শোকাৱহ দুৰ্ঘটনা! স্কুটাৰত খুন্দা তীব্ৰবেগী ট্ৰাকৰঃ কিশোৰীসহ এটা পৰিয়ালৰ তিনিজনৰ মৃত্যু
এক শোকাৱহ পথ দুৰ্ঘটনাই চকু সেমেকাই তুলি সকলোৰে। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে সন্তানসহ এহাল দম্পতীয়ে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে পশ্চিম বংগত। পৰিয়ালটোৱে নিজা স্কুটাৰত যাত্ৰা কৰি থকাৰ সময়তে এখন দ্ৰুতবেগী ট্ৰাকে স্কুটাৰখনৰ পিছফালে খুন্দা মাৰে আৰু ইয়াৰ ফলত আটাইকেইজনৰে মৃত্যু ঘটে।

প্ৰতিনিধিত্বমূলক ছবি
এক শোকাৱহ পথ দুৰ্ঘটনাই চকু সেমেকাই তুলি সকলোৰে। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে সন্তানসহ এহাল দম্পতীয়ে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে পশ্চিম বংগত। নিজা স্কুটাৰত যাত্ৰা কৰি আছিল তিনিজনীয়া পৰিয়ালটো। সেই সময়তে স্কুটাৰখনৰ পিছফালে খুন্দা মাৰে এখন ট্ৰাকে। দ্ৰুতবেগী ট্ৰাকখনৰ খুন্দাত স্কুটী আৰোহী পৰিয়ালটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত লোককেইজনক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁলোকৰ প্ৰাণৰক্ষা সম্ভৱ নহ’ল আৰু আটাইকেইজনৰে মৃত্যু ঘটে।
দেওবাৰে নিশা বেলঘৰিয়া এক্সপ্ৰেছৱে’ত বিমানবন্দৰৰ তিনি নম্বৰ গেটৰ সন্মুখত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন। জানিব পৰা মতে, আজি সন্ধিয়া বেলঘৰিয়া এক্সপ্ৰেছৱে’ত স্কুটিৰে গৈ আছিল এহাল দম্পতী আৰু তেওঁলোকৰ ১৪ বছৰীয়া কন্যা। প্ৰত্যক্ষদৰ্শীৰ মতে, স্কুটিখনত থকা তিনিজন লোকে ফ্লাই অভাৰৰ দিশে চাৰ্ভিচ ৰোড পাৰ হৈ আহিছিল।
সেই সময়তে দক্ষিণেশ্বৰৰ দিশৰ পৰা এখন ট্ৰাক আহি তীব্ৰ খুন্দা মাৰে স্কুটাৰখনত। ট্ৰাকখনৰ খুন্দাত স্কুটাৰৰ পৰা বাগৰি পৰে দম্পতীহাল আৰু তেওঁলোকৰ কন্যা। এই ভয়ংকৰ দুৰ্ঘটনাৰ লগে লগে স্থানীয় বহু লোক ঘটনাস্থলীৰ কাষ চাপি আহে। স্থানীয় লোকসকলে তিনিওজন আহত লোকক তাৎক্ষণিকভাৱে বৰাছাট ৰাজ্যিক সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছে চিকিৎসকে তিনিওজন লোকক মৃত ঘোষণা কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত লোককেইজনক জয়দীপ দাসগুপ্ত (৫১), নিপা দাসগুপ্ত (৪১) আৰু সৃজনী দাসগুপ্ত (১৪) বুলি চিনাক্ত কৰা হৈছে। নিহত জয়দীপ দাসগুপ্ত পেছাত শিক্ষক আছিল বুলি জানিব পৰা গৈছে। দুৰ্গনগৰৰ এটা ভাড়াঘৰত পৰিয়ালটোৱে বাস কৰিছিল। ইফালে ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে।
ট্ৰাকখনৰ চালকজনে মদ্যপান কৰি আহিছিল বুলি সন্দেহ কৰা হৈছে যদিও তদন্ততহে এই বিষয়ে নিশ্চিত হ’ব পৰা যাব পৰা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। ইফালে দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। বিমানবন্দৰলৈ যাতায়ত ব্যাহত হৈ পৰে। অৱশ্যে যান-বাহন আৰক্ষীত তৎপৰতাত শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হৈ পৰে। একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সকলোকে।