হিমাচলত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপঃ পুনৰ উদ্ধাৰ তিনিজন লোকৰ মৃতদেহ, অব্যাহত উদ্ধাৰ অভিযান

নেৰানেপেৰা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচল প্ৰদেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি উঠিছে। বুধবাৰে প্ৰকৃতিৰ এনে তাণ্ডৱৰ ফলত প্ৰায় ২০ জন লোক পানীত উটি যায়। এইপৰ্যন্ত উদ্ধাৰ অভিযানকাৰী দলে ৫ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

হিমাচলত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপঃ পুনৰ উদ্ধাৰ তিনিজন লোকৰ মৃতদেহ, অব্যাহত উদ্ধাৰ অভিযান

অব্যাহত উদ্ধাৰ অভিযান

Published: 

26 Jun 2025 | 11:02 PM

পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত বতৰে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ। নেৰানেপেৰা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি উঠিছে। ইতিমধ্যে ৰাজ্যখনত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছিল অৰেঞ্জ এলাৰ্ট। বতৰ বিভাগৰ এই সতৰ্কবাণীৰ মাজতে বুধবাৰে হিমাচল প্ৰদেশত বতৰে কাল ৰূপ লয়। বুধবাৰে বৰষুণৰ লগতে ডাৱৰ বিস্ফোৰণৰ পিছত অৱশ্যে আজি বতৰ কিছু পৰিষ্কাৰ হয়। কালিৰ ভয়াৱহ পৰিস্থিতিৰ পিছত নিৰুদ্দেশ হৈ থকা লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হয়।

বুধবাৰে উদ্ধাৰকাৰী দলে প্ৰকৃতিৰ এই তাণ্ডৱৰ পিছত দুগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল। আজি পুৱা ৬ বজাৰ পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। উদ্ধাৰ অভিযানৰ সময়ত আজি পুনৰ তিনিটা মৃতদেহ উদ্ধাৰ হৈছে। যদিও বৰষুণৰ ফলত উদ্ধাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হৈছে, তথাপিও এনডিআৰএফ, এছডিআৰএফ আৰু আৰক্ষীৰ দল বৰ্তমানো তালাচী অভিযানত নিয়োজিত হৈ আছে।

এই ভয়াৱহ পৰিস্থিতিৰ মাজতে উদ্ধাৰকাৰী দলে এগৰাকীৰ জীৱন ৰক্ষা কৰিছে। ডাৱৰ বিস্ফোৰণৰ পিছত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ পিছত নিজৰ প্ৰাণ ৰক্ষাৰ বাবে বনাঞ্চলৰ ফালে দৌৰি যোৱা অৱস্থাতে এছডিআৰএফৰ দলে তেওঁক উদ্ধাৰ কৰে আৰু নিৰাপদ স্থানলৈ লৈ যায়। উদ্ধাৰ হোৱা যুৱতীগৰাকী চাম্বা জিলাৰ বুলি জানিব পৰা গৈছে।

ইফালে এই উদ্ধাৰ অভিযান সন্দৰ্ভত এন ডি আৰ এফৰ এগৰাকী উচ্চপদস্থ বিষয়াই উল্লেখ কৰা মতে এই যৌথ অনুসন্ধান অভিযানত এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু স্থানীয় আৰক্ষীয়ে সহযোগিতামূলকভাৱে জড়িত হৈ আছে। এই পৰ্যন্ত ৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি তেওঁ লগতে কয়। বেয়া বতৰৰ বাবে অনুসন্ধান অভিযানত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে হিমাচল প্ৰদেশৰ কাংগৰাৰ মনুনি খাদৰ ইন্দিৰা প্ৰিয়াদৰ্শিনী জলবিদ্যুৎ প্ৰকল্পৰ স্থানৰ সমীপত শ্ৰমিক কলনীত বসবাস কৰা প্ৰায় ১৫-২০ জন শ্ৰমিকক খনিয়াৰা মানুনি খাদৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত পানীয়ে উটুৱাই নিয়ে। ইফালে কুল্লুৰ ৰেহালা বিহলত ঘৰৰ পৰা মূল্যবান সামগ্ৰী উলিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত বানে উটুৱাই নিয়ে তিনিজন লোক। ইয়াৰ পিছতে প্ৰশাসনে এই লোকসকলক উদ্ধাৰৰ বাবে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব