানপুৰ এনকাউণ্টাৰক লৈ উত্তাল যোগী ৰাজ্যঃ মানৱ অধিকাৰ আয়োগত এজাহাৰ দাখিল

চুলতানপুৰ এনকাউণ্টাৰক লৈ উত্তাল উত্তৰ প্ৰদেশ

Published: 

06 Sep 2024 | 09:06 AM

এক এনকাউণ্টাৰক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে উত্তৰ প্ৰদেশ, সৃষ্টি হৈছে ব্যাপক ৰাজনৈতিক বাক-বিতণ্ডাৰ। এনে বাদ-বিবাদৰ মাজতে এই গোচৰ এতিয়া মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে। ৰাজ্যখনৰ চুলতানপুৰত শেহতীয়াকৈ সংঘটিত হোৱা এনকাউণ্টাৰক কেন্দ্ৰ কৰি উৎপত্তি হৈছে এনে পৰিস্থিতিৰ। যোৱা ২৮ আগষ্টত চুলতানপুৰৰ এখন গহনা দোকানত ডকাইতি কাণ্ড সংঘটিত হৈছিল। মুখা পৰিহিত দুষ্কৃতিকাৰীৰ এটা দলে দোকানখনৰ পৰা লুটপাত কৰিছিল কোটি কোটি টকা মূল্যৰ সামগ্ৰী। এই ডকাইতি কাণ্ডৰ পিছতে এজন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা তাৎক্ষণিক ব্যৱস্থাৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে।

দিন দূপৰতে পাঁচজনীয়া দল এটাই চুলতানপুৰৰ গহণা দোকানখনত চলাইছিল ডকাইতি। ইয়াৰ পিছতে এই ডকাইতি কাণ্ডৰ মূল অভিযুক্ত বিপিন সিঙে আত্মসমৰ্পণ কৰিছিল। আনহাতে আৰক্ষীৰ সৈতে এনকাউণ্টাৰত এজন অভিযুক্তৰ মৃত্যু হোৱাৰ বিপৰীতে দুজন অভিযুক্তৰ ভৰিত গুলী লাগিছিল। আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল অভিযুক্ত মংগেশ যাদৱে। এই এনকাউণ্টাৰে এতিয়া সূচনা কৰিছে ৰাজনৈতিক বাদ-বিবাদৰ।

সমাজবাদী পাৰ্টিৰ মুৰব্বী তথা সাংসদ অখিলেশ যাদৱে এই এনকাউণ্টাৰক ভুৱা বুলি অভিহিত কৰি ৰাজ্য চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে। অখিলেশ যাদৱৰ এনে অভিযোগৰ বিপৰীতে যোগী চৰকাৰৰ কেবিনেট মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে কৰিছে এক বিদ্ৰুপাত্মক মন্তব্য। অখিলেশ যাদৱক কটাক্ষ কৰি ওম প্ৰকাশ ৰাজভৰে যদি আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা নকৰে, তেন্তে ফুলৰ বৰষুণ কৰিব নেকি বুলি প্ৰশ্ন কৰিছে।

ইফালে অখিলেশ যাদৱে এই এনকাউণ্টাৰক ভুৱা বুলি অভিহিত কৰাৰ পিছতে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত এজাহাৰ দাখিল কৰা হৈছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অধিবক্তা জি এছ যাদৱে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত এজাহাৰ দাখিল কৰিছে। এই অভিযোগত চুলতানপুৰ এনকাউণ্টাৰক ভুৱা বুলি অভিহিত কৰা হৈছে। যি পৰিস্থিতিত এই এনকাউণ্টাৰ সংঘটিত হৈছিল, সেয়া ভুৱা যেন লাগে বুলি অভিযোগত উল্লেখ কৰা হৈছে।

অধিবক্তা জি এছ যাদৱে লগতে এই এনকাউণ্টাৰৰ তদন্ত উত্তৰ প্ৰদেশ আৰক্ষীৰ পৰিৱৰ্তে কোনো স্বতন্ত্ৰ সংস্থাৰ দ্বাৰা কৰিবলৈ দাবী জনাইছে। মানৱ অধিকাৰ আয়োগৰ ওচৰত দাখিল কৰা অভিযোগত কোৱা হৈছে যে মংগেশ যাদৱ কোনো অভ্যাসগত অপৰাধী নাছিল আৰু তেওঁৰ বিৰুদ্ধে পূৰ্বে কোনো গুৰুতৰ অভিযোগ ৰুজু হোৱা নাছিল। কেৱল এই গোচৰত এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে।

এনে বিবাদৰ মাজতে অখিলেশ যাদৱে বিৰোধী দলৰ নেতা লাল বিহাৰী যাদৱক আজি জৌনপুৰৰ বাসিন্দা মংগেশ যাদৱৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ অনুৰোধ জনাইছে। এই এনকাউণ্টাৰ সন্দৰ্ভত অখিলেশ যাদৱে অহৰহ প্ৰশ্ন উত্থাপন কৰি আছে। অখিলেশ যাদৱৰ দাবী, এই ভুৱা এনকাউণ্টাৰত ভৰিত কেৱল দেখুৱাবলৈহে গুলী চলোৱা হৈছিল আৰু জাতিৰ ভিত্তিত তেওঁলোকৰ জীৱন কাঢ়ি লোৱা হৈছিল।

ভুৱা এনকাউণ্টাৰে ৰক্ষকক ভক্ষকলৈ ৰূপান্তৰিত কৰে বুলি উল্লেখ কৰি সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে লগতে ভুৱা এনকাউণ্টাৰ সমাধান নহয় বুলি মন্তব্য কৰে। তেওঁ লগতে অখিলেশ দুদিন পূৰ্বে এনকাউণ্টাৰৰ নামত গুলীয়াই হত্যা কৰা ব্যক্তিজনৰ মেডিকেল ৰিপৰ্ট এতিয়া সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে বুলিও গুৰুতৰ অভিযোগ তুলিছে। প্ৰমাণ নষ্ট হোৱাৰ পূৰ্বে এনে গুৰুতৰ চৰকাৰী অপৰাধ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে তাৎক্ষণিকভাৱে লক্ষ্য কৰিব লাগে বুলি অখিলেখ যাদৱে লগতে কয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...