বন্ধ হ’ল ২ কোটি আধাৰ কাৰ্ড, আপোনাৰ আধাৰো হ’ব নেকি বন্ধ! জানিবলৈ চাওক এতিয়াই

দীৰ্ঘদিন ধৰি এই আধাৰ একাউণ্টসমূহ সক্ৰিয় হৈ আছিল, ইয়াৰ ফলশ্ৰুতিত কোটি কোটি টকাৰ পেঞ্চন তথা ৰাজসাহায্যৰ জালিয়াতি চলি আছিল। ইয়াৰ উপৰিও এই আধাৰ কাৰ্ড ভুৱা ঋণ লোৱা বা ভুৱা ৰেচন কাৰ্ড তৈয়াৰ কৰা আদি কামতো ব্যৱহাৰ কৰা বুলি খবৰ পোৱা গৈছে।

বন্ধ হ’ল ২ কোটি আধাৰ কাৰ্ড, আপোনাৰ আধাৰো হ’ব নেকি বন্ধ! জানিবলৈ চাওক এতিয়াই

আধাৰৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ

Updated On: 

28 Nov 2025 19:21 PM

ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়া, চমুকৈ UIDAI- এ এতিয়া আধাৰ ডাটাবেছ পৰিষ্কাৰ কৰিছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে UIDAI- এ ইতিমধ্যে যোৱা ২৬ নৱেম্বৰত ২ কোটিৰো অধিক আধাৰ নম্বৰ নিষ্ক্ৰিয় কৰা বুলি ঘোষণা কৰিছিল। দীৰ্ঘদিন ধৰি এই আধাৰ একাউণ্টসমূহ সক্ৰিয় হৈ আছিল, ইয়াৰ ফলশ্ৰুতিত কোটি কোটি টকাৰ পেঞ্চন তথা ৰাজসাহায্যৰ জালিয়াতি চলি আছিল। ইয়াৰ উপৰিও এই আধাৰ কাৰ্ড ভুৱা ঋণ লোৱা বা ভুৱা ৰেচন কাৰ্ড তৈয়াৰ কৰা আদি কামতো ব্যৱহাৰ কৰা বুলি খবৰ পোৱা গৈছে।

প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ (PIB) এক প্ৰতিবেদন অনুসৰি এয়াই হৈছে বিশ্বৰ সৰ্ববৃহৎ ডাটাবেছ পৰিষ্কৰণ প্ৰক্ৰিয়া। কিন্তু এই ২ কোটি আধাৰ কাৰ্ডৰ তথ্য কিদৰে পোৱা গ’ল? UIDAI- এ আধাৰক ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ মৃত্যু পঞ্জীয়ন, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাতিল কৰা ৰেচন কাৰ্ড বা ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ দৰে চৰকাৰী বিভাগৰ তথ্যৰ সৈতে সংযোগ কৰি এনে তথ্য লাভ কৰিছে।

এটা আধাৰ নম্বৰ এবাৰ বাতিল হ’লে সেই নম্বৰ চিৰদিনৰ বাবে বন্ধ হৈ পৰে। কোনো নৱজাতকক এই নম্বৰ দিয়া নহয়। ইয়াৰ ফলত কোনো প্ৰৱঞ্চকে মৃতকৰ পৰিচয় ব্যৱহাৰ কৰি নতুন একাউণ্ট খুলিব নোৱাৰিব। এইদৰে যিকোনো ধৰণৰ জালিয়াতি ৰোধ কৰা সম্ভৱপৰ হ’ব।

কি কৰা উচিত?

এজন দায়িত্বশীল নাগৰিক হিচাপে এই ক্ষেত্ৰত সকলো লোকৰে দায়িত্ব আছে। যদি আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ মৃত্যু হয়, তেতিয়া আপুনি নিজেই আধাৰ কৰ্তৃপক্ষক খবৰ দিব লাগে। এই সুবিধা দেশৰ ২৫খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুকলি কৰা হৈছে।

প্ৰথমে myaadhaar.uidai.gov.in পৰ্টেললৈ যাওক।

নিজৰ আধাৰেৰে লগ ইন কৰক।

‘Report Death of Family Member’ বিকল্প নিৰ্বাচন কৰক।

পৌৰসভাৰ প্ৰমাণ পত্ৰত উল্লেখ কৰা দৰে মৃতকৰ আধাৰ নম্বৰ আৰু মৃত্যু পঞ্জীয়ন নম্বৰ পূৰ কৰক।

তাৰ পিছত OTP ৰ সহায়ত প্ৰমাণীকৰণ কৰক।

আশা কৰা হৈছে যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ বাকী ৰাজ্যসমূহো এই সেৱাত সংযোজিত কৰা হ’ব। UIDAI-ৰ এই পদক্ষেপে কেৱল জালিয়াতি ৰোধ কৰাই নহয়, দেশৰ ৯৯ শতাংশ নাগৰিকৰ তথ্যও অধিক সঠিক আৰু সুৰক্ষিত কৰি তুলিব।

আমলখিৰ সৈতে এই বস্তুসমূহৰ মিহলাই লগালে দূৰ হ’ব চুলিত উফিৰ সমস্যা
জীৱনত কিছুমান বস্তুৰ পৰা থাকক দূৰত, সফলতাত আহিব বাধা!
প্ৰতিটো দিন শুভ হ'ব, পুৱা এই পাঁচটা কাম সদায় কৰক...
অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰে নেকি? মোবাইলৰ নিচাই স্বাস্থ্যলৈ কঢ়িয়াই আনে এনে ভাবুকি
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...