ধিক্! AIৰ জৰিয়তে শিক্ষয়িত্ৰীৰ অশ্লীল ছবি নিৰ্মাণেৰে ভাইৰেল কৰিলে ছাত্ৰই

চহৰৰ এখন বিখ্যাত বিদ্যালয়ৰ দুজন ছাত্ৰই AI ৰ সহায়ত বিদ্যালয়খনৰে এগৰাকী শিক্ষয়িত্ৰীৰ অশ্লীল ফটো নিৰ্মাণ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে। দুই ছাত্ৰৰ এনে অপকৰ্মই এক ভয়ানক পৰিস্থিতিলৈ ঠেলি দিছে শিক্ষয়িত্ৰীগৰাকী। এই জঘন্য ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে শিক্ষয়িত্ৰীগৰাকীয়ে।

ধিক্! AIৰ জৰিয়তে শিক্ষয়িত্ৰীৰ অশ্লীল ছবি নিৰ্মাণেৰে ভাইৰেল কৰিলে ছাত্ৰই

প্ৰতিনিধিত্বমূলক ছবি

Published: 

29 Sep 2024 14:36 PM

সময়ৰ অগ্ৰগতিৰ লগে লগে নতুন নতুন ৰূপত বিকাশ ঘটিছে প্ৰযুক্তিৰ। অত্যাধুনিক প্ৰযুক্তিয়ে সহজলভ্য কৰি তুলিছে মানুহৰ প্ৰয়োজনীয়তা। প্ৰযুক্তিৰ এনে উত্তৰণে বৰ্তমান সমাজখনকো আগুৱাই নিছে উত্তৰণৰ দিশত। কিন্তু উপকাৰী গুণৰ দৰেই বহু সময়ত এই অত্যাধুনিক প্ৰযুক্তি মানুহৰ বাবে হৈ পৰিছে অভিশাপো। সাম্প্ৰতিক সময়ত তেনে এক অত্যাধুনিক প্ৰযুক্তি হৈছে AI বা কৃত্ৰিম বুদ্ধিমত্তা। এফালে এই প্ৰযুক্তিয়ে বহু দিশত মানৱ সমাজক উপকৃত কৰাৰ বিপৰীতে আন প্ৰযুক্তিগত সুবিধা কিছুমানৰ দৰেই ঠেলি দিছে ভয়াৱহ বিপদৰ দিশলৈয়ো।

এক কথাত AI বা কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব পৰা বিপদ আন কিছুমান প্ৰযুক্তিতকৈ বহুগুণে বিপজ্জনক। AIৰ নেতিবাচক ব্যৱহাৰে ব্যক্তিৰ জীৱনলৈ নমাই আনিব পাৰে ভয়াৱহ বিপদ। তেনে এক ঘটনাই ঘটিছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ মূৰাদাবাদ জিলাৰ চিভিল লাইন এলেকাত দুজন ছাত্ৰই AI ৰ সহায়ত তেওঁলোকে অধ্যয়ন কৰা বিদ্যালয়ৰে এগৰাকী শিক্ষয়িত্ৰীৰ অশ্লীল ফটো নিৰ্মাণ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে।

দুই ছাত্ৰৰ এনে অপকৰ্মই এক ভয়ানক পৰিস্থিতিলৈ ঠেলি দিছে শিক্ষয়িত্ৰীগৰাকী। এনে ঘটনাৰ পিছত মানসিকভাৱে হতাশাত ভাগি পৰিছে শিক্ষয়িত্ৰীগৰাকী। এই জঘন্য ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে শিক্ষয়িত্ৰীগৰাকীয়ে। তেওঁৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত দুই ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। এনে ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

শিক্ষয়িত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে এই ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে ঘটনা সন্দৰ্ভত প্ৰথমে তেওঁ বিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত অভিযোগ দিয়াৰ কথা চিন্তা কৰে। কিন্তু অভিযুক্ত ছাত্ৰকেইজনে শিক্ষয়িত্ৰীগৰাকীক অভিযোগ দিয়াৰ পৰা বিৰত থাকিবলৈ দাবী জনায় আৰু অন্যথা একে ধৰণে বিদ্যালয়খনৰ আন শিক্ষয়িত্ৰীৰ ফটো বনাই ভাইৰেল কৰি দিব বুলি ভাবুকি দিয়ে। এনে ভাবুকিৰ পিছত শিক্ষয়িত্ৰীগৰাকীয়ে লগে লগে আৰক্ষীৰ কাষ চাপে।

আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত তেওঁ লগতে অভিযুক্ত ছাত্ৰকেইজনে ইনষ্টাগ্ৰাম গ্ৰুপতো তেওঁৰ এই সম্পাদিত ফটোও শ্বেয়াৰ কৰা বুলি উল্লেখ কৰিছে। সামাজিক মাধ্যমত নিজৰ এই অশ্লীল সম্পাদিত ফটো দেখাৰ পিছত হতভম্ব হৈ পৰে শিক্ষয়িত্ৰীগৰাকী। ইতিমধ্যে তেওঁৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। চহৰৰ এখন বিখ্যাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এই কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে জিলাখনৰ আৰক্ষী আৰক্ষী অধীক্ষকগৰাকীয়ে।

এই সন্দৰ্ভত তেওঁ প্ৰকাশ কৰা মতে শিক্ষয়িত্ৰীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা দুই অভিযুক্ত ছাত্ৰ নৱম শ্ৰেণীত অধ্যয়নৰত। ঘটনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে দুয়োগৰাকী ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী অধীক্ষকজনে উল্লেখ কৰে। তদন্তৰ পিছত তথ্য-প্ৰমাণৰ আধাৰত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে কয়।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension