UGC ৰ নতুন নিয়মত কি আছে? কাঢ়ি লোৱা হ’ব নেকি সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ অধিকাৰ…

UGC: বৰ্তমান সমগ্ৰ দেশ UGC বিতৰ্কই উত্তাল কৰি ৰাখিছে। লাখ লাখ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহি UGCৰ নতুন নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে দেশৰ সৰ্বোচ্চ ন্যাায়ালয়ে নতুন নিয়মৰ ওপৰত স্থগিতাদেশ জাৰি কৰে।

UGC ৰ নতুন নিয়মত কি আছে? কাঢ়ি লোৱা হব নেকি সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ অধিকাৰ...

ইউ জি চি কি?

Updated On: 

30 Jan 2026 | 08:02 AM

বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGC ৰ নিয়মে এতিয়া সমগ্ৰ দেশত উত্তাল পৰিবেশৰ সৃষ্টি কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত চলি থকা প্ৰতিবাদৰ মাজতে ২৯ জানুৱাৰীত এই নতুন নিয়মৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে। ন্যায়ালয়ে কয় যে, UGC (University Grants Commission)নিয়মত ভাষাৰ কোনো স্পষ্টতা নাই, গতিকে এই নিয়মৰ অপব্যৱহাৰৰ সম্ভাৱনা আছে।  যাৰ বাবে কেন্দ্ৰত তদন্ত সমিতি গঠন কৰি নিয়ম সংশোধন কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে। বৰ্তমান UGC 2012 ৰ নিয়ম কাৰ্যকৰী থাকিব।

পিছে প্ৰশ্ন হয়, UGC ৰ নতুন নিয়মত কি আছে? কিয় দেশত প্ৰতিবাদ হৈ আছে? ইয়াৰ দ্বাৰা শেষ কৰি দিয়া হ’ব নেকি সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ অধিকাৰ?

ইউ জি চিয়ে ২০২৬ চনৰ ১৩ জানুৱাৰীত “Promotion of Equity in Higher Education Institutions Regulations, 2026” নামৰ নিয়ম কাৰ্যকৰী কৰিছিল। ইয়াৰ উদ্দেশ্য এয়াই যে কলেজ আৰু বিশ্ববিদ্যালয়ত সমতাৰ পৰিৱেশ গঢ়ি তোলা আৰু বৈষম্যৰ মোকাবিলা কৰা। কিন্তু এই নিয়ম কাৰ্যকৰী হোৱাৰ পাছতে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ নিয়ম 3(C) বিতৰ্কৰ মাজত সোমাই পৰিছে।

নিয়ম 3(C) ত কি আছে

নতুন নিয়মৰ আটাইতকৈ বিতৰ্কিত অংশটো হ’ল 3(C)। প্ৰথমবাৰৰ বাবে ইয়াত “জাতিভিত্তিক বৈষম্য”ৰ সংজ্ঞা দিয়া হৈছে। নিয়ম 3(C) অনুসৰি, জাতিগত বৈষম্যৰ অৰ্থ হ’ল অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC)ৰ সকলৰ বিৰুদ্ধে জাতি বা জনগোষ্ঠীৰ ভিত্তিত বৈষম্য কৰা। এই নিয়মত স্পষ্টকৈ উল্লেখ আছে যে, এই তিনি শ্ৰেণীৰ শিক্ষাৰ্থী বা কৰ্মচাৰীৰ বিৰুদ্ধে হোৱা জাতিগত বৈষম্যক গুৰুতৰ বুলি গণ্য কৰা হ’ব।

পুৰণি নিয়ম 3(E)ত কি আছে

UGC ৰ ২০১২ চনৰ পুৰণি নিয়মৰ নিয়ম 3(E) অনুসৰি কোনো ছাত্ৰ বা কৰ্মচাৰীৰ বিৰুদ্ধে জাতি, ধৰ্ম, ভাষা, অঞ্চল, লিংগ, জন্মস্থান, শাৰীৰিক অৱস্থা বা আন কোনো ভিত্তিত বৈষম্য কৰিব নোৱাৰিব। এক কথাত, ইয়াত জাতি-ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোকে সমান সুৰক্ষা প্ৰদান কৰা হৈছিল। যদি কোনো শিক্ষাৰ্থীৰ সৈতে অন্যায় হয় তেন্তে অভিযোগ কৰিব পাৰে।

প্ৰতিবাদ কিয়?

UGC ৰ নতুন নিয়মৰ বিৰুদ্ধে সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তেওঁলোকে দাবী কৰিছে যে, এই নিয়মে সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নিৰাপত্তাৰ ক্ষেত্ৰত সমস্যা আনিব। ইয়াৰোপৰি ই সুৰক্ষাৰ অধিকাৰৰ দিশটোও ভংগ কৰিব। একাংশই আশংকা কৰিছে যে, এই নিয়মৰ ফলত ভুৱা গোচৰত বহু সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হ’ব পাৰে। মাত্ৰ এটা অভিযোগৰ ভিত্তিত নিলম্বন পৰ্যন্ত হ’ব পাৰে।

এই নিয়মত সাধাৰণ শ্ৰেণীৰ সুৰক্ষাৰ দিশটোৰ ওপৰত কোনো বিশেষ ব্যৱস্থা নাই। প্ৰতিবাদকাৰীসকলে কয় যে, অন্যায় সকলোৰে সৈতে হ’ব পাৰে। কিন্তু সমতাৰ নামত যদি অপৰাধৰ সংজ্ঞা জাতিৰ ভিত্তিত দিয়া হয় তেন্তে এয়া এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ ওপৰত এক অন্যায়। কলেজ বা বিশ্ববিদ্যালয়সমূহত সকলোৰে বাবে অন্যায়ৰ ক্ষেত্ৰত একেই নিয়ম কাৰ্যকৰী কৰাৰ দাবী কৰি আহিছে এই ছাত্ৰ-ছাত্ৰীসকলে।

 

অন্য খবৰ পঢ়কঃ মৰ্মান্তিক! গৈছিল জাবৰ চাফা কৰিব,অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব