Google, Microsoft নহয়, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰম্ভ কৰিলে ভাৰতীয় এপ Zoho ৰ ব্যৱহাৰ
Union Minister Ashwini Vaishnaw, Zoho: ২৪ ছেপ্টেম্বৰ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেট ব্রিফিং অনুষ্ঠিত কৰে। সেই ব্রিফিঙত তেওঁ Zoho ক ব্যৱহাৰ কৰিছিল। ব্রিফিঙৰ আৰম্ভণিতে তেওঁ ঘোষণা কৰিছিল যে আজিৰ পিপিটি জোহোত প্ৰস্তুত কৰা হৈছে৷

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰম্ভ কৰিলে ভাৰতীয় এপ Zoho ৰ
ভাৰতৰ আই টি খণ্ডত আৰম্ভ হৈছে এক নতুন অধ্যায়ৰ সূচনা। ২২ ছেপ্টেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট যোগে ঘোষণা কৰিছিল যে এতিয়াৰে পৰা নথি-পত্ৰ, স্প্ৰেডশ্বীট আৰু প্ৰেজেণ্টেচনৰ বাবে Zoho ব্যৱহাৰ কৰিব। তেওঁ লিখিছে, “মই Zoho লৈ পৰিৱৰ্তন হৈছো, ই আমাৰ নিজৰ প্লেটফৰ্ম।” অৰ্থাৎ তেওঁ সেইদিনা ঘোষণা কৰিছিল যে মাইক্ৰ’ছফ্ট অফিচ বা গুগল ডকছ বহু কামত ব্যৱহাৰ নকৰে। কাৰ্যতঃ এয়াই আছিল এটা নতুন অধ্যায়ৰ আৰম্ভণি।
২৪ ছেপ্টেম্বৰ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেট ব্রিফিং অনুষ্ঠিত কৰে। তেতিয়াই ইতিহাস ৰচনা কৰা হৈছিল। সেই ব্রিফিঙত তেওঁ Zoho ক ব্যৱহাৰ কৰিছিল। ব্রিফিঙৰ আৰম্ভণিতে তেওঁ ঘোষণা কৰিছিল যে আজিৰ পিপিটি Zoho ত প্ৰস্তুত কৰা হৈছে৷
কিন্তু এই Zoho কি?
১৯৯৬ চনত শ্ৰীধৰ ভেম্বু আৰু টনি থমাছে জোহো প্ৰতিষ্ঠা কৰিছিল। কোম্পানীটোৰ মুখ্য কাৰ্যালয় চেন্নাইত। Zoho হৈছে এটা চফটৱেৰ কোম্পানী, যিয়ে ব্যৱসায় আৰু পেছাদাৰীসকলৰ বাবে ৫৫ টাতকৈও অধিক ক্লাউড-ভিত্তিক টুল আগবঢ়ায়। Zoho ত ইমেইল, একাউণ্টিং, এইচ আৰ, আৰু প্ৰজেক্ট মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি সকলো কামৰ বাবে চফটৱেৰ আছে।
যদিও কোম্পানীটো আমেৰিকাত পঞ্জীয়নভুক্ত, কোম্পানীটোৰ বেছিভাগ কামেই তামিলনাডুৰ পৰা কৰা হয়। ১৫০ খনতকৈও অধিক দেশত Zoho ৰ ১০ কোটিতকৈ অধিক ব্যৱহাৰকাৰী আছে। ফলত এই কোম্পানীটো কেৱল স্বাৱলম্বী ভাৰতৰ প্ৰতীক নহয়। এই কোম্পানীয়ে প্ৰমাণ কৰে যে ভাৰতীয় কোম্পানীসমূহেও আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্মক প্ৰত্যাহ্বান দিব পাৰে।