৩০ ঘন্টা ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ ৮ শ্ৰমিক, চাৰিওফাল ভৰি পৰিছে পানী আৰু বোকাৰে

এক ভয়ংকৰ ঘটনা। ৩০ ঘন্টা ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে প্ৰায় ৮জনকৈ শ্ৰমিক। এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সেনা, এন ডি আৰ এফ আদিয়ে অহৰহ চেষ্টা চলাই আছে যদিও এতিয়ালৈকে সফল হোৱা নাই।

৩০ ঘন্টা ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ ৮ শ্ৰমিক, চাৰিওফাল ভৰি পৰিছে পানী আৰু বোকাৰে

তেলেংগানা

Published: 

23 Feb 2025 | 06:16 PM

উমৰাংছ’ৰ কয়লা খনিৰ ভয়ংকৰ ঘটনাৰ কথা মনত আছেনে? য’ত একাংশ শ্ৰমিক কয়লাখনিৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল আৰু  পাছত মৃত্যুমুখত পৰিছিল । ঘটনাৰ প্ৰায় ৪০ দিন পাছত উদ্ধাৰ হৈছিল কেইবাজন শ্ৰমিকৰ উৱলি যোৱা মৃতদেহ। এই ঘটনাৰ দৰে মৰ্মান্তিক অন্য এক ঘটনা পুনৰ  পোহৰলৈ আহিছে। এইবাৰ সুৰংগৰ ভিতৰত আৱদ্ধ হৈ পৰিছে ৮ জনকৈ শ্ৰমিক। এই ঘটনা সংঘটিত হৈছে তেলেংগানাত।

জানিব পৰা মতে, তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম লেফ্ট বেংক কৈনাল (এছ এল বি চি) সুৰংগৰ নিৰ্মাণাধীন এলেকাত ছাদৰ এটা অংশ ভাঙি পৰে। যাৰ ফলত কমেও ৮ জন শ্ৰমিক আৱদ্ধ হৈ পৰে। শনিবাৰৰ পৰা আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে এন ডি আৰ এফে অভিযান চলাই আছে যদিও সফল হোৱা নাই। এন ডি আৰ এফৰ ডেপুটি কমাণ্ডাৰ সুখেন্দুয়ে কয় যে, শনিবাৰে নিশা প্ৰায় ১০ বজাত আমি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লও আৰু পাছত সুৰংগৰ ভিতৰত প্ৰৱেশ কৰছিলো।

তেওঁ কয়,  প্ৰায় ১৩ কিলোমিটাৰ দীঘল সুৰংগটোৰ ১১ কিলোমিটাৰ আমি মেচিনেৰে অতিক্ৰম কৰিছিলো। বাকী ২ কিলোমিটাৰ কনভেয়ৰ বেল্টৰে সম্পূৰ্ণ কৰিছো। আমি টি এম ভি (টানেল ব’ৰিং মেচিন)ৰ শেষত উপনীত হৈ শ্ৰমিকসকলক যোগাযোগ কৰাৰ চেষ্টা কৰিছিলো, কিন্তু আমি তেওঁলোকক বিচাৰি নাপালো। তাৰ আগত পানী আৰু ধ্বংসাৱশেষ আছে। গতিকে সেই সমূহ আঁতৰ নকৰালৈকে আগবাঢ়িব পৰা নাযাব বুলি তেওঁ কয়।

 

ধ্বংসাৱশেষ আঁতৰৰ পাছত জানিব পৰা যাব

তেওঁ কয় যে, সুৰংগটোৰ প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ এটা অংশ ধ্বংসাৱশেষেৰে ভৰি আছে। যেতিয়ালৈকে এই ধ্বংসাৱশেষ আঁতৰ কৰা নাযায় তেতিয়ালৈকে শ্ৰমিকসকলৰ অৱস্থান জানিব পৰা নাযাব। ইয়াৰোপৰি সুৰংগটোৰ ১১-১৩ কিলোমিটাৰৰ ভিতৰৰ অঞ্চল পানীৰে ভৰি আছে। যেতিয়ালৈকে এই পানী বাহিৰ কৰা নহয় তেতিয়ালৈকে ধ্বংসাৱশেষ আঁতৰ কৰাৰ কাম আৰম্ভ কৰিব পৰা নাযাব।

তেওঁ লগতে কয় যে, সুৰংগটোত প্ৰৱেশ কৰিবলৈ প্ৰায় ১ ঘন্টা সময় লাগে। নিশা আমি প্ৰায় ২ বজাৰ ভিতৰত উভতি আহিছিলো। শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু তাৰ বাবে ৪ টাকৈ দল গঠন কৰা হৈছে। এই গোটেই ঠাইখিনি এতিয়া পানী আৰু বোকাৰে ভৰি আছে যাৰ বাবে শ্ৰমিকসকলৰ অৱস্থান জানিব পৰা নাই। উল্লেখ্য যে, শনিবাৰে এই শ্ৰমিকসকল সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল। ৩০ ঘন্টা ধৰি সেনা, নৌসেনা আৰু এন ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে কোনো সুফল লাভ কৰা নাই।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...