ভুৱা OBC, দিব্যাংগ প্ৰমাণ পত্ৰ দি IAS হোৱা পূজা খেডকাৰত ব্লেকলিষ্ট কৰিলে UPSCয়ে

পূজাই নিজৰ বাবে বাংলো, গাড়ী আদি বিভিন্ন বস্তু দাবী কৰিছিল। তাৰ পাছতে আই এ এছ পূজা খেডকৰৰ  সকলো কাণ্ড পোহৰলৈ আহিছিল। পূজাই ভুৱা তথ্য প্ৰদান কৰি আই এ এছ বিষয়া হৈছিল। 

ভুৱা OBC, দিব্যাংগ প্ৰমাণ পত্ৰ দি IAS হোৱা পূজা খেডকাৰত ব্লেকলিষ্ট কৰিলে UPSCয়ে

পূজা খেডকৰ

Published: 

31 Jul 2024 18:34 PM

বিতৰ্কিত মহাৰাষ্ট্ৰৰ কেডাৰৰ ট্ৰেইনি আই এ এছ পূজা খেডকাৰৰ প্ৰাৰ্থীত্ব বাতিল কৰিছে কেন্দ্ৰীয় লোকসেৱা আয়োগে। ইয়াৰ উপৰিও ইউ পি এছ চিয়েও তেওঁক ব্লেকলিষ্ট কৰিছে, অৰ্থাৎ ভৱিষ্যতে কেতিয়াও পূজাই ইউ পি এছ চিৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰে। ইউ পি এছ চিয়ে তেওঁক নিয়ম উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰে আৰু পাছত তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে।

ইউ পি এছ চিয়ে পূজা মনোৰমা দিলীপ খেডকাৰৰ অস্থায়ী প্ৰাৰ্থীত্ব বাতিল কৰাৰ লগতে ভৱিষ্যতৰ সকলো পৰীক্ষা/নিৰ্বাচনৰ পৰা স্থায়ীভাৱে বঞ্চিত কৰে। জানিব পৰা মতে ইউ পি এছ চিয়ে খেডকাৰক চি এছ ই-২০২২ৰ নিয়ম উলংঘা কৰাৰ দোষী সাব্যস্ত কৰে। ইউ পি এছ চিয়ে ২০০৯ চনৰ পৰা ২০২৩ চনলৈকে পোন্ধৰ হাজাৰতকৈ অধিক পৰামৰ্শ দিয়া প্ৰাৰ্থীৰ ১৫ বছৰীয়া চি এছ ইৰ তথ্য পৰ্যালোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।

ভুৱা পৰিচয় দি পৰীক্ষাত বহা পূজা খেডকাৰক ১৮ জুলাই, ২০২৪ ত জাননী জাৰি কৰা হৈছিল। ২৫ জুলাইৰ ভিতৰত তেওঁক ইয়াৰ উত্তৰ দিবলৈ কোৱা হৈছিল। কিন্তু পূজাই ইয়াৰ বাবে অতিৰিক্ত ৪ আগষ্টলৈ সময় বিচাৰিছিল। ইউ পি এছ চিয়ে পূজা খেডকাৰৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৩০ জুলাই, ২০২৪ তাৰিখে বিয়লি ৩:৩০ বজালৈ সময় দিয়ে। আয়োগে তেওঁক স্পষ্টকৈ জনাইছিল যে এয়া শেষ সুযোগ। পুনৰ সময় বৃদ্ধি কৰা নহয়।

লগতে এয়াও কৈছিল যে উল্লেখিত সময় মতে সঁহাৰি নাপালে ইউ পি এছ চিয়ে ব্যৱস্থা গ্ৰহণ কৰিব। সময় বৃদ্ধি কৰাৰ পাছতো পূজাই কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে। যাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। উল্লেখ্য যে, পূজাই পিতৃ- মাতৃৰ নামো সলনি কৰিছিল। ইয়াৰোপৰি ভুৱা অবিচি আৰু দিব্যাংগৰ প্ৰমাণ পত্ৰ দিছিল।

উল্লেখ কৰা প্ৰয়োজন যে ট্ৰেইনিং সময়ত থাকোতেই পূজাই নিজৰ বাবে বিলাসী ব্যৱস্থা বিচাৰিছিল। অডি গাড়ীত পূজাই মহাৰাষ্ট্ৰ আৰক্ষী আৰু নীলা, ৰঙা ৰঙৰ লাইট লগাইছিল। পূজাই নিজৰ বাবে বাংলো, গাড়ী আদি বিভিন্ন বস্তু দাবী কৰিছিল। তাৰ পাছতে আই এ এছ পূজা খেডকাৰৰ  সকলো কাণ্ড পোহৰলৈ আহিছিল। পূজাই ভুৱা তথ্য প্ৰদান কৰি আই এ এছ বিষয়া হৈছিল।  অৱশেষত পূজা বৰ্খাস্ত হোৱাৰ লগতে ইউ পি এছ চিৰ পৰা ব্লেক লিষ্ট হয়।

২৬ত সলনি হ’ব বিশ্ব! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীক লৈ চাঞ্চল্য...
Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...