শোকাৱহ! কাম কৰি থকা অৱস্থাতে খহি পৰিল দেৱাল, প্ৰাণ হেৰুৱালে ৩ শ্ৰমিকে….

এটা ব্যক্তিগত কোম্পানীত বেছমেণ্ট নিৰ্মাণৰ সময়ত হঠাতে এখন দেৱাল ভাঙি বাগৰি পৰে আৰু খহি পৰা দেৱালৰ তলত সোমাই পৰে সেই স্থানত কাম কৰি থকা পাঁচজন শ্ৰমিক। এই শোকাৱহ দুৰ্ঘটনাত তিনিজনে শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। আনহাতে আন দুজন শ্ৰমিক সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

শোকাৱহ! কাম কৰি থকা অৱস্থাতে খহি পৰিল দেৱাল, প্ৰাণ হেৰুৱালে ৩ শ্ৰমিকে….

চিকিৎসাধীন অৱস্থাত আছে দুজন শ্ৰমিক

Published: 

05 Jun 2025 | 09:19 PM

গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। ইকোটেক-১ থানা এলেকাত এটা ব্যক্তিগত কোম্পানীত বেছমেণ্ট নিৰ্মাণৰ সময়ত হঠাতে এখন দেৱাল ভাঙি বাগৰি পৰে আৰু খহি পৰা দেৱালৰ তলত সোমাই পৰে সেই স্থানত কাম কৰি থকা পাঁচজন শ্ৰমিক। এই শোকাৱহ দুৰ্ঘটনাত তিনিজনে শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। প্ৰশাসনিক দলটোৱে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাই শ্ৰমিককেইজনক উদ্ধাৰ কৰে।

আৰক্ষীয়ে গুৰুতৰভাৱে আহত শ্ৰমিককেইজনক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও কিছু সময়ৰ ভিতৰতে এগৰাকী পুৰুষ শ্ৰমিক আৰু দুগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হয়। আনহাতে চিকিৎসাধীন হৈ আছে আহত আন দুজন শ্ৰমিক। এই হৃদয় বিদাৰক ঘটনাৰ পিছতে আৰক্ষীয়ে এই নিৰ্মাণকাৰ্য চলাই থকা ঠিকাদাৰগৰাকীক জিম্মাত লৈছে।

প্ৰকাশিত খবৰ অনুসৰি গ্ৰেটাৰ নয়ডাৰ ইকোটেক-১ থানা এলেকাত অৱস্থিত আছৰা প্ৰাইভেট লিমিটেড কোম্পানীত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে ইকোটেক-১ আৰু কাছনা আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ সৈতে উদ্ধাৰ অভিযান চলাই আটাইকেইজন আহত শ্ৰমিকক উদ্ধাৰ কৰি সমীপৰ গ্ৰীণ চিটি হাস্পতালত ভৰ্তি কৰে।

চিকিৎসাৰ সময়ত অৱশ্যে তিনিগৰাকী শ্ৰমিকৰ মৃত্যু হয়। ইফালে আহত আন দুজন শ্ৰমিকৰ চিকিৎসা অব্যাহত আছে। দুয়োৰে স্বাস্থ্যৰ অৱস্থা অৱশ্যে সম্প্ৰতি স্বাভাৱিক বুলি জানিব পৰা গৈছে। এই ঘটনাত নিহত শ্ৰমিকসকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে। নিহত মহিলা দুগৰাকী হৈছে ক্ৰমে ৩২ বছৰীয়া অনিতা আৰু ৩৪ বছৰীয়া মালতী। দুৰ্ঘটনাত মালতীৰ ৪০ বছৰীয়া স্বামী পুষপেন্দ্ৰয়ো প্ৰাণ হেৰুৱায়।

নিহত তিনিওগৰাকী শ্ৰমিক মহোবাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত শ্ৰমিক দুজনৰ নাম মহোবাৰ শ্ৰীনগৰৰ ধীৰেন্দ্ৰ কুমাৰ (৩২ বছৰ) আৰু বুলন্দশহৰৰ উমেশ (৩৫ বছৰ) বুলি প্ৰকাশ পাইছে। গ্ৰেটাৰ নয়ডাৰ এগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, এই ঘটনাৰ বাবে ঠিকাদাৰক মুখ্য অভিযুক্ত হিচাপে আৰোপ কৰা হৈছে আৰু আৰক্ষীয়ে তেওঁক ইতিমধ্যে জিম্মাত লৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব