দত্তক লোৱা পুত্ৰৰ জঘন্য কাণ্ড! ৰুগীয়া ৮০ ৰো উৰ্ধৰ মাতৃক পেলাই থৈ গ’ল ৰাস্তাত, বিষত ছটফটাই সাৱতিলে মৃত্যুক…

কিমান নৃশংস হ'লে মানুহে নিজৰ পিতৃ-মাতৃক ৰাজপথত এৰি যাব পাৰে? শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য'ত দত্তক লোৱা পুত্ৰই ৰুগীয়া মাতৃক ৰাস্তাত এৰি থৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩ জনক গ্ৰেপ্তাৰ কৰিছে।

দত্তক লোৱা পুত্ৰৰ জঘন্য কাণ্ড! ৰুগীয়া ৮০ ৰো উৰ্ধৰ মাতৃক পেলাই থৈ গল ৰাস্তাত, বিষত ছটফটাই সাৱতিলে মৃত্যুক...

চিচিটিভি ফুটেজ

Updated On: 

31 Jul 2025 | 12:17 PM

বৰ্তমান সময় সলনি হৈছে। মানুহ নিষ্ঠুৰ হৈছে! কিন্তু কিমান নিষ্ঠুৰ হ’লে নিজ পিতৃ-মাতৃক ৰাস্তাৰ কাষত এৰি যাব পাৰে? শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত পুত্ৰ-বোৱাৰীয়ে ৰুগীয়া মাতৃক ৰাস্তাত পেলাই থৈ যায়। সমগ্ৰ নিশা বিষত ছটফটাই থকাৰ পাছত মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাৰ চিচিটিভি ফুটেজ সমগ্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যাত।

চিচিটিভি ফুটেজত পোহৰলৈ অহা অনুসৰি, দৰ্শন নগৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত এগৰাকী বৃদ্ধা মহিলাক দুগৰাকী মহিলা আৰু এজন যুৱকে ৰাস্তাৰ কাষত পেলাই থৈ যায়। ঘটনাৰ পাছতে আৰক্ষীয়ে তিনিওকে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে। ২৩ জুলাইত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, যুৱকজন আছিল মহিলাগৰাকীৰ পুত্ৰ আৰু মহিলাগৰাকীৰ এগৰাকী আছিল বোৱাৰী আৰু আনগৰাকী চুবুৰীয়া। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৮০ ৰো উৰ্ধৰ বৃদ্ধাগৰাকী। কিন্তু এনে অৱস্থাত পুত্ৰ-বোৱাৰীয়ে ৰাস্তাত বৃদ্ধাগৰাকীক এৰি থৈ যায়। যেতিয়া মহিলাগৰাকীয়ে বিষত কান্দি থাকে তেতিয়া ওচৰ-চুবুৰীয়াই দেখা পাই আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীয়ে মহিলাগাৰকীক হাস্পাতালত ভৰ্তি কৰাই যদিও তেওঁৰ মৃত্যু হয়।

নিহত মহিলাগৰাকীৰ নাম ভাগৱতী আৰু বোৱাৰীয়েকৰ নাম জয়া সিং।  আৰক্ষীৰ জিম্মাত বোৱাৰীয়েকে কয় যে, তেওঁৰ স্বামী তথা মহিলাগৰাকীৰ পুত্ৰ ৰাজু সিং এজন ড্ৰাগছ আসক্ত। ৰাজুক মহিলাগৰাকী আৰু স্বামীয়ে দত্তক লৈছিল। মহিলাগৰাকীয়ে ৩-৪ মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। কিন্তু ৰাজুয়ে কোনো কাম নকৰে, যাৰ বাবে চিকিৎসা কৰিব পৰা নাছিল। এনেবোৰ কাৰণতে চুবুৰীয়া এগৰাকী মহিলা আৰু স্বামীৰ সৈতে মিলি বৃদ্ধাগৰাকীক ৰাস্তাত থৈ আহে তেওঁলোকে।

এই সমগ্ৰ ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে ই-ৰিক্সাৰে আহি তিনিও বৃদ্ধাগৰাকীক মাটিত শুৱাই  দিছে। তাৰ পাছত চাদৰেৰে ঢাকি সেই স্থানত এৰি থৈ আহে। গোটেই ৰাতি বৃদ্ধাগৰাকী ৰাস্তাত বিষত ছটফটাই থাকে। পাছদিনা ওচৰ-চুবুৰীয়াই তেওঁক প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে।  লগে লগে সেই স্থানত আৰক্ষী উপস্থিত হৈ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰে।

মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত চিকিৎসাধীৱ অৱস্থাত মৃত্যু হয়। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে পুত্ৰ-বোৱাৰী আৰু চুবুৰীয়া মহিলাগৰাকীক জিম্মাত লৈছে। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে ই মানৱীয়তাৰ বিষয়টোৰ ওপৰতো প্ৰশ্নবোধক উত্থাপন কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ সম্পৰ্কত সমস্যা আহিছে নেকি? প্ৰেমানন্দ মহাৰাজে জনালে ইয়াৰ কাৰণ আৰু দূৰ কৰাৰ উপায়…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব