মৰ্মান্তিক! এটা কুকুৰক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শক ৰিছা শৰ্মাই…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা আৰক্ষী বিষয়াই। জানিব পৰা মতে, এটা কুকুৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱাই ৰিছা শৰ্মা নামৰ মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে।

মৰ্মান্তিক! এটা কুকুৰক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শক ৰিছা শৰ্মাই...

ৰিছা শৰ্মা

Published: 

18 Aug 2025 | 01:09 PM

এক  মৰ্মান্তিক ঘটনা। কুকুৰ এটাক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী মহিলা আৰক্ষীয়ে। তথ্য অনুসৰি মাজ নিশা ৰিছা শৰ্মা নামৰ উপ-পৰিদৰ্শকগৰাকীয়ে কৰ্তব্য শেষ কৰি ঘৰলৈ গৈ আছিল। তেতিয়াই তেওঁৰ স্কুটিৰ সন্মুখত এটা কুকুৰ দৌৰি আহে। সেই কুকুৰটোক ৰক্ষা কৰাৰ চেষ্টা কৰোতেই ৰিছাক পাছফালৰ পৰা অহা এখন বাহনে খুন্দা মাৰে। যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় তেওঁ।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। এইগৰাকী আৰক্ষী বিষয়া কবিনগৰত নিয়োজিত আছিল। ২০২৩ বেচৰ এগৰাকী মহিলা পৰিদৰ্শক আছিল ৰিছা। ২৫ বছৰীয়া ৰিছাৰ ঘৰ কানপুৰত বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ৰিছাক প্ৰথমে সৰ্বোদয় চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু মূৰত লাভ কৰা গুৰুতৰ আঘাতৰ বাবে চিকিৎসাৰ সময়তে মৃত্যুক সাৱটি লয়। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে সেই স্থানত আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ইতিমধ্যে আৰক্ষীয়ে ৰিছাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

তথ্য অনুসৰি, ৰিছা শৰ্মা কবিনগৰ আৰক্ষী থানাৰ শাস্ত্ৰী নগৰ আউটপোষ্টত লেডী ইন্সপেক্টৰ আছিল। অন্য দিনাৰ দৰে তেওঁ কালিও নিশা কৰ্তব্য সমাপন কৰি ঘৰলৈ উভতিছিল। কিন্তু ঘৰ গৈ নাপালে ৰিছাই। আধা বাটতে সাৱটি ল’লে মৃত্যুক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, গাজিয়াবাদত অকলে বাস কৰিছিল ৰিছাই। কালি ডিউটিৰ পৰা তেওঁ ৰুমলৈ গৈ আছিল। তেতিয়াই স্কুটিৰ আগত এটা কুকুৰ আহি পৰে। কুকুৰটোক বচাবলৈ ৰিছাই স্কুটিখন ঘূৰাই দিয়ে আৰু তেতিয়াই এখন বাহনে তেওঁক খুন্দা মাৰে। হেলমেট পিন্ধি থকাৰ পাছতো তেওঁ মূৰত যথেষ্ঠখিনি আঘাত পায়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও প্ৰাণ ৰক্ষা নপৰিল।

আৰক্ষীয়ে আৰু জনাই যে, বৰ্তমান ৰিছাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰিছাৰ বিয়া হোৱা নাছিল। ইতিমধ্যে তেওঁৰ পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে। ৰিছাৰ খবৰ পাই শোকত ভাগি পৰিছে পৰিয়ালৰ লোকে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ পোনে পোনে যাব পাৰিব চীনলৈ! ভাৰতৰ সৈতে ডাঙৰ সিদ্ধান্ত লোৱাৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব