Tirupati Balaji Mandir: তিৰুপতি মন্দিৰত আৰু হিন্দু নহ’লে কাম কৰিব নোৱাৰিব, ১৮ জন কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ!

২০২৪ চনৰ ১৮ নৱেম্বৰত তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি) ট্ৰাষ্ট ব’ৰ্ডৰ বৈঠকত মন্দিৰৰ পৰা হিন্দু নোহোৱা কৰ্মচাৰীক অপসাৰণ কৰি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ অন্যান্য বিভাগলৈ বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া ১৮ জন অহিন্দু কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Tirupati Balaji Mandir: তিৰুপতি মন্দিৰত আৰু হিন্দু নহলে কাম কৰিব নোৱাৰিব, ১৮ জন কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ!

তিৰুপতি মন্দিৰত আৰু হিন্দু নহ'লে কাম কৰিব নোৱাৰিব!

Published: 

06 Feb 2025 06:45 AM

তিৰুপতি বালাজী মন্দিৰৰ শাসকীয় সংস্থা তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি) য়ে মন্দিৰৰ উৎসৱ আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰা হিন্দু নোহোৱা লোকক ধৰ্মীয় কাম-কাজত অংশ লোৱাৰ অভিযোগত ১৮ জন কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। টিটিডিৰ অধ্যক্ষ বি আৰ নাইডুৰ নিৰ্দেশ অনুসৰি, মন্দিৰৰ আধ্যাত্মিক পবিত্ৰতা বজাই ৰখাৰ প্ৰতিশ্ৰুতিত ব’ৰ্ডে সেয়া আঁতৰোৱাৰ নিৰ্দেশ জাৰি কৰিছে।

শেহতীয়াকৈ টিটিডি ব’ৰ্ডৰ বৈঠকত এই সন্দৰ্ভত এটা প্ৰস্তাৱ গৃহীত কৰা হৈছে। গৃহীত প্ৰস্তাৱ অনুসৰি এই কৰ্মচাৰীসকলক চৰকাৰী বিভাগলৈ বদলি হোৱাৰ বিকল্প বা স্বেচ্ছামূলক অৱসৰ (ভি আৰ এছ) বাছি লোৱাৰ বিকল্প দিয়া হৈছে। মন্দিৰ প্ৰশাসন বা অনুষ্ঠানৰ লগত অহিন্দু ব্যক্তি জড়িত হ’ব নালাগে বুলি ব’ৰ্ডে কৈছে। ভৱিষ্যতে এই ধৰণৰ বিষয় গোচৰৰ সৃষ্টি হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

জগন মোহন ৰেড্ডী চৰকাৰত নিযুক্তি লাভ কৰিছিল

তথ্য অনুসৰি অহিন্দু কৰ্মচাৰীৰ নিযুক্তি পূৰ্বৰ জগন মোহন ৰেড্ডী নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ কাৰ্যকালত কৰা হৈছিল। বৰ্তমান ৰাজ্যত চন্দ্ৰবাবু নাইডুৰ চৰকাৰ শাসনত আছে। তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পৰাই এই নিযুক্তিসমূহ কিছুদিনৰ পৰা বিতৰ্কৰ বিষয় হৈ পৰিছে। অন্য ধৰ্মীয় পটভূমিৰ লোকে পদত অধিষ্ঠিত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল মন্দিৰ প্ৰশাসনে।

২০২৪ চনৰ ১৮ নৱেম্বৰত তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি) ট্ৰাষ্ট ব’ৰ্ডৰ বৈঠকত তিৰুমালা শ্ৰীবালাজী মন্দিৰৰ পৰা অহিন্দু কৰ্মচাৰীক অপসাৰণ কৰি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ অন্যান্য বিভাগলৈ বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভুৱা শপতনামা আৰু ধৰ্মান্তৰকৰণক লৈ উদ্বেগ প্ৰকাশ কৰি ট্ৰাষ্টৰ অধ্যক্ষ বি আৰ নাইডুৱে মন্দিৰত কেৱল হিন্দুসকলেহে কাম কৰিব লাগে বুলি জোৰ দিছে।

মন্দিৰৰ উৎসৱৰ সময়ত ডিউটিত দিব নালাগে- ট্ৰাষ্ট

ট্ৰাষ্ট ব’ৰ্ডৰ অধ্যক্ষ বি আৰ নাইডুৱে জাৰি কৰা নিৰ্দেশত উক্ত কৰ্মচাৰীসকলক মন্দিৰৰ উৎসৱ, শোভাযাত্ৰা আৰু অন্যান্য হিন্দু অনুষ্ঠানৰ সৈতে জড়িত কৰ্তব্য নিযুক্ত কৰা উচিত নহয় বুলি উল্লেখ কৰে। তেওঁ কয় যে, এই কৰ্মচাৰীসকলে তিৰুমালাৰ পবিত্ৰতাৰ ক্ষতি কৰিছে।

কম বিনিয়োগত লাখ টকা উপাৰ্জন, ডাকঘৰে আপোনাৰ বাবে লৈ আহিছে ডাঙৰ সুযোগ...
ডাৰ্ক চাৰ্কল পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক সমস্যা!
উচ্চ ৰক্তচাপৰ পৰা ডায়েবেটিছলৈ... বহু সমস্যা দূৰ কৰিব মধুৰীআমে!
কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...