Anjel Chakma: চাইনীজ বুলি উপহাস, পাছত প্ৰহাৰ! উত্তৰাখণ্ডত প্ৰাণ যোৱা ত্ৰিপুৰাৰ যুৱকৰ সৈতে কি কি হৈছিল?
Anjel Chakma: উত্তৰাখণ্ডত মৃত্যু ত্ৰিপুৰাৰ এজন যুৱকৰ। জানিব পৰা মতে, একাংশ যুৱকে তেওঁক প্ৰথমে চাইনীজ বুলি উপহাস কৰে আৰু পাছত আক্ৰমণ কৰে। দীৰ্ঘদিন জীৱন মৃত্যুৰে যুঁজি অৱশেষত এঞ্জেলে শেষ নিশ্বাস ত্যাগ কৰে।

এঞ্জেল চাকমা
সময় সলনি হৈছে, সমাজ উন্নত হৈছে , কিন্তু আজিও একাংশৰ মনোভাৱ সলনি হোৱা নাই। আজিও একাংশই উত্তৰ-পূবক হেয় দৃষ্টিৰে চায়। কেৱল দেখাত বেলেগ হোৱাৰ বাবে পুনৰ উত্তৰ-পূবৰ এজন যুৱকে বহিঃৰাজ্যত প্ৰাণ হেৰুৱাবলগীয়া হয়। বৰ্ণ-বৈষম্যক লৈ উত্তৰ-পূবে যুঁজ দি থকাৰ মাজতে শেহতীয়াকৈ উত্তৰাখণ্ডৰ ডেৰাডুনত সংঘটিত হোৱা ঘটনাই বহু প্ৰশ্নৰ অৱকাশ আনিছে।
প্ৰাপ্ত খবৰ অনুসৰি, ত্ৰিপুৰাৰ এজন যুৱকক উত্তৰাখণ্ডৰ ডেৰাডুনত একাংশ অভিযুক্তই প্ৰথমে চাইনিজ বুলি উপহাস কৰে, পাছত গালি গালাজ কৰি ছুৰীৰে আক্ৰমণ কৰে। প্ৰায় ১৭ দিন ধৰি জীৱন মৃত্যুৰে যুঁজি অৱশেষত এঞ্জেল চাকমাই ২৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ পাছতে সমগ্ৰ দেশত ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কি হৈছিল?
এই ঘটনা সংঘটিত হৈছিল ৯ ডিচেম্বৰত। এঞ্জেলৰ ভাতৃ মাইকেলে জনোৱা মতে সেইদিনা দুয়ো এখন দোকানলৈ গৈছিল। ডেৰাডুনৰ চেলাকুই অঞ্চলত বজাৰ কৰি থকাৰ মাজতে একাংশ যুৱকে তেওঁলোকক চাইনীজ বুলি উপহাস কৰে। তেতিয়া এঞ্জেলে তেওঁলোকক শান্তভাৱে বুজাবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে এঞ্জেলক ছুৰীৰে আক্ৰমণ কৰে গুৰুতৰভাৱে আহত কৰি পলাই যায়।
মাইকেলে কয় যে, তেওঁলোকে আমাক চাইনীজ বুলি কৈ আছিল।তেতিয়া এঞ্জেলে তেওঁলোকক এনেকৈ নকবলৈ আহ্বান কৰে। এঞ্জেলে তেওঁলোকক নিজৰ পৰিচয় দি কয় যে, আমি ভাৰতীয়। এয়া প্ৰমাণ কৰিবলৈ আপোনালোকক কি প্ৰমাণ দিব লাগিব। কিন্তু তেতিয়াই অভিযুক্তই এঞ্জেলক ছুৰীৰে আক্ৰমণ কৰে। এই আক্ৰমণৰ সময়ত এঞ্জেলে ডিঙি আৰু হাড়ত গুৰুতৰভাৱে আঘাত পাইছিল। কিন্তু অৱশেষত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
এই ঘটনাৰ পাছতে সমগ্ৰ ত্ৰিপুৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি ঘটনা সন্দৰ্ভত ন্যায়ৰ আহ্বান জনাইছে। বিভিন্ন দল-সংগঠনে এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
অভিযুক্তৰ নেপাললৈ পলায়ন
বৰ্তমানলৈ আৰক্ষীয়ে ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। কিন্তু মূল অভিযুক্ত যজ্ঞ অৱস্তী এতিয়াও পলাতক অৱস্থাত আছে। তেওঁ নেপালৰ বাসিন্দা, সন্দেহ কৰা হৈছে তেওঁ নেপাললৈ পলায়ন কৰিছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰি দুটালৈ দল মোতায়েন কৰা হৈছে। এঞ্জেলৰ মৃত্যুৰ পিছত আৰক্ষীয়ে এই গোচৰত অধিক কঠোৰ ধাৰা সংযোজন কৰিছে। বৰ্তমান এই গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ১০৩(১) ধাৰা, অৰ্থাৎ হত্যা, আৰু ফৌজদাৰী প্ৰক্ৰিয়া আইন (চি আৰ পি চি)ৰ ধাৰা ৩(৫)ৰ অধীনত পঞ্জীয়ন কৰা হৈছে।
The tragic death of Anjel Chakma from Tripura following brutal racial abuse in Dehradun is heartbreaking and unacceptable.
I urge the Hon’ble Chief Minister of Uttarakhand, @pushkardhami to ensure strict action against the culprits so that justice is served.
My deepest…
— Himanta Biswa Sarma (@himantabiswa) December 28, 2025
ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে, “ডেৰাডুনত নৃশংস বৰ্ণ নিৰ্যাতনৰ ফলত ত্ৰিপুৰাৰ এঞ্জেল চাকমাৰ কৰুণ মৃত্যু হৃদয় বিদাৰক আৰু এয়া গ্ৰহণযোগ্য নহয়। উত্তৰাখণ্ডৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান,অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ন্য়ায় প্ৰদান কৰক। এঞ্জেলৰ পৰিয়াললৈ গভীৰ সমবেদনা”।
অন্য খবৰ পঢ়কঃ কি কৰিব অখিল-লুৰীণে? অকলে ১০০ খনৰো অধিক আসনত প্ৰাৰ্থী দিব কংগ্ৰেছে, ঘোষণা গৌৰৱ গগৈৰ…