Uttar Pradesh News: স্কুটিৰ দাম ১ লাখ টকা, কিন্তু জৰিমনা ২০ লাখ টকা, কেনেকৈ?

Scooter Penalty Creates Buzz Online: বিভিন্ন সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কোনো কাগজ-পত্ৰৰ অভাৱত আৰক্ষীয়ে অনমোলৰ স্কুটিখন জব্দ কৰে। তাৰ পৰিৱৰ্তে চালান বা জৰিমনাৰ কাগজ এখন হাতত তুলি দিয়ে। পিছত কি হ'ল জানক...

Uttar Pradesh News: স্কুটিৰ দাম ১ লাখ টকা, কিন্তু জৰিমনা ২০ লাখ টকা, কেনেকৈ?
Published: 

09 Nov 2025 | 03:03 PM

স্কুটাৰৰ দাম বেছি হ’লে মুঠ এক লাখ টকা খৰচ হ’ব। কিন্তু সেই বাহনখনৰ জৰিমনা যদি ২০ লাখ টকা হয় কি কৰিব? এয়া সম্ভৱনে?

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত সংঘটিত হৈছে এনে অদ্ভুদ ঘটনা। মঙলবাৰে নিউ মাণ্ডী অঞ্চলৰ চেক প’ষ্টত অনমোল সিংঘল নামৰ এজন ব্যক্তিয়ে হেলমেট পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে বিহে ২০ লাখ টকাৰ জৰিমনা। ইয়াৰ পিছত কৰ্তব্যৰত ট্ৰেফিক গাৰ্ডে তেওঁৰ লাইচেন্স চাব বিচাৰিলে। কিন্তু সেই সময়ত তেওঁৰ লগত কোনো কাগজ-পত্ৰ নাছিল।

ভাৰতীয় বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কোনো নথি-পত্ৰৰ নোহোৱাৰ বাবে আৰক্ষীয়ে অনমোলৰ স্কুটিখন জব্দ কৰে। বৰঞ্চ জৰিমনাৰ কাগজ এখন তেওঁৰ হাতত তুলি দিয়ে। কিন্তু সেই কাগজখনলৈ চোৱাৰ লগে লগে তেওঁ আচৰিত হৈ পৰে। অনমোলে ক’লে, ‘মই হেলমেট পিন্ধিবলৈ পাহৰিলোঁ, ইমান ডাঙৰ চালান কিয়?’ আৰক্ষীয়ে দিয়া কাগজত দেখা গৈছে যে তেওঁক ২০ লাখ ৭৪ হাজাৰ টকা জৰিমনা বিহা হৈছে। লগে লগে অনমোলে ছ’চিয়েল মিডিয়াত সেই চালানৰ এখন ফটো পোষ্ট কৰিলে। যিটো কেইমুহূৰ্ততে ভাইৰেল হৈ পৰিল। উত্তৰ প্ৰদেশ আৰক্ষীক লক্ষ্য কৰি বিভিন্ন কথা ক’বলৈ আৰম্ভ কৰিলে নেটিজেনে। তেতিয়াই চালানখন আৰক্ষীৰ দৃষ্টিগোচৰ হ’ল আৰু ক্ষমা খুজিলে।

মুজাফ্ফৰনগৰৰ আৰক্ষী অধীক্ষক অতুল চৌবে কয়- “চালান দিয়া কৰ্তব্যৰত আৰক্ষী বিষয়াজনৰ ফালৰ পৰা নিশ্চয় কিবা এটা ভুল হৈছে। ইচ্ছাকৃতভাৱে কৰা নাছিল হয়তো। এটা সৰু ভুলৰ বাবে ৪ হাজাৰ টকাৰ জৰিমনা ২০ লাখ টকাৰ জৰিমনালৈ ৰূপান্তৰিত হ’ল। এই ভুল ইতিমধ্যে শুধৰোৱা হৈছে।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...