শোকাৱহ! প্ৰশিক্ষণৰ সময়তে কামানৰ গোলা বিস্ফোৰণঃ মৃত্যু দুই অগ্নিবীৰৰ

নাচিকৰ দেৱলালীৰ আৰ্টিলাৰী স্কুলত প্ৰশিক্ষণৰ সময়তে সংঘটিত এক ভয়ানক দুৰ্ঘটনাত দুজন অগ্নিবীৰ নিহত হয়। গুলীচালনাৰ অনুশীলনৰ সময়ত অগ্নিবীৰ দুজনাৰ হাতত থকা কামানৰ গোলাৰ বিস্ফোৰণ ঘটে আৰু ইয়াৰ ফলত জোৱান দুজনৰ মৃত্যু ঘটে। নিহত জোৱান দুজন হায়দৰাবাদৰ পৰা নাচিকৰ দেৱলালীৰ আৰ্টিলাৰী স্কুলত প্ৰশিক্ষণৰ বাবে উপস্থিত আছিল বুলি জানিব পৰা গৈছে।

শোকাৱহ! প্ৰশিক্ষণৰ সময়তে কামানৰ গোলা বিস্ফোৰণঃ মৃত্যু দুই অগ্নিবীৰৰ

নিহত দুই অগ্নিবীৰ

Published: 

11 Oct 2024 | 10:43 PM

মহাৰাষ্ট্ৰৰ নাচিকত আজি সংঘটিত হৈছে এক হৃদয় বিদাৰক দুৰ্ঘটনা। এই দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে দুজন অগ্নিবীৰে। ভাৰতীয় সেনাৰ অগ্নিবীৰ দুয়োজন মূলতঃ হায়দৰাবাদৰ আছিল। নাচিকৰ দেৱলালীৰ আৰ্টিলাৰী স্কুলত প্ৰশিক্ষণৰ বাবে আহিছিল জোৱান দুজন। প্ৰশিক্ষণৰ সময়ত সংঘটিত হয় এই প্ৰাণনাশী দুৰ্ঘটনা। গুলীচালনাৰ অনুশীলনৰ সময়ত অগ্নিবীৰ দুজনাৰ হাতত থকা কামানৰ গোলাৰ বিস্ফোৰণ ঘটে। এই হৃদয় বিদাৰক দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে তদন্ত আদালতক নিৰ্দেশ দিছে সেনাই।

তথ্য অনুসৰি নাচিকৰ দেৱলালিত অৱস্থিত আৰ্টিলাৰী স্কুলত বৰ্তমান অগ্নিবীৰৰ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন জিলাৰ পৰা অগ্নিবীৰ জোৱানসকল উপস্থিত হৈছে। হায়দৰাবাদৰ পৰাও অগ্নিবীৰ জোৱানসকল প্ৰশিক্ষণৰ বাবে আৰ্টিলাৰী স্কুলত উপস্থিত আছিল। প্ৰশিক্ষণৰ সময়ত হায়দৰাবাদৰ পৰা অহা দুজন জোৱান এই মৰ্মান্তিক দুৰ্ঘটনাত শ্বহীদ হয়।

কামান চালনাৰ প্ৰশিক্ষণৰ সময়ত অগ্নিবীৰৰ হাতত কামানৰ গোলা ফাটি যোৱাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। ভাৰতীয় সেনাই এক বিবৃতি যোগে প্ৰশিক্ষণৰ সময়ত কামানৰ গোলা বিস্ফোৰণৰ ফলত দুজন অগ্নিবীৰ শ্বহীদ হৈছে বুলি প্ৰকাশ কৰিছে। দুয়োজন অগ্নিবীৰে হায়দৰাবাদৰ পৰা মহাৰাষ্ট্ৰৰ নাচিকস্থিত আৰ্টিলাৰী স্কুলত প্ৰশিক্ষণৰ বাবে আহিছিল বুলি সেনাই লগতে উল্লেখ কৰে।

সেনাৰ বিষয়াসকলে লগতে এই দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰি দুৰ্ঘটনাটোৰ তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰে। কামানৰ গোলা বিস্ফোৰণৰ ফলত আন বহুকেইজন প্ৰশিক্ষাৰ্থী অগ্নিবীৰ আহত হোৱা বুলি সদৰী কৰিছে সেনাই। উল্লেখ্য যে নাচিকৰ এই আৰ্টিলাৰী শিবিৰটো এছিয়াৰ আটাইতকৈ ডাঙৰ আৰ্টিলাৰী শিবিৰ হিচাপে গণ্য কৰা হয়।

এই শিবিৰটো নাচিকৰ পাণ্ডৱ গুহাৰ ঠিক পিছফালে অৱস্থিত। ভাৰত-পাকিস্তান বিভাজনৰ সময়ত এই আৰ্টিলাৰী স্থানান্তৰ কৰা হৈছিল, তেতিয়াৰ পৰা এই কেন্দ্ৰটো সামৰিক চোৰাংচোৱাগিৰিৰ অধীনত আছে। ভাৰতীয় সেনাৰ বিষয়া আৰু জোৱানৰ বাবে ই এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। এই আৰ্টিলাৰীত সৈন্যসকলে আটাইতকৈ উন্নত অস্ত্ৰসমূহৰ ভিতৰত এটা বফৰ্ছ কামানৰ প্ৰশিক্ষণ লয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...