অনুপ্ৰৱেশকাৰী ভাৰতীয়ৰ তৃতীয়টো গোট লৈ অমৃতসৰত অৱতৰণ আমেৰিকাৰ সামৰিক বিমান
নিশা ১১২ জন অনুপ্ৰৱেশকাৰী ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ তৃতীয়খন সামৰিক পৰিবহণ বিমান অমৃতসৰত অৱতৰণ কৰে । অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে এই সকলক অনুপ্ৰৱেশকাৰী ভাৰতীয়ক বিতাড়ন কৰা হৈছে আমেৰিকা চৰকাৰে ।

আমেৰিকাৰ সামৰিক বিমান
অনুপ্ৰৱেশকাৰী ভাৰতীয়ৰ তৃতীয়টো গোট বিতাড়ন কৰিলে আমেৰিকাই । যোৱা নিশা ১১২ জন অনুপ্ৰৱেশকাৰী ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ তৃতীয়খন সামৰিক পৰিবহণ বিমান অমৃতসৰত অৱতৰণ কৰে । তথ্য অনুসৰি এই ১১২ জন ভাৰতীয়ৰ ভিতৰত ৩১ জন পঞ্জাৱৰ, ৪৪ জন হাৰিয়ানাৰ, ৩৩ জন গুজৰাট আৰু অন্যান্য ৰাজ্যৰ। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে এই সকলক অনুপ্ৰৱেশকাৰী ভাৰতীয়ক বিতাড়ন কৰা হৈছে আমেৰিকা চৰকাৰে ।
আমেৰিকাৰ পৰা বিতাড়ন কৰা ভাৰতীয়সকলৰ বায়’মেট্ৰিক আৰু জেৰা কৰাৰ পাছত নিজ নিজ এলেকাৰ থানাত গতাই দিব আৰক্ষীয়ে । বিতাড়িত পঞ্জাৱৰ লোকৰ ভিতৰত দুগৰাকী মহিলাও অন্তৰ্ভুক্ত কৰা হৈছে। ৫ ফেব্ৰুৱাৰীত আমেৰিকাই প্ৰথমবাৰৰ বাবে ভাৰতলৈ প্ৰেৰণ কৰিছিল ১০৪ জন অনুপ্ৰৱেশকাৰীক। তৃতীয়টো গোটক ধৰি এতিয়ালৈকে আমেৰিকাই ৩৩২ জন অনুপ্ৰৱেশকাৰী ভাৰতীয়ক বিতাড়ন কৰিছে ।
VIDEO | Punjab: Third US plane with 112 illegal Indian immigrants on board lands at Amritsar airport.
(Full video available on PTI Videos- https://t.co/dv5TRARJn4) pic.twitter.com/NyJTLHPUgU
— Press Trust of India (@PTI_News) February 16, 2025
উল্লেখ্য যে, যোৱা শনিবাৰে গভীৰ নিশা ১১৬ জন ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোট লৈ অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰিছিল আমেৰিকাৰ চি-১৭ সামৰিক বিমান । দ্বিতীয়টো গোটৰ ৬৫ জন পঞ্জাৱৰ, ৩৩ জন হাৰিয়ানাৰ, ৮ জন গুজৰাটৰ, দুজনকৈ উত্তৰ প্ৰদেশ, গোৱা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ আৰু এজনকৈ হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ লোক আছিল । সূত্ৰ অনুসৰি, দ্বিতীয় গোটৰ বিতাড়িত অধিকাংশ লোকৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত।
একেদৰে ৫ ফেব্ৰুৱাৰীত আমেৰিকাই বিতাড়ন কৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ প্ৰথমটো গোট অমৃতসৰত উপস্থিত হৈছিল । ইয়াৰে ৩৩ জনকৈ হাৰিয়ানা আৰু গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ। প্ৰথমটো গোটত ১০৪ জন ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰিছিল আমেৰিকায় ।