শ্ৰীৰামপুৰত GST পৰীক্ষণৰ নামত আৱদ্ধ শতাধিক ট্ৰাক, চালকৰ প্ৰতিবাদ…

সকলো নথি-পত্ৰ থকাৰ পাছতো ট্ৰাকসমূহক শ্ৰীৰামপুৰৰ পৰা যাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে চালক আৰু হেণ্ডিমেনে। ট্ৰাকসমূহক কোনো কাৰণ নোহোৱাকৈ আৱদ্ধ কৰি ৰখাকলৈ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চালকসকলে।

শ্ৰীৰামপুৰত GST পৰীক্ষণৰ নামত আৱদ্ধ শতাধিক ট্ৰাক, চালকৰ প্ৰতিবাদ...

শ্ৰীৰামপুৰ আৱদ্ধ ট্ৰাক

Updated On: 

27 Jul 2025 16:01 PM

শ্ৰীৰামপুৰত কেইবাদিন ধৰি আৱদ্ধ হৈ আছে শতাধিক স্ক্ৰেপ (পুৰণি লো) ভৰ্তি ট্ৰাক। সকলো নথি-পত্ৰ থকাৰ পাছতো ট্ৰাকসমূহক শ্ৰীৰামপুৰৰ পৰা যাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে চালক আৰু হেণ্ডিমেনে। ট্ৰাকসমূহক কোনো কাৰণ নোহোৱাকৈ আৱদ্ধ কৰি ৰখাকলৈ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চালক আৰু হেণ্ডিমেনে। প্ৰতিবাদৰ সময়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে।

খবৰ অনুসৰি, অসমৰ বিভিন্ন ঠাইৰ পৰা স্ক্ৰেপ কঢ়িয়াই নিয়া ট্ৰাকসমূহক অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰত যোৱা কেইবাদিন ধৰি GST পৰীক্ষণৰ নামত আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। শতাধিক ট্ৰাক,কন্টেইনাৰক আৱদ্ধ কৰাৰ কাৰণ বিচাৰি ট্ৰাক চালকসকলে আজি পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।

চালকসকলে অভিযোগ কৰিছে যে, বৈধ GST নথি-পত্ৰ থকাৰ পিছতো ট্ৰাকসমূহক যাবলৈ দিয়া হোৱা নাই। কি কাৰণত তেওঁলোকক এইদৰে আবদ্ধ কৰি ৰখা হৈছে, সেই বিষয়ত তেওঁলোকক কোনো কথা অৱগত কৰা নাই। যাকলৈ ক্ষুদ্ধ হৈ পৰিছে চালকসকল। ট্ৰাক চালকসকলে কৰা অভিযোগ মতে, গাড়ীসমূহে কঢ়িয়াই অনা সামগ্ৰীৰ সম্পূৰ্ণ বৈধ নথি-পত্ৰ থকাৰ সত্বেও কিয় আৱদ্ধ কৰি ৰখা হৈছে তেওঁলোকে এতিয়াও জানিব পৰা নাই।

তিনি চাৰিদিন ধৰি আৱদ্ধ হৈ থকা গাড়ীৰ চালকসকলে খোৱা পানী নাটনি,শৌচাগাৰৰ অভাৱৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছে। ইফালে, গুৱাহাটীৰ ওপৰ মহলাৰ নিৰ্দেশত গাড়ীসমূহ আৱদ্ধ কৰা হৈছে আৰু আকৌ গুৱাহাটীৰ পৰা এৰি দিয়াৰ নিৰ্দেশ আহিলেহে গাড়ীসমূহ এৰি দিয়া হ’ব বুলি চালকসকলক জি এছ টি বিভাগৰ পৰা জনাইছে বুলি জানিব পৰা গৈছে ।

একে সময়তে শতাধিক ট্ৰাক এইদৰে আৱদ্ধ হৈ থকাৰ ফলত শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীৰ আশে পাশে তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে। বৈধ নথি-পত্ৰ থকা সত্বেও স্ক্ৰেপ কঢ়িয়াই অনা ট্ৰাকসমূহক শ্ৰীৰামপুৰত ধৰি ৰখাকলৈ প্ৰশ্ন কৰিছে স্ক্ৰেপৰ ব্যৱসায়ীসকলেও। শীঘ্ৰে গাড়ীসমূহ এৰি দিবলৈ দাবী জনাইছে তেওঁলোকে।

কৰ্মস্থলীত কেনেকৈ সক্ৰিয় হৈ থাকিব পাৰি? অফিচৰ সময়ত অহা টোপনিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানক
চিংৰা দেখিলেই ওলায় লোভৰ পানী, পিছে লোভ সম্বৰণ নকৰিলেই এইসকল লোকৰ হ’ব বিপদ
নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ