বিশ্বব্যাপী জাহাজ চলাচলৰ প্ৰাণকেন্দ্ৰ হিচাপে জিলিকি উঠিছে ভাৰত: সর্বানন্দ সোণোৱাল

মুম্বাইত FICCI-ৰ দ্বাৰা আয়োজিত "মেৰিটাইম ইণ্ডিয়া কনফাৰেন্স এণ্ড এক্সপ' ২০২৫"ত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়াই কেন্দ্রীয় মন্ত্রীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকি ডাচ্ছ কনচ্যেল জেনেৰেল নাবিল তাওয়াটিয়ে বহনক্ষম বন্দৰ, লজিষ্টিক আৰু সামুদ্রিক সুৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পর্ক গভীৰ কৰাৰ কথা উল্লেখ কৰে।

বিশ্বব্যাপী জাহাজ চলাচলৰ প্ৰাণকেন্দ্ৰ হিচাপে জিলিকি উঠিছে ভাৰত: সর্বানন্দ সোণোৱাল

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Published: 

22 Jan 2025 23:08 PM

মুম্বাইত FICCI-ৰ

 

দ্বাৰা আয়োজিত “মেৰিটাইম ইণ্ডিয়া কনফাৰেন্স এণ্ড এক্সপ’ ২০২৫”ত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়াই কেন্দ্রীয় মন্ত্রীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকি ডাচ্ছ কনচ্যেল জেনেৰেল নাবিল তাওয়াটিয়ে বহনক্ষম বন্দৰ, লজিষ্টিক আৰু সামুদ্রিক সুৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পর্ক গভীৰ কৰাৰ কথা উল্লেখ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ক্ষমতা ছয়গুণতকৈও অধিক সম্প্ৰসাৰিত কৰি ২০৪৭ চনৰ ভিতৰত প্ৰতি বছৰে ১০,০০০ নিযুত টন ক্ষমতাত উপনীত হ’ব, যি দেশৰ সৰ্ববৃহৎ সামুদ্রিক আন্তঃগাঁথনি অভিযান হিচাপে চিহ্নিত হৈছে।” তেওঁ লগতে কয়, ভাৰত সম্প্রতি এক বিশ্বব্যাপী জাহাজ চলাচলৰ প্ৰাণকেন্দ্ৰ হিচাপে জিলিকি উঠিব ধৰিছে। দেশৰ মুখ্য বন্দৰসমূহে বছৰি ৮২০ মিলিয়ন মেট্রিক টন কার্গ পৰিচালনা কৰি আছে, যিয়ে ২০১৪ চনৰ পৰা ৪৭ শতাংশ বৃদ্ধি প্রতিফলিত কৰিছে।” তেওঁ কয়, “ভাৰতৰ সামুদ্রিক খণ্ড দেশৰ অৰ্থনৈতিক পুনৰুত্থানৰ এক গুৰুত্বপূৰ্ণ মাধ্যমলৈ ৰূপান্তৰিত হৈছে।”

এই সম্প্ৰসাৰণ কাৰ্যসূচীত অন্তর্ভুক্ত আছে দুটা কৌশলগত বৃহৎ বন্দৰৰ বিকাশ। এটা মহাৰাষ্ট্ৰৰ ৱধাবন বন্দৰ, যি ভাৰতৰ সৰ্ববৃহৎ কণ্টেইনাৰ সুবিধাৰ প্ৰাণকেন্দ্র হ’বলৈ সাজু হৈছে। আনটো গ্রেট নিকোবৰৰ গেলাথিয়া উপসাগৰত আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ ট্রেন্সশ্বিপমেন্ট বন্দৰৰ নিৰ্মাণ। যাৰ উদ্দেশ্য হৈছে মুখ্য গোলকীয় পথবোৰত ট্রেন্সশ্বিপমেন্ট বাণিজ্যত প্ৰভাৱ বিস্তাৰ কৰা।

ইয়াৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এই সাফল্যসমূহে দেশৰ সমৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘বন্দৰ নেতৃত্বাধীন উন্নয়ন’ৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। বন্দৰৰ বৰ্ধিত আন্তঃগাঁথনিয়ে দেশৰ দ্রুত অৰ্থনৈতিক বিকাশ আৰু সংস্থাপন সৃষ্টিৰ বাবে এক অনুঘটক হিচাপে কাম কৰিছে। সামুদ্রিক আধুনিকীকৰণ অভিযানে ইতিমধ্যে গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। কণ্টেইনাৰ ৰখাৰ সময় তিনি দিনলৈ হ্রাস কৰা হৈছে, আনহাতে জাহাজৰ পৰিৱৰ্তনৰ সময় ০.৯ দিনলৈ উন্নীত হৈছে, যিয়ে উন্নত অর্থনীতিত অৰিহণা যোগাইছে। বিশ্ব বেংকৰ কন্টেইনাৰ প’ৰ্ট প্রদর্শন সূচক ২০২৩-ত ৯টা ভাৰতীয় বন্দৰ তালিকাভুক্ত হৈছে, যাৰ ভিতৰত বিশাখাপত্তনম বিশ্বৰ শীৰ্ষ ২০টা স্থানৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ ফলত ভাৰতৰ সামুদ্রিক খণ্ডত অভূতপূর্ব ৰূপান্তৰ সাধন হৈছে। আমি এতিয়া সামুদ্রিক খণ্ডত বিশ্বৰ এক আগশাৰীৰ শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছোঁ।”

উক্ত অনুষ্ঠানৰ  এক্সপ’ৰ বিপণীসমূহ পৰিদৰ্শন কৰি আপ্‌লুত হয় কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল। যাৰ জৰিয়তে সামুদ্রিক খণ্ডৰ বিভিন্ন শেহতীয়া উন্নয়ন, পাৰদৰ্শিতা তথা সফলতা সুন্দৰকৈ  প্রদর্শিত হৈছে।উক্ত সম্মিলনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘নতুন দিগন্ত সৃষ্টি: ভাৰতৰ জাহাজ নির্মাণ আৰু মেৰামতি উদ্যোগৰ বিকাশ’ সন্দৰ্ভত ফিকি-ক্ৰিচিলৰ এক প্রতিবেদন মুকলি কৰে।

মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...
যকৃতৰ এনজাইম বৃদ্ধি পালে কোনবোৰ লক্ষণ দেখা যায়? জানক
দৈনিক খালী পেটত খাওক ডালচেনিৰ পানী, পাব আচৰিত উপকাৰিতা...