Yusuf Pathan: বুলডজাৰেৰে ভাঙি পেলোৱা হ’ব, ইউছুফৰ পৰা মাটি উদ্ধাৰ কৰিবলৈ পৌৰসভাক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
তৃণমূল সাংসদগৰাকীৰ বিশাল বাংলোৰ গাতে লাগি থকা মাটি সন্দৰ্ভত ৰুজু হোৱা গোচৰটো দীৰ্ঘদিনীয়া। অভিযোগ উত্থাপন হৈছিল যে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে চৰকাৰী অনুমতি নথকা সত্ত্বেও বাংলোটোৰ গাতে লাগি থকা চৰকাৰী মাটিত দেৱাল নিৰ্মাণ কৰিছিল।

ইউছুফ পাঠান
বিপদত তৃণমূলৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান। ভূমি গোচৰকলৈ আদালতত বিপদত পৰিল তৃণমূলৰ সাংসদ ইউছুফ পাঠান। গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মৌনা এম ভাটে সাংসদগৰাকীয়ে দখল কৰি থকা ভূমি পুনৰুদ্ধাৰ কৰিবলৈ নিগমক নিৰ্দেশ দিছে। টাণ্ডালজাত তৃণমূল সাংসদগৰাকীৰ বিশাল বাংলোৰ গাতে লাগি থকা মাটি সন্দৰ্ভত ৰুজু হোৱা গোচৰটো দীৰ্ঘদিনীয়া। অভিযোগ উত্থাপন হৈছিল যে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে চৰকাৰী অনুমতি নথকা সত্ত্বেও বাংলোটোৰ গাতে লাগি থকা চৰকাৰী মাটিত দেৱাল নিৰ্মাণ কৰিছিল।
আদালতত এজিপি সুমন মটলাই ৰাজ্যৰ হৈ যুক্তি আগবঢ়ায়, পৌৰসভাৰ হৈ অধিবক্তা মৌলিক নানাবতীয়ে যুক্তি আগবঢ়ায় আৰু অভিযোগকাৰীক প্ৰতিনিধিত্ব কৰে জ্যেষ্ঠ অধিবক্তা যতীন ওজা, শ্যাম এম শ্বাহ আৰু জয় এছ শ্বাহে।
ইয়াৰ পূৰ্বে বৰুদা পৌৰ নিগমে সংশ্লিষ্ট ভূমি খালী কৰিবলৈ সাংসদগৰাকীলৈ জাননী প্ৰেৰণ কৰিছিল। কিন্তু পাঠানে সেই জাননীক প্ৰত্যাহ্বান জনাই ২০২৪ চনৰ ৬ জুনত গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু অৱশেষত উচ্চ ন্যায়ালয়ে নিগমৰ সপক্ষে ৰায় দিয়ে। ফলত পাঠানে ততাতৈয়াকৈ সংশ্লিষ্ট ভূমি খালী কৰিব লাগিব।
গুজৰাট পৌৰসভাৰ মালিকানাধীন ৯৭৮ বৰ্গমিটাৰ মাটিক লৈ বিতৰ্ক আৰম্ভ হয়। অভিযোগ অনুসৰি, তেওঁ মাটিৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰিছিল আৰু সেই প্লটটো নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছিল। ইফালে ২০১২ চনত পাঠানে পৌৰসভাৰ পৰা তেতিয়াৰ বজাৰ মূল্যত মাটি ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল। লগতে প্ৰতি বৰ্গমিটাৰত ৫৭ হাজাৰ টকা দিবলৈও প্ৰস্তাৱ আগবঢ়ায়।
ব’ৰ্ডৰ বৈঠকত প্ৰস্তাৱে অনুমোদন লাভ কৰিছিল যদিও পিছত ৰাজ্য চৰকাৰে অনুমোদন নিদিলে। তদানীন্তন বিজেপিৰ কাউন্সিলাৰ বিজয় পাঠানে মাটিখিনি অবৈধভাৱে দখল কৰা বুলি অভিযোগ দাখিল কৰে। ফলস্বৰূপে বিষয়টো ৰাজ্য চৰকাৰৰ ওচৰ পালেগৈ আৰু পিছত ইউছুফৰ আৱেদন মানি লোৱা নহ’ল।
ইয়াৰ পিছতে পৌৰসভাই পাঠানলৈ জাননী প্ৰেৰণ কৰি দেৱাল আঁতৰাবলৈ নিৰ্দেশ দি মাটি ঘূৰাই দিবলৈ দাবী জনায়। এই বিতৰ্ক চলি থাকিল। ইয়াৰ মাজতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃণমূলৰ পৰা জয়ী হৈছিল ইউছুফে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ভিএমচিয়ে তেওঁক পৌৰসভাৰ মালিকানাধীন প্লট ১৫ দিনৰ ভিতৰত খালী কৰিব লাগিব বুলি জাননী প্ৰদান কৰে। পাঠানে তাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ যায়।
শুনানিত ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, ইউছুফ পাঠানে পৌৰসভাৰ মাটি অবৈধভাৱে দখল কৰিছিল। ইয়াক উদ্ধাৰ কৰিবলৈ পৌৰসভাক আৰু কোনো জাননী দিয়াৰ প্ৰয়োজন নাই। পৌৰসভাই বুলডজাৰেৰে মাটিখিনি উদ্ধাৰ কৰিব পাৰিব।
গোচৰৰ প্ৰেক্ষাপটত আদালতৰ এটা গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ হ’ল- ইয়াত বিবাদীজন এজন জনপ্ৰতিনিধি আৰু লগতে এজন চেলিব্ৰিটি। তেওঁলোকে গ্ৰহণ কৰা যিকোনো কাৰ্যই সমাজত প্ৰভাৱ পেলাব। সেয়েহে তেওঁ আইন আৰু এই বিষয়টো মানি চলাৰ ওপৰত গুৰুত্ব দিব লাগিছিল।