অট্টালিকাৰ ১৮ নং মহলাত ভয়ংকৰ কাণ্ড! দুই ছাত্ৰৰ…

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পোহৰলৈ আহিছে দুজন ছাত্ৰৰ ভয়ংকৰ কাণ্ড। জানিব পৰা মতে দুয়ো জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

অট্টালিকাৰ ১৮ নং মহলাত ভয়ংকৰ কাণ্ড! দুই ছাত্ৰৰ...

প্ৰতীকী ফটো

Published: 

08 Oct 2025 23:01 PM

পুনৰ পোহৰলৈ আহিছে এক শোকাবহ ঘটনা। নিৰ্মীয়মান অট্টালিকাৰ পৰা জপিয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰে দুজন ছাত্ৰই। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ভিৰাৰত। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ছাত্ৰ দুজনৰ পৰিয়ালো শোকত ভাগি পৰিছে। কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ভিৰাৰৰ বলিঞ্জৰ ছুপাৰ হোম বিল্ডিঙত সংঘটিত হৈছে এই ঘটনা।  জানিব পৰা মতে, ১৮ নম্বৰ মহলাৰ পৰা জপিয়াই দুয়ো এই কাণ্ড সংঘটিত কৰে। এই যুৱক দুজন নলাসোপাৰাৰ ৰাহুল ইণ্টাৰনেশ্যনেল স্কুলৰ তৃতীয় বৰ্ষত অধ্যয়ন কৰি থকা ছাম সনাদ ঘোৰুই (২০) আৰু আদিত্য ৰাম সিং (২১) বুলি জানিব পৰা গৈছে। সোমবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যুৱক দুজনৰ মৃত্যুৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। এয়া চৰম সিদ্ধান্ত নে হত্যা সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

তথ্য অনুসৰি এই দুয়োজন যুৱকে একেলগে বাস কৰিছিল। কিন্তু কিয় এই কাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কোনো নোটো উদ্ধাৰ কৰা নাই। গতিকে এই মৃত্যুই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাংশৰ মতে এয়া এক হত্যাকাণ্ড হব পাৰে। গতিকে মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট আৰু আৰক্ষীৰ তদন্তৰ অন্তত ঘটনা সন্দৰ্ভত সঠিক তথ্য় পোহৰলৈ আহিব।

 

 

অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ইচ্ছাকৃতভাৱে বিলম্ব কৰিছে মুখ্যমন্ত্ৰীয়েঃ দেৱব্ৰত শইকীয়া

সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ধন প্ৰাপ্তিৰ পূৰ্বে মা লক্ষ্মীয়ে দিয়ে এই ৫ টা সংকেত! কি কি জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...