মানুহক হত্যা কৰাৰ ষড়যন্ত্ৰ! কাৰাগাৰৰ ভিতৰতে সন্ত্ৰাসবাদী চিকিৎসক চৈয়দক আক্ৰমণ অন্য কয়দীৰ
দিনে ৰাতিয়ে পঢ়া-শুনা কৰি মেডিকেল পাছ কৰি হৈ পৰিল সন্ত্ৰাসবাদী। দিল্লীৰ দৰে এক বৃহৎ ৰাসায়নিক আক্ৰমণৰ পৰিকল্পনা কৰিছিল এইজন চিকিৎসকে।

পেছাত এজন চিকিৎসক। হয়তো উদ্দেশ্য আছিল মানুহক সেৱা কৰাৰ। কিন্তু ইয়াৰ বিপৰীতে মানুহৰ প্ৰাণ লোৱাৰ কামত জড়িত হৈ পৰিল এই চিকিৎসকজন। দিনে ৰাতিয়ে পঢ়া-শুনা কৰি মেডিকেল উত্তীৰ্ণ হোৱাৰ পাছত হৈ পৰিল সন্ত্ৰাসবাদী। দিল্লীৰ দৰে এক বৃহৎ ৰাসায়নিক আক্ৰমণৰ পৰিকল্পনা কৰিছিল এইজন চিকিৎসকে।
তেওঁ হৈছে ডাঃ আহমেদ মহিউদ্দিন চৈয়দ। ইতিমধ্যে গুজৰাট এটিএছে গ্ৰেপ্তাৰ কৰিছে তেওঁক। দিল্লীৰ সৈতে তেওঁৰ সংযোগ থকা তথ্য লাভ কৰা গৈছে। কেৱল সেয়াই নহয়, খোৱাপানীত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই মানুহক হত্যাৰ পৰিকল্পনা কৰিছিল অভিযুক্তই। বৰ্তমান তেওঁৰ ঠিকনা কাৰাগাৰৰ বন্ধ কুঠৰী।
আচৰিত কথাটো হ’ল, এইবাৰ উত্থাপন হৈছে জেলত ডাঃ মহিউদ্দিনক আক্ৰমণৰ কৰাৰ অভিযোগ । খবৰ অনুসৰি, হত্যাকাণ্ডৰ দুজন অভিযুক্ত আৰু POCSO গোচৰত গ্ৰেপ্তাৰ হোৱা এজন অভিযুক্তই সন্ত্ৰাসবাদীটোক তীব্ৰ প্ৰহাৰ কৰে।
জেলৰ সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰেপ্তাৰাধীন সন্ত্ৰাসবাদীজনক হঠাৎ আক্ৰমণ কৰে তিনি অভিযুক্তই। কিয় ভাৰত তথা গুজৰাটৰ জনসাধাৰণক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল সন্ত্ৰাসবাদী চৈয়দে? সেইবাবেই তিনিওজনে চৈয়দক মাৰপিট কৰাৰ অভিযোগ।
এই ঘটনা সংঘটিত হোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীজনৰ প্ৰাণ ৰক্ষা কৰে। ইয়াৰ পিছতে চৈয়দক চিকিৎসালয়লৈ লৈ যোৱা হয়। এই আক্ৰমণৰ ফলত তেওঁৰ মূৰ আৰু চকুৰ তলত আঘাত পায়। চিকিৎসা প্ৰদানৰ পিছত সন্ত্ৰাসবাদীজনক পুনৰ জেললৈ অনা হয়।
ইতিমধ্যে এই ঘটনাৰ পাছতে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ৰায়পুৰ থানাত দাখিল কৰা হৈছে এফআইআৰ। অভিযুক্ত তিনিজনৰ নাম অনিল খুমান, শিৱম বাৰ্মা, অংকিত লোধী। খবৰ পোৱা গৈছে যে, তেওঁলোকেই ডাঃ মহিউদ্দিনক মাৰপিট কৰিছিল।
প্ৰসংগক্ৰমে, মহিউদ্দিনে এৰা গছৰ পৰা বিষাক্ত ৰেজিন সংগ্ৰহৰ কাম কৰি আছে। দিল্লীৰ আজাদপুৰ ফলৰ বজাৰৰ পৰা আহমেদাবাদৰ ফলৰ বজাৰলৈকে তেওঁ গোপনে কাম কৰিছিল। মহিউদ্দিন আৰু আন তিনিজনে বৃহৎ ৰাসায়নিক আক্ৰমণৰ পৰিকল্পনা কৰিছিল। কিন্তু পৰিকল্পনা কাৰ্যকৰী হোৱাৰ আগতেই গুজৰাট আৰক্ষীৰ এ টি এছৰ হাতত ধৰা পৰে উগ্ৰপন্থী তিনিওজন।