প্ৰথমবাৰৰ বাবে দেওবাৰৰ দিনটোত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট, ৰাষ্ট্ৰপতিৰ অনুমোদন…

দেওবাৰ হোৱাৰ পিছতো ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। ১৩ ফেব্ৰুৱাৰীত বাজেট অধিবেশনৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব। দ্বিতীয় পৰ্যায় ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব।

প্ৰথমবাৰৰ বাবে দেওবাৰৰ দিনটোত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট, ৰাষ্ট্ৰপতিৰ অনুমোদন...
Published: 

09 Jan 2026 | 09:35 PM

এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰে দাখিল কৰা হ’ব বাজেট-২০২৬। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন আৰু ২ এপ্ৰিললৈকে চলিব অধিৱেশন। ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে। ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰদান কৰিব। অহা ২৯ জানুৱাৰীত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ। দেওবাৰ হোৱাৰ পিছতো ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। ১৩ ফেব্ৰুৱাৰীত বাজেট অধিবেশনৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব। দ্বিতীয় পৰ্যায় ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব।

সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে চূড়ান্ত কৰা আংশিক সময়সূচীৰ উদ্ধৃতি দি শুকুৰবাৰে বিষয়াসকলে কয় যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৮ জানুৱাৰীত দুয়োটা সদনৰ যৌথ বৈঠকত ভাষণ দিব। পৰম্পৰাগতভাৱে বছৰৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনাই ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰদান কৰা হয়। বিটিং ৰিট্ৰিট অনুষ্ঠানৰ বাবে ২৯ জানুৱাৰীত দুয়োটা সদনৰ বৈঠক নহয়।

৩০ জানুৱাৰীত সংসদৰ বৈঠক অনুষ্ঠিত হ’ব, সেইদিনাই অৰ্থনৈতিক জৰীপ দাখিল হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে ৩১ জানুৱাৰীত লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত নহয়। ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰা হ’ব। ৰাষ্ট্ৰপতিৰ ভাষণ আৰু কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ ওপৰত আলোচনাৰ অন্তত ১৩ ফেব্ৰুৱাৰীত প্ৰায় এমাহজোৰা সংসদ স্থগিত ৰখা হ’ব।

৯ মাৰ্চৰ পৰা পুনৰ সংসদৰ অধিৱেশন আৰম্ভ হ’ব, আৰু ২ এপ্ৰিল বৃহস্পতিবাৰে অধিৱেশনৰ সামৰণি পৰিব। বিষয়াসকলে জনোৱা মতে, সাধাৰণতে শুকুৰবাৰে সংসদ স্থগিত ৰখা হয়। কিন্তু ৩ এপ্ৰিলত গুড ফ্ৰাইডে আৰু তাৰ পিছৰ সপ্তাহৰ শেষৰ দিনটো বিবেচনা কৰিলে ২ এপ্ৰিলত অধিবেশনৰ সামৰণি পৰিব পাৰে।

এইবাৰৰ বাজেট বহু দিশত বেলেগ হ’ব। প্ৰথমে পৰম্পৰা ভংগ কৰি ১ ফেব্ৰুৱাৰী দেওবাৰে বাজেট দাখিল কৰা হ’ব। আৰু অধিক চৰ্চা হৈছে যে বিত্ত মন্ত্ৰালয়ত প্ৰথমবাৰৰ বাবে কোনো বিত্ত সচিব নাই, তথাপিও বাজেটৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। সাধাৰণতে বিত্ত সচিব মন্ত্ৰালয়ৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া। মন্ত্ৰালয়ৰ ভিতৰত বিভিন্ন বিভাগৰ মাজত সমন্বয় স্থাপন, বাজেট সম্পৰ্কীয় ডাঙৰ ডাঙৰ সিদ্ধান্তসমূহ তদাৰক কৰা, সমগ্ৰ প্ৰক্ৰিয়াটোক পথ প্ৰদৰ্শন কৰাৰ দায়িত্ব তেওঁৰ।

কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ