Union Budget 2024: অভিভাৱকসকলে শিশুৰ বাবে সঞ্চয় কৰিবলৈ এন পি এছ বাটছল্য আঁচনি ঘোষণা

শিশুৰ সুবিধা হোৱাকৈ সঞ্চয়ৰ বাবে আজি বাজেটত এনপিএছ বাটছল্য (NPS Vaatsalya) আঁচনিৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই আঁচনিৰ অধীনত অভিভাৱক সকলে তেওঁলোকৰ নাবালক ল’ৰা-ছোৱালীৰ বাবে সঞ্চৰ সুবিধা লাভ কৰিব । ৱৰ্কফ্ল’ডত প্ৰৱেশ কৰাৰ লগে লগে আঁচনিখনক পূৰ্ণাংগ এনপিএছ একাউণ্টলৈ ৰূপান্তৰিত কৰিব পৰাৰো সুবিধা আছে ।

Union Budget 2024: অভিভাৱকসকলে শিশুৰ বাবে সঞ্চয় কৰিবলৈ এন পি এছ বাটছল্য আঁচনি ঘোষণা

নিৰ্মলা সীতাৰমণ

Updated On: 

23 Jul 2024 | 04:19 PM

মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত শিশুৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ এক আঁচনিৰ কথা ঘোষণা কৰিছে । শিশুৰ সুবিধা হোৱাকৈ সঞ্চয়ৰ বাবে আজি বাজেটত এনপিএছ বাটছল্য (NPS Vaatsalya) আঁচনিৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই আঁচনিৰ অধীনত অভিভাৱক সকলে তেওঁলোকৰ নাবালক ল’ৰা-ছোৱালীৰ বাবে সঞ্চৰ সুবিধা লাভ কৰিব । ৱৰ্কফ্ল’ডত প্ৰৱেশ কৰাৰ লগে লগে আঁচনিখনক পূৰ্ণাংগ এনপিএছ একাউণ্টলৈ ৰূপান্তৰিত কৰিব পৰাৰো সুবিধা আছে ।

বিত্তমন্ত্ৰী সীতৰমণে লগতে ঘোষণা কৰে যে,কেন্দ্রই শিক্ষা, নিয়োগ আৰু দক্ষতাৰ বাবে ১.৪৮ লাখ কোটি টকা আগবঢ়াব ৷ উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীক ৩ শতাংশ সুত ৰেহাই ১০ লাখ টকা পৰ্যন্ত কেন্দ্ৰই ঋণ দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী গৰাকীয়ে । সমান্তৰালভাৱে ৰাজ্য চৰকাৰ আৰু উদ্যোগসমূহৰ সহযোগত দক্ষতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত নতুন আঁচনিৰ কথা ঘোষণা কৰা হৈছে ।

অহা ৫ বছৰৰ ভিতৰত প্ৰায় ২০ লাখ যুৱক-যুৱতী দক্ষ কৰা হ’ব। মুঠ ১০০০ টা আই টি আই চেণ্টাৰ উন্নীত কৰা হ’ব । লগতে পাঠ্যক্ৰমৰ বিষয়বস্তু আৰু ডিজাইনৰ উদ্যোগসমূহৰ দক্ষতাৰ প্ৰয়োজনীয়তাৰ মাজত সামঞ্জস্য ৰক্ষা কৰা হ’ব ।

তদুপৰি বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, কেন্দ্ৰীয় চৰকাৰে ১ কোটি শিক্ষিত যুৱক-যুৱতীক ইন্টাৰশ্বিপৰ সুবিধা প্ৰদান কৰিব । এই ইন্টাৰশ্বিপৰ যুৱক-যুৱতী সকলে মাহিলী ৫০০০ টকা আৰু ৬০০০ টকাৰ এককালীন সাহায্য লাভ কৰিব।

লগতে পঢ়কঃ Education Loan Budget 2024: উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব শিক্ষা ঋণ, সবিশেষ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...