Vijay Rally Stampede: তামিলনাডুৰ শোকাৱহ ঘটনাত নিহতৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি, ৫১ জন ICU ত চিকিৎসাধীন, ক্ষতিপূৰণ ঘোষণা…

এই ঘটনাত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৫১ জন লোকক আই চি ইউত চিকিৎসাধীন হৈ আছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।

Vijay Rally Stampede: তামিলনাডুৰ শোকাৱহ ঘটনাত নিহতৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি, ৫১ জন ICU ত চিকিৎসাধীন, ক্ষতিপূৰণ ঘোষণা...
Updated On: 

28 Sep 2025 | 10:53 AM

শনিবাৰে সন্ধিয়া তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰী ষ্টেলিনৰ তথ্য অনুসৰি, এই ঘটনাত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৫১ জন লোকক আই চি ইউত চিকিৎসাধীন হৈ আছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। ইফালে, অঘটন সংঘটিত হোৱাৰ লগে লগে নিশা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। ক্ষতিপূৰণৰ কথাও ঘোষণা কৰে।

ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ষ্টেলিনে চিকিৎসালয়খন পৰিদৰ্শন কৰি মৃতকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু আহতসকলক সাক্ষাৎ কৰে। তেওঁ কয়, “এই সমগ্ৰ দুৰ্ঘটনাত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু হৈছে। আমাৰ ৰাজ্যৰ ইতিহাসত কেতিয়াও কোনো ৰাজনৈতিক দলে আয়োজন কৰা অনুষ্ঠানত ইমান বৃহৎ সংখ্যক লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাছিল। ভৱিষ্যতে এনে ট্ৰেজেডী কেতিয়াও হ’ব নালাগে।”

ক্ষতিপূৰণ ঘোষণা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ষ্টেলিনে কয় যে, বৰ্তমান ৫১ জন লোকক আই চি ইউত ভৰ্তি কৰা হৈছে য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে। তেওঁ কয়, “যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছো।” মুখ্যমন্ত্ৰীগৰাকীয়ে মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু আহতসকলক ১ লাখ টকা ক্ষতিপূৰণ দিয়া কথা ঘোষণা কৰিছে। লগতে তেওঁ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰিছে, যিয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব।

কেনেকৈ হ’ল সমগ্ৰ ঘটনাটো?

প্ৰত্যক্ষদৰ্শীৰ মতে, বিজয়ৰ ৰেলী আনকি আৰম্ভ হোৱাৰ আগতেই এক বৃহৎ জনসমাগম হৈছিল। ইয়াৰ পিছতো কেইবা ঘণ্টা পলম হোৱাৰ পিছতো বিজয় নিজেই ৰেলীত ভাষণ দিবলৈ উপস্থিত হয়। এই সময়ছোৱাত মানুহে মঞ্চৰ কাষ চাপিবলৈ ধৰিলে। তদুপৰি মানুহৰ উশাহ-নিশাহ লোৱাত অসুবিধা হ’বলৈ ধৰিলে।

এই সময়ছোৱাত বহু লোক অজ্ঞান হৈ পৰে, যাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়। বিজয়ৰ সমাৱেশত ৩০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি প্ৰশাসনে আশা কৰিছিল যদিও আশা কৰাতকৈও অধিক সংখ্য লোক সমবেত হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰিল।

খবৰ অনুসৰি, এই সমাৱেশত ১০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছিল যদিও প্ৰায় ২৭ হাজাৰ লোকে সমবেত হৈছিল। সমগ্ৰ অনুষ্ঠানটোৰ বাবে ৫০০ৰো অধিক আৰক্ষী বিষয়া নিয়োগ কৰা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব