দিল্লীৰ যমুনা নদীৰ পাৰত উদ্ধাৰ উত্তৰ-পূবৰ যুৱতীৰ মৃতদেহ! দীৰ্ঘদিন ধৰি হৈ আছিল নিৰুদ্দেশ…

দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ থকা উত্তৰ-পূবৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ। দিল্লীৰ এখন দলঙৰ তলৰ পৰা উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দিল্লীৰ যমুনা নদীৰ পাৰত উদ্ধাৰ উত্তৰ-পূবৰ যুৱতীৰ মৃতদেহ! দীৰ্ঘদিন ধৰি হৈ আছিল নিৰুদ্দেশ...

যুৱতীগৰাকী

Published: 

14 Jul 2025 | 04:09 PM

দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ থকা উত্তৰ-পূবৰ যুৱতী স্নেহা দেৱনাথৰ মৃতদেহ উদ্ধাৰ। কেইটামান দিন পূৰ্বে দিল্লীৰ চিগনেচাৰ ব্ৰীজৰ পৰা নিৰুদ্দেশ হৈছিল স্নেহা। পৰিয়াল আৰু আৰক্ষীয়ে বিচাৰ খোচৰ কৰাৰ অন্তত দেওবাৰে স্নেহাৰ মৃতদেহ গীতা কলনীৰ উৰণীয়া সেতুৰ সমীপৰ যমুনা নদীৰ পৰা উদ্ধাৰ হয়। মৃত্যুৰ পূৰ্বে স্নেহাই এখন বিশেষ নোট লিখি থৈ যায়, য’ত তেওঁ নিজকে বোজা আৰু অসফল অনুভৱ কৰা বুলি উল্লেখ কৰে। যাৰ বাবে তেওঁ চিগনেচাৰ ব্ৰীজৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

জানিব পৰা মতে, যোৱা ৭ জুলাইত নিৰুদ্দেশ হৈছিল ত্ৰিপুৰাৰ স্নেহা নামৰ যুৱতীগৰাকী। তাৰ পাছতে তেওঁৰ পৰিয়ালৰ লোকে দিল্লীৰ মেহৰৌলী আৰক্ষী থানাত নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰে। যোৱা ৭ দিন ধৰি আৰক্ষীয়ে স্নেহাক বিচাৰি অভিযান অব্যাহত ৰাখিছিল। অৱশেষত ১৩ জুলাইত গীতা কলনীৰ উৰণীয়া সেতুৰ সমীপত আৰক্ষীয়ে স্নেহাৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত্যুৰ আগতে স্নেহাই এখন নোট লিখি থৈ যায়। য’ত তেওঁ লিখে যে- জীৱন শেষ কৰাৰ সিদ্ধান্ত মোৰ। ইয়াৰ বাবে মোক কোনেও উচটনি দিয়া নাই। স্নেহাই লগতে লিখে যে- মই ৭ জুলাইৰ পুৱা এই চিগনেচাৰ ব্ৰীজৰ পৰা জঁপিয়াই মোৰ জীৱনৰ অন্ত পেলাইছো। এই নোটখনত তেওঁ নিজকে বোজা আৰু অসফল অনুভৱ কৰা বুলি উল্লেখ কৰে। লগতে কয় যে, এনেকৈ জীয়াই থকা তেওঁৰ বাবে আৰু সম্ভৱ নহয়। গতিকে ব্ৰীজৰ পৰা জঁপিয়াই নিজৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰোপৰি স্নেহাই উল্লেখ কৰে যে, ইয়াক আন কাৰো দোষ নাই, সকলো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত।

স্নেহা দেৱনাথ মূলতঃ ত্ৰিপুৰাৰ বাসিন্দা। তেওঁ দক্ষিণ দিল্লীৰ মেহৰৌলি থানা এলেকাৰ পৰৱৰণ কমপ্লেক্সত বাস কৰিছিল। ৭ জুলাইত তেওঁ মাতৃক জনাইছিল যে তেওঁ বন্ধু পাটুনিয়াক ষ্টেচনত থৈ আহিব। ইয়াৰ পিছত স্নেহা ঘৰলৈ উভতি অহা নাছিল।  ইয়াৰ পাছতে পৰিয়ালে স্নেহাক বিচৰা আৰম্ভ কৰিছিল আৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।

বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। প্ৰথম অৱস্থাত স্নেহাই চৰম সিদ্ধান্ত লোৱাৰ কথা অনুমান কৰিব পাৰি। কিন্তু ইয়াৰ অন্য এটা দিশো থাকিব পাৰে। এই সকলো দিশ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

 

 

অন্য খবৰ পঢ়কঃ উৰণৰ সময়তে ইঞ্জিন বিকল! পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...