TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ বৰ্ণাঢ্য আয়োজন, ধ্যানচান্দ ষ্টেডিয়ামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসহ বহুতো গণ্য-মান্য ব্যক্তি

TV9 ফেষ্টিভেলৰ তৃতীয় দিনটোত ধুমধামেৰে উদযাপন কৰা হৈছিল মহাঅষ্টমী। TV9 নেটৱৰ্কৰ এমডি আৰু চিইঅ' বৰুণ দাস, নিউজ ডাইৰেক্টৰ হেমন্ত শৰ্মাই সন্ধি পূজা আৰু ভোগ আৰতি পৰিৱেশন কৰিছিল। কলা, সংস্কৃতি আৰু ৰাজনৈতিক জগতৰ বহুতো বিশিষ্ট ব্যক্তি এই অনুষ্ঠানটোত উপস্থিত হৈছে।

TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ বৰ্ণাঢ্য আয়োজন, ধ্যানচান্দ ষ্টেডিয়ামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসহ বহুতো গণ্য-মান্য ব্যক্তি

TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ বৰ্ণাঢ্য আয়োজন

Updated On: 

11 Oct 2024 | 09:05 PM

দুৰ্গা পূজা উপলক্ষে আয়োজিত TV9 নেটৱৰ্কৰ ফেষ্টিভেল অৱ ইণ্ডিয়াৰ আয়োজন পূৰ্ণ গতিত চলি আছে। প্ৰতি বছৰৰ দৰে,এই বছৰো দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পাঁচদিনীয়াকৈ আয়োজন কৰা এই উৎসৱৰ আজি তৃতীয়টো দিন। কলা, সংস্কৃতি, ৰাজনীতিৰ আদি ক্ষেত্ৰৰ বহুতো লোকে এই উৎসৱত অংশগ্ৰহণ কৰিছে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু বিজেপি নেতা তৰুণ চুগো মহোৎসৱত উপস্থিত হয়।

ফেষ্টিভেল অৱ ইণ্ডিয়া খাদ্য আৰু মনোৰঞ্জনৰ আকৰ্ষণীয় সম্ভাৰ। আগৰ দুদিনৰ দৰে, তৃতীয় দিনাও এই উৎসৱত বহুতো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পূজাৰ পাছত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

এই উৎসৱত সন্ধিয়া বহুতো আকৰ্ষণীয় কাৰ্যসূচী আছে। আয়োজন কৰা হৈছে দাণ্ডিয়া আৰু গৰ্বা নাইটৰ উপৰিও ঢাক আৰু ধুনুচি নৃত্য প্ৰতিযোগিতাও। সন্ধিয়া ৬.৩০ বজাত দাণ্ডিয়া আৰু গৰ্বা নাইটৰ আয়োজন কৰা হৈছে। তাৰ পাছত ঢাক আৰু ধুনুচি নৃত্য প্ৰতিযোগিতা হ’ব। যিবোৰ নিশা ৮ বজাৰ পৰা ৯:৩০ বজালৈ চলিব।

২৫০তকৈও অধিক বিপনী

নৱৰাত্ৰি উৎসৱত বিশেষভাৱে মুকলি কৰা ফেষ্টিভেল অৱ ইণ্ডিয়াত বহু দেশৰ পৰা অহা ২৫০ৰো বিপনী আছে। আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰদৰ্শনীৰ লগতে তাত সুস্বাদু খাদ্যৰ বহুতো বিপনী আছে।

কেৱল বলীউডৰ সংগীতেই নহয়, আয়োজন কৰা হৈছে চুফী মেজাজ আৰু লোক সংগীতৰ সুমধুৰ অনুষ্ঠানৰ । টিভি9 নেটৱৰ্কৰ দ্বাৰা আয়োজিত, বিশাল ফেষ্টিভেল অৱ ইণ্ডিয়া ১৩ অক্টোবৰলৈকে চলিব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...