উত্তৰ-পূবৰ ৮ খন ৰাজ্যত USAID য়ে আৰম্ভ কৰিলে ‘প্ৰেৰণা’ প্ৰজেক্ট…

আমেৰিকা চৰকাৰে উত্তৰ-পূব ভাৰতত 'PRERANA' প্ৰজেক্ট আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা (USAID) আৰু Jhpiego ৰ নেতৃত্বত প্ৰেৰণায়ে (PRERANA) দশক দশক ধৰি যুৱক-যুৱতীসকলক সৱলীকৰণ কৰাত মনোনিৱেশ কৰি আহিছে ।

উত্তৰ-পূবৰ ৮ খন ৰাজ্যত USAID য়ে আৰম্ভ কৰিলে প্ৰেৰণা প্ৰজেক্ট...

উত্তৰ-পূবত USAID য়ে আৰম্ভ কৰিলে 'প্ৰেৰণা'প্ৰজেক্ট...

Published: 

26 Nov 2024 | 09:16 PM

আজি আমেৰিকা চৰকাৰে উত্তৰ-পূব ভাৰতৰ বাবে সমতা আৰু প্ৰজনন স্বাস্থ্যৰ সুবিধা বৃদ্ধিৰ বাবে ‘PRERANA’ প্ৰজেক্ট আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা (USAID) আৰু Jhpiego ৰ নেতৃত্বত প্ৰেৰণায়ে (PRERANA) দশক দশক ধৰি যুৱক-যুৱতীসকলক সৱলীকৰণ কৰাত মনোনিৱেশ কৰি আহিছে । এই পদক্ষেপে লিংগ সমতা, যুৱ সবলীকৰণ, আৰু সৰ্বাংগীন প্ৰগতিৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

এই পদক্ষেপৰ লক্ষ্য হৈছে অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ জটিল যৌন আৰু প্ৰজনন স্বাস্থ্য (SRH)ৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ মাজত প্ৰজনন স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰা । প্ৰেৰণাই স্থানীয় চৰকাৰ, সংস্থা আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ সহযোগিতাত এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

ভাৰত চৰকাৰৰ RRC-NE ৰ সঞ্চালক ড০ ৰাজ প্ৰভা মক্টানে পৰিয়ালক আগুৱাই নিয়াৰ বাবে চৰকাৰৰ সৈতে অংশীদাৰিত্ব কৰাৰ বাবে ইউ এছ এ আই ডিক অভিনন্দন জনাইছে । বছৰ বছৰ ধৰি ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে ইতিবাচক পৰিৱৰ্তন আনিবলৈ ইউএছএআইডিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে ড০ ৰাজ প্ৰভা মক্টানে ।

ইফালে, ইউএছএআইডি/ভাৰত স্বাস্থ্য কাৰ্যালয়ৰ সঞ্চালিকা মিচেল লেং-আলিয়ে কয় যে, PRERANA ৰ জৰিয়তে লিংগ সমতাক আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে আৰু যুৱক-যুৱতীসকলক সুস্থ, অধিক শক্তিশালী জীৱন যাপনৰ ক্ষেত্ৰত সহায় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা হৈছে ।

গুৱাহাটীত লাৰ্নিং কনক্লেভৰ সময়ত অনুষ্ঠিত এক অনুষ্ঠানত সমগ্ৰ অঞ্চলটোত লিংগ সমতা আগুৱাই নিয়াৰ বাবে আৰু এছ আৰ এইচৰ ফলাফল উন্নত কৰাৰ কৌশলৰ বিষয়ে আলোচনা কৰা হয়। USAID হৈছে আমেৰিকা চৰকাৰৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা । ভাৰতত ইউএছএআইডিয়ে অংশীদাৰিত্বৰ জৰিয়তে দেশৰ ক্ৰমবৰ্ধমান মানৱ আৰু বিত্তীয় সম্পদৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে । লগতে বিভিন্ন পদক্ষেপৰ জৰিয়তে জটিল স্থানীয় আৰু বিশ্বব্যাপী উন্নয়নমূলক প্ৰত্যাহ্বানসমূহ সমাধানত গুৰুত্ব আৰোপ কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...