মাছ ধৰিবলৈ নদীলৈ গৈছিল খুড়াক-ভতিজাক, জীৱিত অৱস্থাত আৰু ঘূৰি নাহিল ঘৰলৈ

শনিবাৰে বিয়লি গাঁৱৰ কাষেৰে পাৰ হৈ যোৱা নদীত মাছ মাৰিবলৈ ওলাই গৈছিল খুড়াক আৰু ভতিজাক। কিন্তু নিশা বহু দেৰিলৈ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে দুয়োৰে সন্ধানত বিচাৰ খোচাৰ চলায়। অৱশেষত আজি পুৱা নদীত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ।

মাছ ধৰিবলৈ নদীলৈ গৈছিল খুড়াক-ভতিজাক, জীৱিত অৱস্থাত আৰু ঘূৰি নাহিল ঘৰলৈ

নদীত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ

Published: 

10 Nov 2024 | 04:02 PM

এক শোকাৱহ ঘটনাই কান্দোনৰ ৰোল তুলিছে এটি পৰিয়ালত। একেলগে খুড়াক-ভতিজাকৰ মৃত্যুৱে পৰিয়ালটোক কৰি তুলিছে শোকস্তব্ধ। মাছ মৰাৰ উদ্দেশ্যে দুয়ো একলগে ওলাই গৈছিল নদীলৈ। কিন্তু জীৱিত অৱস্থাত আৰু তেওলোক উভতিব নোৱাৰিলে ঘৰলৈ। নদীত ডুব যোৱাৰ ফলত শোকাৱহভাৱে মৃত্যু ঘটে দুয়োজনৰে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ৰাজস্থান। ৰাজ্যখনৰ সাৱাই মধুপুৰ জিলাৰ মালৰ্না ডুংগা অঞ্চলত সংঘটিত এই ঘটনাই অঞ্চলবাসীকে ভাবুক কৰি তুলিছে।

অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা বানাছ নদীত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়। গাঁৱৰ লোকসকলৰ সহযোগত আৰক্ষীয়ে নদীৰ পৰা দুয়োৰে মৃতদেহ পাৰলৈ উঠাই আনে। ঘটনাত নিহত খুড়াকজনৰ নাম ৪৫ বৰ্ষীয় চেলিম আৰু তেওঁৰ ভতিজাক ১৩ বৰ্ষীয় আয়ান বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে শনিবাৰে বিয়লি চেলিম আৰু তেওঁৰ ভতিজা আয়ান মাছ ধৰিবলৈ বানাছ নদীলৈ গৈছিল।

কিন্তু বিয়লিতে ওলাই যোৱা খুড়াক আৰু ভতিজাক নিশা ৯ বজালৈকে ঘৰলৈ উভতা নাছিল। এনে পৰিস্থিতিত চিন্তিত হৈ পৰে পৰিয়ালৰ লোকসকল আৰু দুয়োৰে সন্ধানত বিচাৰ-খোচাৰ কৰিবলৈ ধৰে। কিন্তু বহুদেৰি বিচাৰ-খোচাৰ কৰাৰ পিছত চেলিম আৰু আয়ানৰ সন্ধান উলিওৱাত বিফল হয় পৰিয়াল। নিশা দেৰি হৈ অহাৰ বাবে চিন্তিত মনেৰেই তেওঁলোকে ঘৰলৈ উভতিবলগা হয়।

এনে পৰিস্থিতিত আজি পুৱাই গাঁওবাসীৰ সৈতে পৰিয়ালৰ লোকে পুনৰ দুয়োৰে সন্ধানত কেওফালে বিচাৰ কৰে। এইদৰে বিচাৰ-খোচাৰ চলাই থকাৰ সময়তে কোনো লোকে বানাছ নদীৰ পাৰত তেওলোকে পৰিধান কৰি যোৱা চেণ্ডেল আৰু চাইকেলখন দেখিবলৈ পায়। চিন্তিত পৰিয়ালটোৱে লগে লগে জিলা প্ৰশাসন আৰু আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।

এই তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দল লগে লগে সেই স্থানত উপস্থিত হয় আৰু গাঁওবাসীৰ সহযোগত নদীত তালাচী অভিযান চলায়। কিছু সময়ৰ পিছতে আৰক্ষীয়ে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। চাইকেলখন থকা স্থানৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত খুড়াক আৰু ভতিজাকৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে। এনে শোকাৱহভাৱে দুয়োৰে মৃত্যু ঘটাত শোকত ভাগি পৰিছে পৰিয়ালটো।

জানিব পৰা মতে মৃত চেলিম নামৰ লোকজনে মাছ বিক্ৰীৰ কাম কৰিছিল। সেয়ে চেলিমে ভতিজাক আয়ানক লগত লৈ প্ৰতিদিনে মাছ ধৰিবলৈ নদীলৈ গৈছিল। কিন্তু শনিবাৰে মাছ ধৰাৰ সময়ত দুয়ো অজানিতে গভীৰ পানীত সোমাই পৰে আৰু ইয়াৰ ফলত দুয়ো নদীত ডুব যায়। আৰক্ষীয়ে ইতিমধ্যে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তাৰ পিছত মৃতদেহ আত্মীয়ক গতাই দিয়া হ’ব বুলি এজন বিষয়াই সদৰী কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...